জেব আখতাৰ / ৰাঁচী
এক সফল গৱেষণা কেৰিয়াৰেৰে সমৃদ্ধ সুদক্ষ বৈজ্ঞানিক ড০ ছাজিদ হুছেইনে ঝাৰখণ্ডৰ ৰামগড় জিলাৰ চিতাৰপুৰৰ গাঁৱৰ শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে এক ভিন্ন পথ বাচি লৈছে। তেওঁ 'স্ক'লজিয়াম' (Schoologium) নামৰ এক ব্যতিক্ৰমী পদক্ষেপৰ জৰিয়তে গ্ৰাম্য শিক্ষাৰ ৰূপান্তৰ সাধন কৰিছে, যি এতিয়া সমগ্ৰ ভাৰতৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছে।
ড০ ছাজিদে কয়, 'যেনেকৈ আমাৰ শৰীৰক ফিট হৈ থাকিবলৈ ব্যায়ামৰ প্ৰয়োজন, তেনেকৈ আমাৰ মগজুকো সক্ৰিয় হৈ থাকিবলৈ নিয়মীয়াকৈ ব্যায়ামৰ প্ৰয়োজন। স্ক'লজিয়ামত শিশুসকলে কেৱল পাঠবোৰ মনত ৰখাই নহয়; তেওঁলোকে স্পৰ্শ, স্বাদ, গোন্ধ, আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ যোগেদি শিক্ষা গ্ৰহণৰ অভিনৱ অভিজ্ঞতা লাভ কৰে।'
শিক্ষকৰ সৈতে কাম কৰি থকা অৱস্থাত ছাজিদ হুছেইন
উদাহৰণস্বৰূপে, এচিড আৰু বেছ (acids and bases) বুজিবলৈ তেওঁলোকে নেমু, তিতা কেৰালা আৰু তৰমুজৰ স্বাদ লয়। তেওঁলোকে নিজৰ পাকঘৰৰ পৰা শস্য আৰু শাক-পাচলি পৰীক্ষা কৰি পুষ্টিৰ বিষয়ে অধ্যয়ন কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তিনিকেতনৰ ধাৰণাটোৰ দৰে কল্পনা, সৃজনশীলতা আৰু প্ৰত্যক্ষ পৰ্যবেক্ষণৰ মাজেৰে ইয়াত শিক্ষা প্ৰদান কৰা হয়।
উল্লেখ্য যে, ছাজিদে ডাঙৰ-দীঘল হোৱা চিতাৰপুৰ গাঁওখন নেম্ৰাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন সৰু গাঁও। তেওঁ গাঁওৰ এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল য'ত ১০০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰী এটা শ্ৰেণীকোঠাত বহিছিল। সেই বিদ্যালয়ৰ পৰা মাত্ৰ কেইজনমান শিশুৱেহে সফল কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল- যি স্মৃতিয়ে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ সৈতে ছাজিদ হুছেইন
বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জাৰ্মানীত পিএইচডি ডিগ্ৰী লাভ কৰে। নেশ্যনেল এৰ'স্পেচ লেবৰেটৰী (এনএএল) ত বিজ্ঞানী হিচাপে কাম কৰা ছাজিদে পৰৱৰ্তী সময়ত দেশ-বিদেশৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানসমূহত কাম কৰাৰ সময়ত এটা গুৰুত্বপূৰ্ণ সত্য উপলব্ধি কৰে যে গ্ৰামাঞ্চলৰ শিশুসকল আনতকৈ কম বুদ্ধিমান নহয়; কেৱল তেওঁলোক উপযুক্ত শৈক্ষিক সঁজুলি আৰু সুযোগৰ অভাৱত ভোগে।
এই বিশ্বাসৰ সৈতে ড০ ছাজিদে নিজৰ গাঁৱৰ দৰে সৰু গাঁৱৰ শিশুসকলেও ডাঙৰ সপোন দেখক আৰু সেই সপোনবোৰ বাস্তৱায়িত কৰিবলৈ জ্ঞান আৰু দক্ষতা আহৰণ কৰক। গ্ৰাম্য আৰু নগৰীয়া শিক্ষাৰ মাজত থকা ব্যৱধান দূৰ কৰিবলৈ দৃঢ় সংকল্প লৈ ড০ ছাজিদ হুছেইনে ২০১২ চনত তেওঁৰ সুৰক্ষিত চৰকাৰী চাকৰি এৰি নিজৰ গাঁৱলৈ উভতি আহে। স্ক'লজিয়ামৰ জন্ম হৈছিল "স্কুল" আৰু "জিমনেছিয়াম"ৰ সংমিশ্ৰণেৰে, য'ত যুৱ মগজুৱে নিয়মীয়াকৈ মানসিক অনুশীলন লাভ কৰে। তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল শিক্ষকৰ মানসিকতা সলনি কৰা।
ছাজিদ হুছেইনে শিক্ষকসকলক নিজৰ ধাৰণা বুজাই থকাৰ এক মূহুৰ্ত
বেছিভাগ গ্ৰাম্য অঞ্চলতে পাঠদান প্ৰক্ৰিয়া মুখস্থ কৰা আৰু পাঠ পুনৰাবৃত্তি কৰাতে সীমাবদ্ধ আছিল। এটা নতুন, ব্যৱহাৰিক শিক্ষণ পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ কেইবামাহৰ প্ৰশিক্ষণৰ প্ৰয়োজন হৈছিল। ইয়াৰ সমাধানৰ বাবে স্ক'লজিয়াম-এ শিশু আৰু শিক্ষক উভয়কে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে আৰু মেকাৰ-ওৰিয়েণ্টেড পেডাগ'জি নামৰ এক ব্যৱহাৰিক শিক্ষণ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা গঢ়ি তোলে।
ড০ ছাজিদে বিশ্বাস কৰে যে ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব'টিক্সৰ দ্বাৰা নিয়োগৰ বজাৰখন নতুন ৰূপত গঢ়ি তোলা হ'ব। আজি তেওঁৰ শিক্ষাৰ আদৰ্শ ঝাৰখণ্ডৰ বাহিৰেও বিস্তৃত হৈছে। কৰ্ণাটক, অৰুণাচল প্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ বিদ্যালয়সমূহে ইয়াক গ্ৰহণ কৰিছে। জামছেদপুৰৰ ডিবিএমএছ স্কুল আৰু অৰুণাচল প্ৰদেশৰ সৈনিক বিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানসমূহে ইতিমধ্যে Schoologium ব্যৱস্থা ব্যৱহাৰ কৰি আছে। আনকি নিটি আয়োগ আৰু ঝাৰখণ্ড চৰকাৰে ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ উপায় বিচাৰিছে।
ছাজিদ হুছেইনে শিশুক টেলিস্কোপৰ ব্যৱহাৰ দেখুৱাই থকা এক দৃশ্য
ড০ ছাজিদে কয়, "এতিয়ালৈকে মাত্ৰ ২০% শিক্ষাৰ্থীয়েহে কৰ্মসংস্থাপন লাভ কৰিছে আৰু মাত্ৰ ৫-১০% শিক্ষাৰ্থীয়েহে ভাল চাকৰি লাভ কৰিছে। বিশেষকৈ গ্ৰামাঞ্চলত বাস কৰা ঝাৰখণ্ডৰ ৭৬ শতাংশ শিশুৰ জীৱন সলনি হোৱা উচিত আৰু তেওঁলোক সম-অধিকাৰৰ যোগ্য।
২০১৭ চনত তেওঁ শিশুৰ বাবে এক নতুন ধৰণৰ পাঠ্যপুথি প্ৰস্তুত কৰি আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে। সাত বছৰীয়া প্ৰচেষ্টাৰ পিছত ২০২৪ চনত স্ক'লজিয়াম বুকছে ৪৮ খন উদ্ভাৱনীমূলক কিন্ডাৰগাৰ্টেন পাঠ্যপুথি মুকলি কৰে যিবোৰ মেকাৰ-বেছড আৰু অভিজ্ঞতামূলক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হৈছে।
এই প্ৰকল্পত আজিম প্ৰেমজী বিশ্ববিদ্যালয়, ডিপিএছ ৰাঁচী আৰু ঝাৰখণ্ড প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। ৰাঁচী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক এ এ খানে এই পদক্ষেপৰ প্ৰশংসা কৰি কয়, "এই গ্ৰন্থসমূহে প্ৰাথমিক শিক্ষাত সৃজনীশীলতা আৰু গভীৰতা আনিছে। ই শিশুসকলক আনন্দ আৰু কৌতূহলেৰে শিকাত সহায় কৰে। ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা জামছেদপুৰৰ ডিবিএমএছ কদ্মা স্কুল আৰু আন বহুতো শিক্ষানুষ্ঠানে এই কিতাপসমূহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব। এতিয়ালৈকে ৮৫খন গাঁৱৰ ২৬,০০০তকৈও অধিক শিশুৱে স্ক'লজিয়াম মডেলৰ পৰা উপকৃত হৈছে।
এটা পৰীক্ষাগাৰত ছাত্ৰ-ছাত্ৰীৰ সৈতে ছাজিদ হুছেইন
ইয়াৰ ফলাফল সকলো ঠাইতে দেখিবলৈ পোৱা গৈছে। যিসকল শিশুৱে আগতে বিদ্যালয় ত্যাগ কৰিছিল, তেওঁলোক এতিয়া স্কুললৈ যাবলৈ আগ্ৰহী হৈছে আৰু ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা আৰু সৃজনীশীল শিক্ষাক লৈ উৎফুল্লিত। পিতৃ-মাতৃসকলেও সন্তানৰ মাজত পাৰ্থক্য দেখিবলৈ পাইছে। আগতে তেওঁলোকৰ সন্তানে বুজি নোপোৱাকৈ পাঠবোৰ মনত ৰাখিছিল, কিন্তু এতিয়া তেওঁলোকে প্ৰশ্ন সোধে, সমালোচনামূলক ভাৱে চিন্তা কৰে, আৰু ধাৰণাবোৰ গৱেষণা কৰে।
ড০ ছাজিদৰ এই যাত্ৰাই প্ৰমাণ কৰে যে প্ৰকৃত শিক্ষাই প্ৰতিজন শিশুৰ মাজত কৌতূহল, সৃজনশীলতা আৰু আত্মবিশ্বাস জগাই তোলে। ছাজিদৰ পৰৱৰ্তী সপোন হ'ল এখন বিদ্যালয় নিৰ্মাণ কৰা য'ত ডাঙৰ কিতাপ বা কংক্ৰিটৰ দেৱাল নাথাকে, ইয়াৰ পৰিৱৰ্তে শিশুসকলে পথাৰ, বাগিচা, বজাৰ আৰু দৈনন্দিন জীৱনৰ পৰা প্ৰত্যক্ষভাৱে শিকিব পাৰিব। "আমি চাকৰি বিচৰা লোক সৃষ্টি কৰিব নিবিচাৰো। আমি নিয়োগকৰ্তাহে সৃষ্টি কৰিব বিচাৰো।", তেওঁ কয়।
আজি ঝাৰখণ্ডৰ ৰাঁচীৰ নিকটৱৰ্তী চিতাৰপুৰৰ এই সৰু গাঁওখন শৈক্ষিক উদ্ভাৱনৰ এক কেন্দ্ৰ হৈ পৰিছে। এজন ব্যক্তিৰ দৃষ্টিভংগীয়ে হাজাৰ হাজাৰ গ্ৰাম্য শিশুৰ ভাগ্য সলনি কৰিছে। এই বিপ্লৱৰ নেতৃত্ব দি ড০ ছাজিদ হুছেইনে প্ৰমাণ কৰিছে যে দূৰদৰ্শী, দৃঢ় বিশ্বাস আৰু আবেগ থাকিলে এজন সাধাৰণ মানুহৰ সন্তানেও শিক্ষাৰ জগতত এক বিপ্লৱৰ সূচনা কৰিব পাৰে।