ফাৰহান ইজৰাইলী / জয়পুৰ
পৰম্পৰাৰ সৈতে উদ্ভাৱনৰ অভিনৱ সংমিশ্ৰণেৰে ৰাজস্থানত মণিহাৰ সম্প্ৰদায় (Manihar community)ক সন্মানৰ নতুন উচ্চতালৈ লৈ গৈছে আব্দুল চালাম জোহৰ নামৰ ব্যক্তিগৰাকীয়ে। তেওঁ কেৱল হস্তনিৰ্মিত খাৰু তৈয়াৰ কৰাই নহয়; আশা, পৰিৱৰ্তন আৰু পোহৰৰ এক অনন্য উদাহৰণ।
তেওঁৰ এই যাত্ৰাই আমাক শিকাইছে যে আবেগ, কঠোৰ পৰিশ্ৰম আৰু সমাজ চেতনাৰ সংমিশ্ৰণ যিকোনো পৰিৱৰ্তনৰ ভেটি হ’ব পাৰে। জয়পুৰৰ গোলাপী দেৱাল আৰু ৰঙীন ৰাজপথত বিয়পি পৰা সুগন্ধি কেৱল সুগন্ধিৰ নহয়, ইয়াত এই চহৰৰ পৰিচয়স্বৰূপ পৰম্পৰাগত হস্তশিল্পৰ আত্মাও সন্নিবিষ্ট হৈ আছে। এইবোৰ গলিতে লাখ লাখ টকা মূল্যৰ খাৰু তৈয়াৰ কৰা হয়, যিবোৰ পৰম্পৰাগত সৌন্দৰ্য্যৰ প্ৰতীক আৰু হাজাৰ হাজাৰ হাতৰ কষ্টৰ ফল।
আব্দুল চালাম জোহৰে বঁটা লাভ কৰাৰ এক দৃশ্য
এই পৃথিৱীৰ পৰাই শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰা আৰু সমাজ সংস্কাৰৰ দিশত গভীৰ চিন ৰখা এটা নামৰ উন্মেষ ঘটিল, সেয়া হৈছে--আব্দুল চালাম জোহৰ। মণিহাৰ সমাজৰ পৰা অহা জোহৰৰ জন্ম এটা সাধাৰণ পৰিয়ালত, কিন্তু তেওঁৰ সপোন আছিল অসাধাৰণ। তেওঁৰ ককাক হাফিজ মহম্মদ ইছমাইল আছিল সম্প্ৰদায়টোৰ প্ৰথমজন হাফিজ, যিয়ে পৰিয়ালত ব্যৱসায় আৰু ধৰ্মৰ ভেটি স্থাপন কৰিছিল। পিতৃ হাজী আব্দুল আজিজ আৰু মাতৃ হাজ্জন কামাৰ জাহানৰ সংগ্ৰাম দেখি জোহৰে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সমাজসেৱাক নিজৰ জীৱনৰ মূল মন্ত্ৰ কৰি তুলিলে।
জয়পুৰৰ ত্ৰিপলিয়া বজাৰত অৱস্থিত তেওঁৰ পূৰ্বপুৰুষৰ দোকান ‘ইণ্ডিয়ান কংগন এণ্ড কালাৰ ষ্ট’ৰ’ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই এতিয়া বিশ্বৰ বজাৰত ‘জোহৰ ডিজাইন’, ‘জোহৰ কিং’ আৰু ‘ইণ্ডিয়ান ক্ৰাফ্টছ’ৰ দৰে ব্ৰেণ্ডৰ কাষ চাপিছে। আমেৰিকা, ইটালী, ফ্ৰান্স, জাৰ্মানী, ডুবাই আৰু অন্যান্য আৰব ৰাষ্ট্ৰত তেওঁৰ ক্লায়েণ্ট আছে। বহু সময়ত গ্ৰাহকে হস্তনিৰ্মিত খাৰুৰ অধিক চাহিদা আৰু সীমিত উৎপাদনৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হৈছিল। উল্লেখযোগ্য যে তেওঁ নিজৰ খাৰুবোৰক কেৱল মাথো ব্যৱসায়িক দৃষ্টিৰে প্ৰস্তুত কৰা নাই, ইয়াক উদ্ভাৱন আৰু সামাজিক কল্যাণৰ মাধ্যম কৰি তুলিছিল।
আব্দুল চালাম জোহৰে আগতেই অনুভৱ কৰিছিল যে খাৰু প্ৰস্তুত কৰি তেওঁ অধিক দূৰ আগুৱাই যাব নোৱাৰে আৰু সেয়েহে, তেওঁ ৰং কৰা ব্ৰাছ, পিতলৰ সামগ্ৰী, কাঠৰ সামগ্ৰী, নীলা মৃৎশিল্প আৰু হাতেৰে নিৰ্মিত কাগজকে ধৰি বহুতো হস্তশিল্পৰ সংমিশ্ৰণ ঘটাইছিল। এই পদক্ষেপে বজাৰত এক নতুন স্পন্দন জগাই তুলিলে আৰু তেওঁৰ চহকী সামগ্ৰীসমূহে সাজ-সজ্জা আৰু ফেশ্বনৰ জগতখনত এক বিশেষ স্থান দখল কৰে। খ্ৰীষ্টমাছৰ আলোকসজ্জাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খ্ৰীষ্টমাছৰ বল, চান্টাক্লজ, গহনা বাকচ, মমবাতি ষ্টেণ্ড, ফটো ফ্ৰেম, পেন ষ্টেণ্ড, ফুলৰ থোপা, কাঠৰ জীৱ-জন্তুৰ দৰে সামগ্ৰীৰ যথেষ্ট চাহিদা আছিল।
আব্দুল চালাম জোহৰৰ বিপণি
জোহৰে বুজি পাইছিল যে এই সফলতা স্থায়ী হ’ব যদিহে ইয়াৰ আঁৰৰ কাৰিকৰসকলক সন্মান, নিৰাপত্তা আৰু ন্যায্য দৰমহা দিয়া হয়। গৰম লোহাৰে কাম কৰি থাকোঁতে কাৰিকৰসকল অগ্নিদগ্ধ হোৱাটো সাধাৰণ ঘটনা আছিল যদিও আব্দুল চালাম জোহৰে তেওঁলোকক প্ৰশিক্ষণ দিয়ে, প্ৰেৰণা দিয়ে আৰু অধিক মজুৰি দি তেওঁলোকক সুৰক্ষিত কৰাৰ চেষ্টা চলায়। তেওঁৰ এই প্ৰচেষ্টাৰ বাবেই এই পৰম্পৰা ছিকাৰ, ঝুনঝুনু, ফাতেহপুৰ আৰু শ্বেখাৱতী গাঁৱৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকাৰ উৎস হৈ পৰে।
২০০০ চনলৈকে লেক (lac) ব্যৱসায়ৰ উত্থান ঘটে। কিন্তু তাৰ পিছত বিশ্বৰ বজাৰখন চীন, টাইৱান, থাইলেণ্ডৰ পৰা অহা সস্তা আৰু অধিক দিন যোৱা সামগ্ৰীৰে ভৰি পৰিল। এই বিদেশী সামগ্ৰীবোৰ দেখাত লেক যেন লাগিছিল, কিন্তু ইয়াত পৰম্পৰাৰ আত্মা আৰু ভাৰতীয় কাৰিকৰৰ কঠোৰ পৰিশ্ৰমৰ অভাৱ আছিল।
তথাপিও ভাৰতীয় বজাৰখনে এই কৃত্ৰিম, ৰাসায়নিক ভিত্তিক বিকল্পৰ ফালে মুখ কৰিলে। ফলত জোহৰৰ দৰে উদ্যোগীসকলৰ বাবে প্ৰত্যাহ্বানসমূহ গধুৰ হৈ পৰিল। বৰ্ধিত কেঁচামালৰ ব্যয় আৰু কঠোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই তেওঁলোকক বিপদলৈ ঠেলি দিলে। আৰু অধিক বেয়া কথাটো হ’ল যে উদ্যোগটো বা ইয়াৰ শ্ৰমিকসকলক সুৰক্ষা দিবলৈ চৰকাৰী সমৰ্থন একেবাৰে কম আছিল বা নাছিল।
লেক, কয়লা, কাঁচ, গ্লিটাৰ পাউদাৰৰ দৰে কেঁচামালৰ দাম বাঢ়ি গৈ থাকিল, কিন্তু কোনো চৰকাৰী আঁচনিয়ে কাৰিকৰসকলক সহায় কৰা নাছিল। ফলত বহু কাৰিকৰে এই বৃত্তি এৰি সৰু সৰু দোকান-পোহাৰ আৰম্ভ কৰিলে বা মজুৰি-শ্ৰমিক হৈ পৰে। এই প্ৰত্যাহ্বানসমূহৰ মাজতো আব্দুল চালাম জোহৰে কেতিয়াও সমাজসেৱাৰ সংকল্প দুৰ্বল হ’বলৈ নিদিলে। স্কুল-কলেজীয়া দিনৰ পৰাই তেওঁ মণিহাৰ সমাজৰ ভিতৰত প্ৰচলিত কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিছিল।
আব্দুল চালাম জোহৰে বঁটা লাভ কৰাৰ এক দৃশ্য
এগৰাকী সমাজ সংস্কৰক হিচাপে তেওঁ দহ-বাৰ বছৰ ধৰি মৃত্যুভোজ (death feasts), অপ্ৰয়োজনীয় যৌতুক ব্যৱস্থা আৰু অন্যান্য আড়ম্বৰপূৰ্ণ ৰীতি-নীতিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। তেওঁ মানুহক ভাবিবলৈ বাধ্য কৰাইছিল যে এই সামাজিক ব্যাধিসমূহৰ পৰা মুক্তি পোৱাটোৱেই হৈছে প্ৰকৃত প্ৰগতি। তেওঁৰ প্ৰচেষ্টাৰ বাবেই এনে বহু পৰম্পৰা সলনি হ’ল, সমাজৰ চিন্তাধাৰা সলনি হ’ল আৰু নতুন প্ৰজন্মই নতুন দিশ পালে। তেওঁ ভালদৰেই বুজি পাইছিল যে এটা সম্প্ৰদায়ৰ অগ্ৰগতিয়ে কেৱল দেশৰ অৰ্থনীতি টনকিয়াল কৰাই নহয়, ই সামাজিক ভাৱেও যথেষ্ট লাভৱান বিবেচিত হ’ব।
আব্দুল চালাম জোহৰৰ কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনক দেশ-বিদেশত শলাগ লোৱা হৈছে। ভাৰত গৌৰৱ বঁটা, ইন্দিৰা গান্ধী বঁটা, আন্তঃৰাষ্ট্ৰীয় কোহিনূৰ বঁটা, সমাজ ৰত্ন, গান্ধী শান্তি বঁটা আদি সন্মানীয় বঁটাৰে তেওঁক সন্মানিত কৰা হৈছে। ভাৰত, নেপাল আৰু বেংককত এই বঁটা প্ৰদান কৰা হৈছিল, যিটো তেওঁৰ বিশ্বব্যাপী স্বীকৃতিৰ প্ৰমাণ। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ আক্ষেপ প্ৰকাশ কৰে যে আব্দুল চালাম জোহৰে ৰাজস্থান চৰকাৰৰ পৰা কোনো ধৰণৰ সমৰ্থন নাপালে। লাক (lac)ৰ দৰে এক অনন্য পৰম্পৰা সংৰক্ষণ কৰিবলৈ তেওঁ বহু পৰামৰ্শ দিলে, কিন্তু কোনো লাভ নহ’ল।
লেকৰ কাম (Lacquer work) সম্পূৰ্ণ হাতেৰে নিৰ্মিত আৰু ইয়াত যন্ত্ৰৰ কোনো ভূমিকা নাই। সেয়েহে তেওঁৰ মতে চৰকাৰে কম সুত থকা সস্তীয়া ঋণ, কেঁচামালৰ ৰেহাই, প্ৰশিক্ষণ কেন্দ্ৰ, কাৰিকৰসকলক বজাৰৰ সুবিধা কৰি দিয়াৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। তেওঁ আন আন শিল্পীসকলৰ সৈতে স্থায়ী সমাধান হিচাপে এটা নিবেদিত হস্তশিল্প ব’ৰ্ড স্থাপনক আদৰণি জনাব য’ত শিল্পীসকলৰ স্থান, সম্পদ আৰু বজাৰ একে ঠাইতে থাকে। তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে এই পৰম্পৰাগত শিল্পকলা লাহে লাহে মৃত্যুমুখত পৰিব আৰু হাজাৰ হাজাৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিব।
আব্দুল চালাম জোহৰীৰ এটি মাষ্টাৰপিছ
জোহৰৰ মতে লেকৰ (lacquer) কলা কেৱল ব্যৱসায় নহয় বৰঞ্চ ৰাজস্থানৰ সাংস্কৃতিক আত্মা। ইয়াক বচাবলৈ কেৱল চৰকাৰ নহয়, গোটেই সমাজখন আগুৱাই আহিব লাগিব। আব্দুল চালাম জোহৰৰ বাবে এই কাম কেৱল লাভৰ মাধ্যম নহয়, বৰঞ্চ কলা-পৰম্পৰাৰ প্ৰতি সেৱা আৰু এক সন্মান প্ৰদৰ্শনৰো মাধ্যম।তেওঁ নিজৰ জীৱনৰ এই যাত্ৰাক ব্যক্তিগত যাত্ৰা বুলি গণ্য নকৰে, বৰঞ্চ সামূহিক সংগ্ৰাম আৰু উত্থানৰ কাহিনী বুলি গণ্য কৰে। তেওঁৰ সপোন যে আগন্তুক প্ৰজন্মই এই কলাক গৌৰৱেৰে আগুৱাই লৈ গৈ বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিব।
উল্লেখ্য যে, Lacquer হৈছে গছত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ পোক-পৰুৱাৰ দ্বাৰা প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ আঠাযুক্ত পদাৰ্থ। মানুহে এই আঠাযুক্ত পদাৰ্থ সংগ্ৰহ কৰি গৰম কৰে আৰু ইয়াক ৰঙীন লাঠি বা আৱৰণলৈ ৰূপান্তৰিত কৰে। ইয়াৰ পৰাই কাৰিকৰসকলে ধুনীয়া খাৰু, সজ্জাগত সামগ্ৰী, আচবাব আদি তৈয়াৰ কৰে। এই কামক Lacquer work বা Lacquer Culture বুলি কোৱা হয়। এই পৰম্পৰাগত শিল্প ভাৰতৰ ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, আৰু পশ্চিম বংগৰ দৰে ৰাজ্যত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰি আহিছে। ই সম্পূৰ্ণৰূপে প্ৰাকৃতিক আৰু পৰিৱেশ-অনুকূল।