গুৱাহাটী
শেহতীয়াকৈ ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে স্থাপন কৰা হৈছে ৰাজহুৱা চার্জিং ষ্টেচন।
অলপতে এই খণ্ডটোৰ সৈতে জড়িত সংস্থা জে এম কে ৰিছার্চ এণ্ড এনালিটিকছে প্রকাশ কৰা তথ্য অনুসৰি ভাৰতত ২০২৫ চনৰ মার্চ মাহলৈকে স্থাপন কৰা হৈছে ২৬,৩৬৭ টা ৰাজহুৱা চার্জিং ষ্টেচন।
দেশৰ ভিতৰতে সর্বাধিক ২২.৩০ শতাংশ চার্জি ষ্টেচন স্থাপন কৰা হৈছে কর্ণাটকত। দ্বিতীয় স্থানত থকা মহাৰাষ্ট্ৰত ১৪.৫৭ শতাংশ, উত্তৰ প্ৰদেশত ৮.০১ শতাংশ, তামিলনাডুত ৫.৬৭ শতাংশ আৰু দিল্লীত ৭.৪০ শতাংশ ষ্টেচন স্থাপন কৰা হৈছে।
তথ্যত প্রকাশ পোৱা মতে, কর্ণাটকত সর্বাধিক ৫,৮৭৯ টা, মহাৰাষ্ট্ৰত ৩,৮৪২ টা, উত্তৰ প্ৰদেশত ২,১১৩ টা, দিল্লীত ১,৯৫১টা আৰু তামিলনাডুত ১,৪৯৫টা চার্জিং ষ্টেচন স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক চার্জিং ষ্টেচন স্থাপন কৰা হৈছে অসমত।
সমীক্ষাত প্রকাশ পোৱা মতে এতিয়ালৈকে অসমত ৩১১টা চার্জিং ষ্টেচন স্থাপন কৰাৰ বিপৰীতে ত্ৰিপুৰাত ৫৪টা, মণিপুৰত ৫০টা, অৰুণাচল প্রদেশত ৪৪টা, মেঘালয়ত ৪৩টা, নাগালেণ্ডত ৩৮টা আৰু ছিকিমত ১১টা ষ্টেচন স্থাপন কৰা হৈছে। আগন্তুক পাঁচ বছৰত এই সংখ্যা দুগুণলৈ বৃদ্ধি পাব বুলি সমীক্ষাটোত প্রকাশ।
ইফালে বৈদ্যুতিক বাহনৰ বিক্ৰী বৃদ্ধি কৰাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহে গ্রহণ কৰা আঁচনিৰ অধীনতে সর্বাধিক তিনিচকীয়া বৈদ্যুতিক বাহনৰ বিক্রী ক্রমান্বয়ে বৃদ্ধি পাব ধৰিছে।