মেৱাটৰ দুগৰাকী হাফিজা ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি আদৰ্শ দাঙি ধৰিলে

Story by  atv | Posted by  [email protected] • 9 h ago
হাফিজা ছাত্ৰী সমৰীণ খানাম আৰু সদিয়া খাতুন
হাফিজা ছাত্ৰী সমৰীণ খানাম আৰু সদিয়া খাতুন
 
ইউনুছ আলৱী / নুহ (হাৰিয়ানা)
 
হাৰিয়ানাৰ মেৱাট অঞ্চলৰ এখন ঐতিহাসিক গাওঁ গান্ধী গ্ৰাম ঘাছেৰাৰ পৰা এক প্ৰেৰণাদায়ক কাহিনীৰ উন্মেষ ঘটিছে। যিয়ে ধৰ্মীয় আৰু আধুনিক শিক্ষাৰ দুয়োটা মাত্ৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাই নহয়, বৰং ই সমাজত প্ৰচলিত বহু পক্ষপাতিত্বকো ওফৰাই পেলাইছে। এই ঠাইৰ দুগৰাকী হাফিজা ছাত্ৰী সমৰীণ খানাম আৰু সদিয়া খাতুনে হাৰিয়ানা ব'ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত মেৰিটত স্থান লাভ কৰি ইয়াকে প্ৰমান কৰিছে যে, ধৰ্মীয় আৰু আধুনিক শিক্ষা দুয়োটাই একেলগে আগবঢ়াই নিব পাৰি।
 
সমৰীণ খানামে ৮১% নম্বৰ লাভ কৰি নিজৰ বিদ্যালয়ত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে সদিয়া খাতুনে ৮০% নম্বৰ লাভ কৰি বিদ্যালয়ৰ দ্বিতীয় টপাৰ হয়। এই দুয়োগৰাকী ছাত্ৰীয়ে হাফিজা-ই-কোৰাণ, অৰ্থাৎ তেওঁলোকে পবিত্ৰ কোৰাণ সম্পূৰ্ণৰূপে মুখস্থ কৰিছে। অনুশাসনৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আৰু দ্বৈত শিক্ষা ব্যৱস্থাত উৎকৃষ্ট প্ৰদৰ্শনে সমগ্ৰ মেৱাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
পাৰিবাৰিক পটভূমি: ধৰ্মীয় আৰু সমাজসেৱা
 
সমৰীণৰ পিতৃ খালিদ মেৱাটি এজন সচেতন সমাজকৰ্মী ব্যক্তি হয়। তেওঁ গাঁৱৰ যুৱক-যুৱতীসকলক শিক্ষাৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। আনহাতে সাদিয়াৰ পিতৃ মৌলানা মহম্মদ জাহিদ আমিনি ঘাছেৰাৰ বিখ্যাত শ্বাহী জামা মছজিদৰ ইমাম আৰু খাতিব হয়। দুয়োটা পৰিয়ালতে শিক্ষা, সংস্কৃতি আৰু সেৱাৰ পৰিবেশ বিৰাজমান। যিয়ে এই ছোৱালীকেইজনীক আগবাঢ়ি যোৱাৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰিছে।
 
বিদ্যালয়ৰ অৱস্থা আৰু শিক্ষকৰ অৱদান
 
এইবাৰ ঘাছেৰাৰ চৰকাৰী বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মুঠ ৮০ গৰাকী কন্যা ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৭৮ গৰাকী কন্যা ছাত্ৰীয়ে উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ বিজ্ঞান বিষয়ৰ শিক্ষক বিনোদ কুমাৰে কয় যে, এইবাৰ প্ৰথম বিভাগত ৩১ গৰাকী, দ্বিতীয় বিভাগত ২৯ গৰাকী, তৃতীয় বিভাগত ১৮ গৰাকীয়ে উত্তীৰ্ণ হৈছে। সমৰীণ আৰু সদিয়াৰ এই ঐতিহাসিক সফলতাই বিদ্যালয়খনৰ সুনাম বৃদ্ধি কৰাই নহয়, আন ছাত্ৰ-ছাত্ৰীকো অনুপ্ৰাণিত কৰিছে।
 
বিদ্যালয়খনৰ অধ্যক্ষ সবিতা কৌশিকৰ লগতে শিক্ষক বিনোদ কুমাৰ, মাষ্টৰ ফাৰুক, আবিদা মেম, ৰশ্মী, লীলা দেৱী, শ্বাহনাজ আৰু মঞ্জিত মেম আদিৰ অৱদান বিশেষভাৱে শলাগ লোৱা হয়। যিসকলে এই ছোৱালীসকলৰ আত্মবিশ্বাস অটুট কৰি ৰাখিছিল আৰু তেওঁলোকৰ প্ৰতিভা বৃদ্ধিত অৰিহণা যোগাইছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সামাজিক পৰ্যায়ত প্ৰশংসা আৰু সন্মান
 
এই সাফল্যক কেৱল গাঁওখনৰ বহু সন্মানীয় লোকে শলাগ লোৱাই নহয়, ইয়াক ঘাছেৰা আৰু সমগ্ৰ মেৱাটৰ বাবে প্ৰেৰণা বুলিও অভিহিত কৰা হৈছে। মৌলানা শ্বেৰ মহম্মদ আমিনি, মুফতি লুকমান কাছমী, মৌলানা নূৰুদ্দিন কাছমী, সৰ্পঞ্চ ইমৰাণ খান, প্ৰাক্তন সৰপঞ্চ আশ্ৰফ আলী, প্ৰাক্তন কাউন্সিলাৰ ৱালী মহম্মদ, বি এছ সদস্য জাক্ৰা ভাই, পঞ্চ দাদা খলিল, আউছাফ নাম্বৰ্দাৰ আৰু ভাই ফখৰুদ্দিন আদি বিশিষ্ট ব্যক্তিসকলে ছোৱালীকেইজনী আৰু তেওঁলোকৰ পিতৃ-মাতৃক আন্তৰিকতাৰে অভিনন্দন জনায়।
 
এক নতুন চিন্তাৰ আৰম্ভণি
 
মেৱাটৰ এই খবৰটোৱে স্পষ্ট কৰি দিছে যে, ধৰ্মীয় শিক্ষা আৰু আধুনিক শিক্ষাৰ মাজত কোনো সংঘাত নাই, বৰঞ্চ দুয়োটা মিলি এক সম্পূৰ্ণ ব্যক্তিত্বৰহে সৃষ্টি কৰে।
 
ঘাছেৰাৰ এই দুগৰাকী হাফিজা ভগ্নীয়ে কেৱল মেৱাটৰ কন্যাৰ বাবে আদৰ্শ হৈ পৰাই নহয়, সমগ্ৰ দেশক দেখুৱাইছে যে, যেতিয়া উদ্দেশ্য সৎ হয় আৰু কঠোৰ পৰিশ্ৰম কৰা হয়, তেতিয়া প্ৰতিটো পথে সহজ হৈ পৰে।