এক্ট ইষ্ট পলিচীয়ে উত্তৰ-পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ দৃশ্যপট সলনি কৰিছে

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মাহমুদ হাছান 
 
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈৰবি-ছৈৰাং ৰেলপথ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগে লগে মিজোৰামে দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল। এতিয়া চৰকাৰে এই লাইনটো ভাৰত–ম্যানমাৰ সীমান্তলৈকে সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে, যাতে ইয়াক ম্যানমাৰৰ ছিট্টৱেত থকা কালাডান মাল্টি-মডাল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট (কেএমটিটিপি)ৰ সৈতে সংযোগ কৰিব পৰা যায়। ম্যানমাৰৰ এইটোৱেই হৈছে ভাৰতৰ সৰ্ববৃহৎ উন্নয়নমূলক পদক্ষেপ।
 
ইয়াৰ উপৰিও ভাৰত-ম্যানমাৰ সীমান্তত ছাইৰাঙৰ পৰা জোৰিনপুইলৈ ২২৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই লাইন সম্পূৰ্ণ হ’লে ম্যানমাৰৰ পালেটৱালৈ আৰু তাৰ পিছত কেএমটিটিপিৰ লগতে ছিট্টৱে বন্দৰলৈ ৰে’লপথৰ সংযোগ সম্ভৱ হ’ব। 
 
ভাৰত-ম্যানমাৰৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰকল্প
 
এই প্ৰকল্পটো নতুন দিল্লীয়ে পৰিকল্পনা কৰিছিল আৰু ২০০৮ চনত লুক ইষ্ট পলিচি (বৰ্তমান এক্ট ইষ্ট পলিচি)ৰ অধীনত আনুষ্ঠানিকতা প্ৰদান কৰিছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে ম্যানমাৰ আৰু দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যৰ বিকাশ আৰু চীনৰ সামুদ্ৰিক ৰেচম পথৰ পদক্ষেপক প্ৰতিহত কৰা।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে এই প্ৰকল্পটো ম্যানমাৰৰ কালাডান নদীৰ মাজেৰে হালদিয়া, কলকাতা বা যিকোনো ভাৰতীয় বন্দৰৰ সৈতে মিজোৰামৰ বিকল্প সংযোগ প্ৰদানৰ বাবে ধাৰণা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চল পাহাৰেৰে আবৃত অঞ্চল হোৱাৰ বাবে এই বন্দৰে আন্তঃৰাষ্ট্ৰীয় সাগৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্প ভাৰত-ম্যানমাৰৰ অৰ্থনৈতিক, বাণিজ্যিক আৰু কৌশলগত সম্পৰ্কৰ মূল শিলাস্তম্ভ হৈ পৰিব। ইয়াৰ উপৰিও এই অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিহত কৰাত ভাৰতক সহায় কৰিব।
 
কালাডান মাল্টি-মডাল ট্ৰেনজিট প্ৰজেক্ট (কেএমটিটিপি)ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ সাহায্যত ৪৮৪ মিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই বন্দৰটো বিকশিত কৰা হৈছিল। উত্তৰ-পূব ভাৰতৰ বাবে ভৌগোলিক সুবিধাসমূহৰ ভিতৰত এটা হ’ল ভাৰতৰ পূব উপকূলক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে সংযোগ কৰিব আৰু কলকাতা, আগৰতলা, আইজলৰ মাজত সামগ্ৰীৰ পৰিবহণ ব্যয় ৫০ শতাংশ হ্ৰাস পাব। 
 
যেতিয়া বন্দৰটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব তেতিয়া ই অঞ্চলটোৰ বাবে বন্দৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথত প্ৰৱেশ কৰিবলৈ বিকল্প পথ প্ৰদান কৰিব। এইদৰে ই চিকেন নেক কৰিডৰত চাপ হ্ৰাস কৰিব। বংগোপসাগৰত ছিট্টৱেৰ পৰা কলকাতা বন্দৰলৈকে জাহাজ চলোৱা পথৰ দূৰত্ব ৫৩৯ কিলোমিটাৰ।
 
 বিভিন্ন দেশৰ নেতা সকলৰ সৈতে অনলাইন বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
 
বন্দৰটোৰ সৰ্বোচ্চ ক্ষমতা ২০,০০০ ডিডব্লিউটি যিয়ে ছিট্টৱেক ম্যানমাৰৰ সামুদ্ৰিক কেন্দ্ৰ কৰি তুলিব। লগতে ই চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অংশ হিচাপে অঞ্চলটোত অভূতপূৰ্ব অৰ্থনৈতিক বিকাশ মুকলি কৰিব। বন্দৰটোক ভাৰতে বিশেষ অৰ্থনৈতিক মণ্ডল হিচাপে গঢ়ি তুলিব। 
 
আছিয়ান দেশসমূহে ছিট্টৱে অৰ্থনৈতিক অঞ্চল (SEZ)ত অংশগ্ৰহণ কৰিব। পোনাগ্যুন টাউনশ্বিপত ১০০০ একৰ মাটিত Sittwe Economic zone (SEZ) নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে কালাডান নদীৰ পাৰৰ পৰ্যটন, কৃষি আৰু উৎপাদন কাৰ্যক উন্নীত কৰা হ’ব। ইতিমধ্যে চীনে ম্যানমাৰৰ কিয়াউকফুত ইকনমিক জ’ন স্থাপন কৰিছে।
 
কালাডান মাল্টি-মডাল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট (কেএমটিটিপি) ভাৰতক ম্যানমাৰৰ সৈতে চাৰিটা মূল খণ্ডৰ জৰিয়তে সংযোগ কৰে। সেয়া হৈছেঃ সাগৰীয় পথেৰে – ভাৰতৰ পৰা ম্যানমাৰৰ ছিট্টৱে বন্দৰলৈকে; নদীৰ দ্বাৰা – ছিট্টৱেৰ পৰা কালাডান নদীৰ মাজেৰে পালেটৱালৈকে; স্থলপথেৰে – পালেটৱাৰ পৰা ভাৰত–ম্যানমাৰ সীমান্তলৈকে।
 
ভাৰতৰ পথেৰে সীমান্তৰ পৰা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ, যিটো ডবকাত অসমৰ সৈতে সংযোগ কৰি পূব–পশ্চিম কৰিডৰৰ অংশ হৈ উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই পথটো এছিয়ান হাইৱে নেটৱৰ্কৰো এটা অংশ। ই ভাৰতক দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সংযোগ কৰে। এই প্ৰকল্পৰ অংশ হিচাপে ৬৯খন নতুন দলং নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ম্যানমাৰৰ নাগৰিক আৰু উত্তৰ-পূবৰ ভাৰতীয় ব্যৱসায়ী উভয়ৰে যাতায়ত সহজ হৈ পৰিছে। 
 
ভাৰতৰ পৰা ম্যানমাৰলৈকে পথ সম্প্ৰসাৰণে এছিয়ান ঘাইপথৰ জৰিয়তে লাওছ, কম্বোডিয়া, আৰু ভিয়েটনামৰ সৈতে আৰু অধিক সংযোগ স্থাপন কৰিব। ছিট্টৱে বন্দৰটো কালাডান নদীৰ কাষেৰে আভ্যন্তৰীণ জল পৰিবহণৰ দ্বাৰা সংযোগ কৰা হ’ব, যিয়ে চীন ৰাজ্যৰ পালেটৱালৈকে ১৫৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। তাৰ পৰা স্থলপথটো জোচাৱলাহ (ভাৰত), জোৰিনপুইলৈ, আৰু শেষত মিজোৰামৰ আইজললৈ যায়।
এই প্ৰসংগত উল্লেখ কৰিব পাৰি যে বৰ্তমান কলকাতাৰ পৰা আগৰতলালৈ পথৰ দূৰত্ব প্ৰায় ১৬০০ কিলোমিটাৰ, আৰু যাত্ৰা কৰিবলৈ চাৰিদিনতকৈও অধিক সময় লাগে। কিন্তু ছিট্টৱে বন্দৰৰ মাজেৰে চিট্টাগং, তাৰ পিছত মিজোৰামৰ ছাবৰুম, আৰু শেষত আগৰতলালৈ নতুন পথৰ বাবে যাত্ৰাত মাত্ৰ দুদিনহে লাগিব। এই পথটোৱে দূৰত্ব আধালৈ কমাব, যাৰ ফলত সময় আৰু খৰচ দুয়োটা ৰাহি হ’ব।
 
পূৰ্বতে আৰাকান নামেৰে জনাজাত ম্যানমাৰৰ ৰাখাইন ৰাজ্যত অৱস্থিত ছিটৱে বন্দৰ। এই অঞ্চলটো এসময়ত দিল্লী চুলতানতাৰ অংশ আছিল আৰু পিছলৈ সম্ৰাট ঔৰংজেবৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অধীনলৈ আহিছিল। ইয়াৰ পিছত ইয়াত ম্ৰাউক ৰাজ্যই শাসন কৰিছিল। 
 
সেই সময়ৰ পৰাই উত্তৰ-পূব ভাৰতে ম্যানমাৰৰ সৈতে ঘনিষ্ঠ সামাজিক-সাংস্কৃতিক সম্পৰ্ক বজাই ৰাখিছিল। কিন্তু ১৯ শতিকাৰ আৰম্ভণিতে বাৰ্মিজ আক্ৰমণৰ সময়ত অসমে “মানৰ দিন” নামেৰে পৰিচিত এক কৰুণ সময়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। বাৰ্মিজ সেনাই অত্যাচাৰ কৰি বহু অসমীয়া পৰিয়াল বন্দী কৰি ম্যানমাৰলৈ লৈ যায়। 
 
আজিও এই অসমীয়া জনগোষ্ঠীৰ কিছুমান ৰাখাইন অঞ্চলত বসতি স্থাপন কৰি আছে। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়, যাৰ ফলত বাৰ্মাই আৰাকান (ৰাখাইন) ব্ৰিটিছ ভাৰতৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য হয়। ছিট্টৱে বন্দৰ কাৰ্যকৰী কৰাৰ ফলত ভাৰত আৰু ম্যানমাৰৰ লগতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতেও বাণিজ্য বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই বন্দৰটোৱে সমগ্ৰ উত্তৰ-পূব ভাৰতক বহু কম খৰচত নিজৰ সামগ্ৰী ভাৰতৰ বাকী অংশ আৰু বিদেশলৈ প্ৰেৰণৰ প্ৰত্যক্ষ পথ প্ৰদান কৰিব। 
 
ইয়াৰ পূৰ্বে ইউৰোপ বা দক্ষিণ-পূব এছিয়ালৈ সামগ্ৰী প্ৰেৰণ কৰাৰ আগতে কলকাতা বন্দৰলৈকে গোটেই বাটটো জাহাজেৰে পঠিয়াবলগীয়া হৈছিল, যিটো সময়সাপেক্ষ আৰু ব্যয়বহুল আছিল। শেহতীয়াকৈ কলকাতাৰ পৰা প্ৰথমখন মালবাহী জাহাজ এম ভি আই টি টি লায়ন (MV ITT Lion) উপস্থিত হয় আৰু কেন্দ্ৰীয় জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী এডমিৰেল টিন আং ছানে যৌথভাৱে ইয়াক আদৰণি জনাইছিল। ইয়াৰ লগে লগে ম্যানমাৰত এই বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি হয়, যাক “পূবৰ চাবাহৰ” (Chabahar of the East) বুলি জনা যায়।
 
(লেখক মাহমুদ হাছান ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। তেওঁ ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব)