অসমৰ উদ্যমী মহিলা কৃষকলৈ বিৰল স্বীকৃতি

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰগতিশীল গ্ৰাম্য কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়া
প্ৰগতিশীল গ্ৰাম্য কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়া
 
আৱাজ দ্য ভইচ / মঙলদৈ
 
দেশৰ কৃষিখণ্ডৰ প্ৰেক্ষাপটত উজলি উঠিল অসমৰ এগৰাকী কৰ্মোদ্যমী মহিলা কৃষক। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ উপস্থিত থাকিবলগীয়া এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে দৰং জিলাৰ এগৰাকী প্ৰগতিশীল গ্ৰাম্য কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়াই। 
 
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ১৫ আগষ্টৰ সন্ধিয়া ৬:০০ বজাত অনুষ্ঠিত হ’বলগীয়া ‘হোম ৰিচিপচন’ কাৰ্যসূচীৰ অভ্যৰ্থনাত অংশগ্ৰহণৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে দৰং জিলাৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত জলজলীৰ গৰিয়াপাৰা গাঁৱৰ প্ৰগতিশীল মহিলা কৃষক দিপ্তী চহৰীয়াক। 
 
ৰাষ্ট্ৰপতি ভৱনত হবলগীয়া অনুষ্ঠানত উপস্থিত থকাৰ বাবে অসমৰ এগৰাকী মহিলাক দেশৰ ৰাষ্ট্ৰপতিয়ে পত্ৰযোগে জনোৱা এই আমন্ত্ৰণে ৰাজ্যখনৰ কৃষিক্ষেত্ৰৰ সৈতে জড়িত সকলোকে আনন্দিত কৰি তুলিছে। জলজলীৰ গৰিয়াপাৰাৰ প্ৰয়াত কৃষক যোগেন চহৰীয়াৰ জীয়ৰী দীপ্তি চহৰীয়া চিৰ সেউজ মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। 
 
'আত্মনিৰ্ভৰ তৈল বীজ অভিযান'ৰ এগৰাকী হিতাধিকাৰী হোৱাৰ উপৰিও এই কৃষি উৎপাদক গোটটোৱে দৰং জিলাৰ সৰিয়হৰ মূল্য শৃংখল সহযোগী (VCP) হিচাপেও উল্লেখযোগ্য সেৱা আগবঢ়াই আহিছে। ব্যক্তিগতভাৱে চহৰীয়াই সৰিয়হ খেতিৰ লগতে তিল, তিচি, বাদাম আদিৰ দৰে অন্যান্য অন্যান্য তৈলজাতীয় শস্যৰ উপৰিও অন্যান্য শস্যৰ খেতিও সফলতাৰে কৰি আহিছে। 
 
তেওঁ গ্ৰাম্য মহিলাসকলক কৃষিত সৱলীকৰণৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকক অতি সুলভ মূল্যত বীজ, কৃষি সঁজুলি আৰু কীটনাশক, সাৰ আদি যোগান ধৰি আহিছে। স্থানীয় ব্লক ফাৰ্মাৰ এডভাইছৰী কমিটিৰ সদস্য দীপ্তি চহৰীয়াৰ এনে সফলতাই স্বাভাৱিকতে ৰাজ্যখনৰ মহিলা কৃষক সকলক কৃষি খণ্ডৰ প্ৰতি আৰু অধিক আকৃষ্ট কৰি তুলিব বুলি আশা কৰা হৈছে। বহনক্ষম কৃষি পদ্ধতিৰ জৰিয়তে গাৱৰ মহিলা কৃষক সকলৰ উন্নতিৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি অহা বাবেই তেওঁ এই অসাধাৰণ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ 
 
উল্লেখযোগ্য যে, স্বাধীনতা দিৱস উপলক্ষে দেশৰ ৰাষ্ট্ৰপতিৰদ্বাৰা আয়োজিত উক্ত অভ্যৰ্থনা অনুষ্ঠানলৈ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি 'আত্মনিৰ্ভৰ তৈল বীজ অভিযান'ৰ অধীনত বিশেষভাৱে সফলতা দেখুওৱা দেশৰ ৬ গৰাকী কৃষকক আমন্ত্ৰণ জনোৱা হৈছে। অসমৰ দিপ্তী চহৰীয়াৰ লগতে এনে আমন্ত্ৰণ লাভ কৰা আন পাচ গৰাকী কৃষক হল ক্ৰমে বিহাৰ, ওড়িষা, তামিলনাডু,ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ। 
 
দৰং জিলাৰ বিভিন্ন সামাজিক, সাংস্কৃতিক তথা সাহিত্য অনুষ্ঠানৰ সৈতেও জড়িত দীপ্তি চহৰীয়াই অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে এই আমন্ত্ৰণ লাভ কৰি দৰং জিলাৰ এখন অখ্যাত গাঁৱৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ মৰ্যাদাপূৰ্ণ প্ৰাঙ্গণলৈ মৰ্যাদাপূৰ্ণ তথা প্ৰেৰণাদায়ক যাত্ৰাৰ বাবে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বিভিন্ন ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে আন্তৰিক অভিনন্দন জনাইছে।