কোৰাণৰ মতে এজন মানুহক হত্যা কৰাটো মানৱতাক হত্যা কৰাৰ দৰেঃ পহলগাম আক্ৰমণক গৰিহণা শ্বাহী ইমাম বুখাৰীৰ

Story by  atv | Posted by  [email protected] • 9 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ঐতিহাসিক জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে সমগ্ৰ দেশক শোকস্তব্ধ কৰা পহলগাম হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰিছে। দিল্লীৰ জামা মছজিদত আজি শুকুৰবাৰৰ জুম্মা নামাজৰ সময়ত বুখাৰীয়ে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে এয়া কেৱল সন্ত্ৰাসবাদী আক্ৰমণ নহয়, সমগ্ৰ মানৱ জাতিৰ ওপৰত আক্ৰমণ।
 
শ্বাহী ইমাম আহমেদ বুখাৰীয়ে তেওঁৰ খুতবা (ধৰ্মধ্বনি)ত কয়, "পবিত্ৰ কোৰানত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এজন ব্যক্তিক হত্যা কৰাটো সমগ্ৰ মানৱজাতিক হত্যা কৰাৰ দৰেই আৰু এজন ব্যক্তিক ৰক্ষা কৰাটো সমগ্ৰ মানৱজাতিক ৰক্ষা কৰাৰ দৰেই। কোনো নিৰীহ ব্যক্তিক হত্যা কৰাটো ইছলামত মানি ল’ব নোৱাৰি আৰু ইয়াক আল্লাহৰ ক্ৰোধৰ কাৰণ বুলি গণ্য কৰা হয়।"
 
শ্বাহী ইমামে কয়, “আমি বুজিব লাগিব যে সন্ত্ৰাসবাদ যিয়েই নহওক কিয়, ধৰ্ম বা সমাজৰ বাবে কেতিয়াও লাভজনক হ’ব নোৱাৰে। এয়া সম্পূৰ্ণ অইছলামিক। সন্ত্ৰাসবাদীয়ে পালন কৰা ধৰ্ম ইছলামৰ প্ৰকৃত শিক্ষাৰ অনুকূল হ'ব নোৱাৰে। মুছলমান বুলি দাবী কৰা এই সন্ত্ৰাসবাদীসকলে ইছলামৰ নীতিক প্ৰত্যাখান কৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোকে কেনেধৰণৰ ইছলাম শিকিছে।"
 
তেওঁ লগতে কয় যে এই আক্ৰমণত নিহত হোৱা লোকসকল কেৱল মুছলমানৰদ্বাৰা হত্যাৰ বলি হোৱাই নহয়, ই সমগ্ৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ। ইমাম বুখাৰীয়ে পহলগামত হোৱা হত্যাকাণ্ডক “অমানৱীয়” আৰু “নিষ্ঠুৰ” বুলি অভিহিত কৰি কয় যে এই ঘটনাই কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ সংবেদনশীলতাক আঘাত কৰিছে। সন্ত্ৰাসবাদে কেতিয়াও কোনো ধৰ্ম, সমাজ বা জাতিৰ স্বাৰ্থৰ সেৱা কৰিব নোৱাৰে আৰু কোনো কাৰণতে ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। সন্ত্ৰাসবাদক কোনো ৰূপতে মানি ল'ব নোৱাৰি। ই আমাৰ সমাজৰ একতা-সংস্কৃতি ধ্বংস কৰাৰ প্ৰয়াস।
 
শ্বাহী ইমামৰ লিখিত বিবৃতি
 
শ্বাহী ইমামগৰাকীয়ে তেওঁৰ ধৰ্মধ্বনিত কয়, "দেশত যিকোনো ধৰণৰ ধৰ্মীয় ঘৃণা বা বিভাজনৰ পৰিৱৰ্তে ঐক্য প্ৰকাশ কৰাৰ সময় এয়া। এই সময়ত আমি সকলোৱে একত্ৰিত হৈ দেশৰ অখণ্ডতা আৰু সন্মান ৰক্ষা কৰা উচিত। আমি নিশ্চিত কৰিব লাগিব যে আমি ভাৰতৰ চহকী সংস্কৃতি আৰু বৈচিত্ৰ্য সদায় সংৰক্ষণ কৰি ৰাখোঁ।"
 
ঐতিহাসিক জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে কয় যে ভাৰতীয় পৰম্পৰাত সমতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ মূল্যবোধ আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি সেইবোৰ ৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগিব। আমাৰ দেশৰ মৰ্যাদা আৰু সন্মান ৰক্ষাৰ বাবে আমি একত্ৰিত হোৱাৰ সময় আহি পৰিছে।
ইমাম বুখাৰীয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰা হিংসা আৰু যুদ্ধক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, ‘মানৱতা আজি সংঘাত, ৰক্তপাত আৰু অত্যাচাৰৰ সংকটৰ সন্মুখীন হৈছে। শেহতীয়াকৈ কোভিড-১৯ৰ দৰে মহামাৰীয়ে সমগ্ৰ বিশ্ব কঁপাইছিল, লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি লৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি ইয়াৰ পৰা কোনো শিক্ষা লাভ নকৰিলো। এতিয়া আকৌ এবাৰ পৃথিৱীত সংঘাত আৰু হিংসাৰ সময় আৰম্ভ হৈছে।"
 
তেওঁ লগতে কয় যে আজিৰ সময়ত ধৰ্মীয় ঘৃণা, সাম্প্ৰদায়িকতা আৰু সম্প্ৰদায়ৰ মাজত বিশ্বাসৰ সংকট বৃদ্ধি পাইছে। আমাৰ দেশত ধৰ্মীয় আৰু সামাজিক মেৰুকৰণৰ ধাৰা বৃদ্ধি পাইছে, যিটো চিন্তাৰ বিষয়।’
 
ধৰ্মধ্বনিৰ সামৰণিত শ্বাহী ইমাম গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু ভগৱানে এই ক্ষতি সহ্য কৰিব পৰাকৈ তেওঁলোকক শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। "আমি সকলোৱে কামনা কৰোঁ যে আমি এনে দুখজনক আৰু কৰুণ কাণ্ডৰ পৰা আঁতৰি থাকিব পাৰো আৰু সমগ্ৰ বিশ্বতে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ বিৰাজ কৰে।"-তেওঁ কয়। 
 
উল্লেখ্য যে, পহলগামত সন্ত্ৰাসবাদীৰ হাতত নিৰীহ পৰ্যটকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ দেশতে শোক আৰু ক্ষোভৰ জোৱাৰৰ সৃষ্টি কৰিছে। শ্বাহী ইমামে সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি ইছলাম আৰু মানৱতাৰ বিৰুদ্ধে সন্ত্ৰাসবাদ এক অপৰাধ বুলি অভিহিত কৰিছে। লগতে তেওঁ কয় যে এই সময়ত আমি সকলোৱে একত্ৰিত হৈ আমাৰ দেশৰ অখণ্ডতা আৰু সন্মান ৰক্ষা কৰিব লাগে।