ৰাস্তাত পৰি থকা এটি নৱজাত শিশুক কুকুৰৰ মুখৰ পৰা ৰক্ষা কৰিলে এহাল দম্পত্তীয়ে

Story by  atv | Posted by  [email protected] • 15 h ago
শিশুটি কোলাত লৈ থকা অৱস্থাত ফাহিমুদ্দিন আৰু তেওঁৰ পত্নী ছামিনা
শিশুটি কোলাত লৈ থকা অৱস্থাত ফাহিমুদ্দিন আৰু তেওঁৰ পত্নী ছামিনা
 
আৰ্ছলা খান/ নতুন দিল্লী
 
মানৱ ধৰ্ম হৈছে সবাতোকৈ উত্তম। মানৱতাই হয়তো পৃথিৱীখন সুন্দৰকৈ সজাই ৰাখিছে। তেনে এক মানৱতাবাদৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে উত্তৰ প্ৰদেশৰ এহাল দম্পত্তীয়ে। উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ গোলাবতী কোটৱালী অঞ্চলত এহাল মুছলমান দম্পত্তীয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। দম্পতীহালে সংবেদনশীলতা আৰু সাহসৰ দ্বাৰা পথৰ দাঁতিত প্লাষ্টিকৰ বেগৰ ভিতৰত পৰি থকা এটা নৱজাতকৰ জীৱন ৰক্ষা কৰে।
 
এই ঘটনাটো ঘটিছিল নিশা প্ৰায় ১১ বজাত। কুৰাণা নয়া বাঁহ গাঁৱৰ ফাহিমুদ্দিন আৰু তেওঁৰ পত্নী ছামিনাই ঔৰংগাবাদৰ পৰা বাইকেৰে আহি আছিল। আছাওৱাৰ আৰু আইচানা অঞ্চলৰ মাজৰ পথৰ দাঁতিত তেওঁলোকে এটা অদ্ভুত দৃশ্য দেখা পালে। এটা কুকুৰে গছ এজোপাৰ তলৰ পৰা পলিথিন উলিয়াই আনিবলৈ চেষ্টা কৰি আছিল। প্ৰথম অৱস্থাত হয়তো এইটো এটা আবৰ্জনাৰ বেগ যেন লাগিছিল। কিন্তু ফাহিমুদ্দিনে উপলব্ধি কৰিছিল যে এয়া অস্বাভাৱিক। তেওঁ নিজৰ বাইকখন ৰখাই কুকুৰটোক খেদি দিয়ে আৰু পলিথিনৰ বেগটোৰ ফালে আগুৱাই যায়।
তেওঁলোকে যি দৃশ্য প্ৰত্যক্ষ কৰিছিল, সেই দৃশ্যই তেওঁলোকক আচৰিত কৰি তুলিছিল। পলিথিনটোৰ কিবা লৰচৰ কৰি আছিল। পলিথিনটো খুলি তেওঁলোকে  এটা নৱজাতক শিশু উদ্ধাৰ কৰিছিল।  সেই সময়ত তেওঁ আৰু তেওঁৰ পত্নীয়ে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ল যদিও তেওঁলোকে সাহস হেৰুওৱা নাছিল আৰু লগে লগে নৱজাতকটিক ওচৰৰ চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। প্ৰাৰম্ভিক পৰীক্ষণত দেখা গৈছে যে শিশুটি সম্পূৰ্ণ সুস্থ হৈ আছে আৰু জন্ম হোৱা মাত্ৰ দুদিনহে হৈছিল।
 
ডাক্তৰৰ পৰীক্ষণৰ পিছত, দম্পতিহলে শিশুটিক ঘৰলৈ লৈ আহে। পাঁচটা সন্তানৰ মাতৃ ছামিনাৰ বাবে এই অভিজ্ঞতা আছিল আৱেগিক আৰু গভীৰ। যেতিয়া ৰাতিপুৱা চাইল্ড লাইনৰ যোগেদি শিশুটিক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আৰক্ষীক খবৰ দিয়া হয়, ছামিনাই তেওঁৰ চকুলো ৰোধ কৰিব নোৱাৰিলে। নৱজাতকটোক উভতাই দিওঁতে তেওঁৰ অন্তৰ কঁপি উঠিছিল। ৰাতিটোৰ ভিতৰতে যেন সেই শিশুটি তেওঁলোকৰেই হৈ পৰিছিল, তেওঁলোকে তেনেকুৱা অনুভৱ কৰিছিল।
 
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে চৰ্চাৰ বিষয়বস্তু হৈ পৰিছিল। নিৰীহ শিশুটিক পলিথিনৰ পাত্ৰত বান্ধি হত্যাৰ চেষ্টা কৰা এই নৃশংস কাণ্ডৰ সকলোৱে একেমুখে তীব্ৰ নিন্দা কৰিছিল। বহু লোকে ধাৰণা কৰিছে যে এই শিশুটি কোনো অবিবাহিত মাতৃৰ সন্তান হ'ব পাৰে, যিয়ে সামাজিক চাপ বা ভয়ৰ বাবে এনে পদক্ষেপ ল'ব লৈছে। কিন্তু কোনো পৰিস্থিতিতে এই অমানৱীয় কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
 
শিশুটিক আৰক্ষীৰ হাতত গতাই দিয়া মুহূৰ্তত ছামিনা আবেগিক হৈ পৰিছে
 
আনহাতে, ফাহিমউদ্দিন আৰু ছামিনাৰ মানৱীয় প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। তেওঁলোকৰ সময়োপযোগী সতৰ্কতা আৰু সাহসে নিৰ্দোষী নৱজাতক শিশুটিৰ জীৱন ৰক্ষা কৰিলে। আৰু যদি অলপ সময় গছজোপাৰ তলত পলিথিনটো থাকিলহেতেন, নিশ্চিত ভাবে কুকুৰে খাই দিলেহেতেন অথবা ঠাণ্ডাৰ ফলত শিশুটিৰ মৃত্যু হ'লহেতেন।
 
এই ঘটনাই আমাক ভাবিবলৈ বাধ্য কৰে যে সমাজত এতিয়াও অবাঞ্ছিত শিশুৰ প্ৰতি সংবেদনশীলতা আৰু ব্যৱস্থাৰ অভাৱ আছে। এফালে আইন আৰু প্ৰতিষ্ঠানসমূহে চাইল্ড লাইন আদিৰ দৰে সুবিধা প্ৰদান কৰে, আনফালে এনে ঘটনাসমূহে এই কথা প্ৰমাণ কৰে যে এই ক্ষেত্ৰত সজাগতাৰ অভাৱ আছে। যদি সেই মাতৃয়ে জানিলেহেঁতেন যে তেওঁৰ সন্তানক সুৰক্ষিতভাৱে চৰকাৰী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব পাৰিলেহেঁতেন, তেওঁ হয়তো এনে নিৰ্মম পদক্ষেপ নল'লেহেঁতেন।
 
বুলন্দচহৰৰ এই ঘটনাটোৱে আমাক এই কথা বুজাই দিছে যে মানৱ জাতিৰ কোনো জাতি, ধৰ্মৰ প্ৰয়োজন নাই। ফাহিমুদ্দিন আৰু ছামিনাই কেৱল এটা নিৰীহ শিশুৰ জীৱন ৰক্ষা কৰাই নহয়, মানৱতা যে সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেয়াও প্ৰমাণ কৰিলে।
 
যি এচামলোকে ধৰ্মীয় মেৰুকৰণ কৰি সমাজখনক বিভাজন কৰাৰ চেষ্টা কৰি থাকে, সেই সময়তে এনে ঘটনাবোৰে ভাতৃত্ববোধ আৰু মানৱতাবাদৰ আশাৰ ৰেঙণি হিচাপে ওলাই আহে। ইয়াৰ দ্বাৰা  আমি এয়াই বুজিব লাগে যে যদি প্ৰতিজন ব্যক্তিয়ে নিজৰ হৃদয়ত সংবেদনশীলতা আৰু সাহস ৰাখে তেনেহ'লে পৃথিৱীখনক অধিক উন্নত আৰু সুৰক্ষিত কৰিব পাৰি।