পাকিস্তানে সন্ত্ৰাসবাদী হাফিজ ছাইদ, ছাজিদ মিৰ আৰু জাকিউৰ ৰেহমান লখৱীক ভাৰতক গতাই দিব লাগে: ভাৰতৰ ৰাষ্ট্ৰদূত

Story by  atv | Posted by  Munni Begum • 9 h ago
ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙ
ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙ
 
জেৰুজালেম
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট গঠন কৰিবলৈ আহ্বান জনাইছে ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে। তেওঁ জোৰ দি লগতে কয় যে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেচন সেন্দুৰ স্থগিত ৰখা হৈছে। তেওঁ লগতে কয় যে, ইছলামবাদে মূল সন্ত্ৰাসবাদী হাফিজ ছাইদ, ছাজিদ মিৰ আৰু জাকিউৰ ৰেহমান লখৱীক ভাৰতক গতাই দিব লাগে, ঠিক তেনেদৰে যিদৰে আমেৰিকাই ২৬/১১ মুম্বাই মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ৰাণাৰ সৈতে কৰিছিল। 
 
সোমবাৰে ইজৰাইলৰ টিভি চেনেল i24ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতৰ আক্ৰমণৰ আগৰ কাণ্ডসমূহৰ কথা বৰ্ণনা কৰি সিঙে কয় যে, এই অভিযান প্ৰথম অৱস্থাত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে কৰা হৈছিল। সন্ত্ৰাসবাদীয়ে নিজৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি মানুহক হত্যা কৰিছিল। হত্যা কৰাৰ পূৰ্বে তেওঁলোকে মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু ২৬ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ উদ্ধৃতি দি ভাৰতীয় ৰাষ্ট্ৰদূতে কয় যে, এই আক্ৰমণত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল।   
 
ভাৰতৰ অপাৰেচন সেন্দুৰ' অভিযান সন্ত্ৰাসবাদী সংগঠন আৰু ইয়াৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে আছিল, যাৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানে ভাৰতৰ সামৰিক স্থাপনসমূহ আক্ৰমণ কৰিছিল। যুদ্ধবিৰতি চলি আছে নেকি আৰু  ভাৰতৰ বাবে ‘বিষয়ৰ অন্ত’ নেকি বুলি সোধাত সিঙে উত্তৰ দি কয় যে, যুদ্ধবিৰতি এতিয়াও অব্যাহত আছে, কিন্তু আমি অতি স্পষ্ট কৰি দিছো যে, অপাৰেচন সেন্দুৰ স্থগিত ৰখা হৈছে ই এতিয়াও শেষ হোৱা নাই। 
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। আমি এটা নতুন স্বাভাৱিক নিৰ্ধাৰণ কৰিছো আৰু  এইটো হ'ল আমি আক্ৰমণাত্মক কৌশল অনুসৰণ কৰিম। সন্ত্ৰাসবাদী য'তেই নাথাকক কিয় আমি সেই সন্ত্ৰাসবাদীক হত্যা কৰিব লাগিব আৰু তেওঁলোকৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব। গতিকে এইয়া এতিয়াও শেষ হোৱা নাই, যদিও যুদ্ধবিৰতি এতিয়াও অক্ষত আছে বুলি তেওঁ দৃঢ়তাৰে কয়।
 
১০ মে’ৰ পুৱা নুৰ খান ঘাটিত ভাৰতৰ আক্ৰমণক গেম চেঞ্জাৰ বুলি অভিহিত কৰি সিঙে কয় যে, ইয়াৰ ফলত পাকিস্তানত আতংকৰ সৃষ্টি হৈছিল আৰু তেওঁলোকৰ ডিজিএমঅ’ই যুদ্ধবিৰতি বিচাৰি তেওঁলোকৰ ভাৰতীয় সমকক্ষৰ ওচৰলৈ হাত আগবঢ়াইছিল। 
 
পাকিস্তানে যুদ্ধৰ কাৰ্য্য বুলি অভিহিত কৰা সিন্ধু জল সন্ধি (IWT) স্থগিত ৰখাৰ প্ৰশ্নত ভাৰতীয় দূতে কয় যে, সন্ধিটোক পথ প্ৰদৰ্শন কৰা মূল শব্দ দুটাক কেতিয়াও সন্মান কৰা হোৱা নাছিল আৰু ইয়াৰ বিপৰীতে ভাৰতে সদায় পাকিস্তানৰ পৰা নিৰ্গত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে যুঁজি আছে। 
 
১৯৬০ চনত আই ডব্লিউ টি স্বাক্ষৰিত হৈছিল আৰু সন্ধিৰ প্ৰস্তাৱনাত দুটা মূল শব্দ অন্তৰ্ভুক্ত কৰা হৈছে -  যি হৈছে সদিচ্ছা আৰু বন্ধুত্ব। যোৱা ইমান বছৰত আমি যি দেখিছো (এইটোৱেই যে) আমি পানী বৈ যাবলৈ দি আছিলো আৰু পাকিস্তানে কি কৰি আছিল - তেওঁলোকে ভাৰতীয় পক্ষত সন্ত্ৰাস (আক্ৰমণ) আহিবলৈ দি আছিল। এনেকৈ চলিব নোৱাৰে বুলি মানুহৰ মাজত হতাশাৰ সৃষ্টি হৈছিল। আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে আৰু সেইবাবেই আমি এই আই ডব্লিউ টি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো বুলিও তেওঁ লগতে কয়। 
 
পাকিস্তানৰ পৰা উৎপত্তি হোৱা ভাৰতত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ এখন দীঘলীয়া তালিকাৰ উদ্ধৃতি দি সিঙে কয় যে, ইয়াৰ মূল কাৰণ হৈছে এই দুটা গোট জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা। মুম্বাই আক্ৰমণৰ আঁৰত থকা লস্কৰ-ই-টাইবাৰ নেতাসকলে মুক্তভাৱে ঘূৰি ফুৰিছে বুলি তেওঁ কয়। 
 
তেওঁ কয় যে, পাকিস্তানে এটা অতি সহজ কাম কৰিব লাগিব যেতিয়া প্ৰস্তাৱনাত সদিচ্ছা আৰু বন্ধুত্ব অন্তৰ্ভুক্ত কৰা হয় তেওঁলোকে মাত্ৰ এই সন্ত্ৰাসবাদীসকলক আমাৰ হাতত গতাই দিব লাগিব। শেহতীয়াকৈ আমেৰিকাই মুম্বাই আক্ৰমণৰ সৈতে জড়িত তাহাউৰ হুছেইন ৰানাক প্ৰত্যাৰ্পণ কৰা বুলি আঙুলিয়াই দি কূটনীতিবিদগৰাকীয়ে কয় যে, যিজনে পূৰ্বেও পাকিস্তানত সেৱা আগবঢ়াই আহিছে, ইছলামবাদেও একে কাম কৰিব পাৰে। যেতিয়া আমেৰিকাই এই দোষীক গতাই দিব পাৰে পাকিস্তানে কিয় গতাই দিব নোৱাৰে? তেওঁলোকে কেৱল হাফিজ ছাইদ, লখৱী, চাজিদ মিৰক গতাই দিব লাগিব আৰু তেতিয়াই কথাবোৰ শেষ হ’ব ।
 
পাহালগাম আক্ৰমণৰ তদন্তৰ বাবে পাকিস্তানে আগবঢ়োৱা প্ৰস্তাৱৰ কথা উল্লেখ কৰি সিঙে ইয়াক বিচ্যুতিৰ কৌশল বুলি অভিহিত কৰি খাৰিজ কৰিছে। মুম্বাই আক্ৰমণৰ কি হৈছে? পাঠানকোট বিমান ঘাটি আক্ৰমণৰ কি হৈছে? পুলৱামা আক্ৰমণৰ কি হৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী লখৱীয়ে এতিয়াও মুক্তভাৱে ঘূৰি ফুৰিছে। লস্কৰ-ই-তৈবাৰ পৰিকল্পনাকাৰী আৰু মুম্বাই আক্ৰমণৰ জল্লাদৰ মুৰব্বী হাফিজ ছাইদে মুক্তভাৱে ঘূৰি ফুৰিছে। গতিকে আমি বিশ্বাস কৰিব নোৱাৰো বুলিও সিঙে কয়।
 
সন্ত্ৰাসবাদক বিশ্বব্যাপী ভাবুকি বুলি দাবী কৰি ভাৰতীয় দূতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেশসমূহৰ মাজত অধিক সহযোগিতাৰ আহ্বান জনায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত ইজৰাইলকে ধৰি আন বহু দেশকে ধৰি যিবোৰ দেশে সন্ত্ৰাসবাদৰ বোজাৰ সন্মুখীন হৈছে আমি আমাৰ কূটনৈতিক প্ৰসাৰ সম্প্ৰসাৰণ কৰিব লাগিব, আমি সহযোগিতা কৰিব লাগিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল  এই সন্ত্ৰাসবাদী গোটসমূহৰ সমৰ্থকসকলৰ বিৰুদ্ধে আমি মিত্ৰজোঁট গঠন কৰিব লাগিব।