পৰিৱৰ্তনৰ বাৰ্তাবাহকঃ ৰাজস্থানক গৌৰবান্বিত কৰা ১০ গৰাকী ব্যক্তি

Story by  atv | Posted by  [email protected] • 2 h ago
ৰাজস্থানক গৌৰবান্বিত কৰা ১০ গৰাকী ব্যক্তি
ৰাজস্থানক গৌৰবান্বিত কৰা ১০ গৰাকী ব্যক্তি
 
আৱাজ দ্য ভইচ ব্যুৰ', জয়পুৰ

ৰাজস্থান বালিচহীয়া ভূমি, ঐতিহাসিক দুৰ্গ আৰু প্ৰাণৱন্ত সংস্কৃতিৰ বাবে পৰিচিত যদিও ইয়াৰ প্ৰকৃত পৰিচয় ৰাজ্যখনৰ জনসাধাৰণৰ মাজত নিহিত হৈ আছে। তেওঁলোকে নীৰৱে সমাজলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। 
 
‘আৱাজ দ্য ভইচ’ৰ জনপ্ৰিয় ধাৰাবাহিক প্ৰতিবেদন ‘দ্য চেঞ্জ মেকাৰছ’ৰ অধীনত আমি আপোনালোকক চিনাকি কৰাই দিছো ৰাজস্থানৰ এনে দহজন ব্যক্তিৰ সৈতে, যিয়ে নিজৰ অসাধাৰণ কৰ্মৰে মানুহক অনুপ্ৰাণিত কৰাই নহয়, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা ৰাজস্থানক দেশ আৰু বিশ্বৰ বাবেও গৌৰৱান্বিত কৰি তুলিছে। এই কাহিনীবোৰত ৰাজস্থানৰ মাটিৰ সুগন্ধি আছে, যিয়ে আপোনাক প্ৰভাৱিত নকৰাকৈ থাকিব নোৱাৰে।

১) বাতুল বেগমঃ সংগীত ঐতিহ্যৰ এক জীয়া উত্তৰাধিকাৰঃ

জয়পুৰৰ ৰাজপথত গুঞ্জৰিত হোৱা এটা নাম বাতুল বেগম। ৰাজস্থানৰ মাটিত জন্মগ্ৰহণ কৰা এইগৰাকী অদ্ভুত গায়িকা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক জীয়া উত্তৰাধিকাৰ। নগৌৰ জিলাৰ কেৰাপ গাঁৱৰ মুছলমান পৰিয়াল আৰু মিৰাচী সম্প্ৰদায়ৰ পৰা অহা বাতুলে সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈও শৈশৱতে সংগীতৰ প্ৰতি গভীৰ আকৰ্ষণ গঢ়ি তুলিছিল।

সুৰীয়া কণ্ঠ আৰু সংগীতৰ প্ৰতি থকা আকৰ্ষণে তেওঁক শিল্পী হিচাপে স্বীকৃতি অৰ্জন কৰাই নহয়, প্ৰতিভা যে কোনো বাধাৰ ওপৰত নিৰ্ভৰশীল নহয়, সেই কথাও প্ৰমাণ কৰিলে। বাতুল বেগমৰ কলা তেওঁৰ সমাজ আৰু সমগ্ৰ ৰাজস্থানৰ বাবে প্ৰেৰণাৰ উৎস।

২) আব্দুল চালাম জোহৰঃ খাৰু তৈয়াৰৰ পৰা বিশ্বব্যাপী স্বীকৃতিলৈ

জয়পুৰৰ গোলাপী দেৱাল আৰু ৰঙীন ৰাজপথত বিয়পি পৰা সুগন্ধি কেৱল সুগন্ধিৰ নহয়, ইয়াত এই চহৰৰ পৰিচয়স্বৰূপ পৰম্পৰাগত হস্তশিল্পৰ আত্মাও সন্নিবিষ্ট হৈ আছে। এইবোৰ গলিতে লাখ লাখ টকা মূল্যৰ খাৰু তৈয়াৰ কৰা হয়, যিবোৰ পৰম্পৰাগত সৌন্দৰ্য্যৰ প্ৰতীক আৰু হাজাৰ হাজাৰ হাতৰ কষ্টৰ ফল। এই পৃথিৱীৰ পৰাই শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰা আৰু সমাজ সংস্কাৰৰ দিশত গভীৰ চিন ৰখা এটা নামৰ উন্মেষ ঘটিল, সেয়া হৈছে--আব্দুল চালাম জোহৰ। মণিহাৰ সমাজৰ পৰা অহা জোহৰৰ জন্ম এটা সাধাৰণ পৰিয়ালত, কিন্তু তেওঁৰ সপোন আছিল অসাধাৰণ।
 

আৰিফ খান, আব্দুল চালাম আৰু আব্দুল লতিফ 
 
ককাক হাফিজ মহম্মদ ইছমাইল আৰু পিতৃ-মাতৃ হাজী আব্দুল আজিজ আৰু হাজ্জন কামাৰ জাহানৰ সংগ্ৰাম দেখি তেওঁ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সমাজসেৱাক জীৱনৰ মৌলিক মন্ত্ৰ হিচাপে গঢ়ি তুলিছিল। জয়পুৰৰ ত্ৰিপলিয়া বজাৰত অৱস্থিত তেওঁৰ পূৰ্বপুৰুষৰ দোকান ‘ইণ্ডিয়ান কংগন এণ্ড কালাৰ ষ্ট’ৰৰ পৰা আৰম্ভ কৰি আজি তেওঁ বিশ্বৰ বজাৰত ‘জোহৰ ডিজাইন’, ‘জোহৰ কিং’ আৰু ‘ইণ্ডিয়ান ক্ৰাফ্টছ’ৰ দৰে ব্ৰেণ্ডৰ কাষ চাপিছে। তেওঁ কেৱল এজন সফল উদ্যোগী নহয়, তেওঁ সমাজ আৰু পৰম্পৰাগত শিল্পক নতুন উচ্চতালৈ লৈ যোৱা এজন সমাজ সংস্কাৰক।

৩) আব্দুল লতিফ ‘আৰ্কো’: ব্যৱসায় আৰু সমাজ সেৱাৰ সংগম

গোলাপী চহৰ জয়পুৰ সংস্কৃতিৰ লগতে সমাজলৈ পৰিৱৰ্তন অনা লোকসকলৰ বাবেও পৰিচিত। সমগ্ৰ ৰাজস্থানত ‘আৰ্কো’ নামেৰে পৰিচিত ৰাজধানী জয়পুৰৰ চিনি কি বুৰ্জত বাস কৰা আব্দুল লতিফ চাহাব তেনে এক বিশেষ ব্যক্তিত্ব। ১৯৪৬ চনত চমু নামৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা আব্দুল লতিফৰ কাহিনী আৰম্ভ হৈছে এটা সাধাৰণ পৰিয়ালৰ পৰা।

তেওঁৰ পিতৃ ৰহমাতুল্লাহ আৰু মাতৃ হাফিজানে তেওঁক কঠোৰ পৰিশ্ৰম, সততা আৰু মানুহক সহায় কৰাৰ অভ্যাস গঢ়ি তুলিছিল, যিটো তেওঁৰ জীৱনৰ আধাৰ হৈ পৰিছিল। তেওঁৰ কোম্পানী আব্দুল ৰাজাক এণ্ড কোম্পানী (আৰ্কো) আজি ইলেক্ট্ৰিক মটৰ, ফেন আৰু কুলাৰৰ লগতে সমাজ সেৱাৰ বাবেও এক ডাঙৰ নাম। ইয়াৰ উপৰিও হোটেল আৰ্কো পেলেচ তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাৰ প্ৰতীক। আব্দুল লতিফৰ কাহিনী কেৱল এজন ব্যৱসায়ীৰ কথা নহয়, বৰঞ্চ ব্যৱসায়িক আৰু সামাজিক দায়বদ্ধতাৰ সংমিশ্ৰণেৰে সমাজৰ উন্নতিৰ পথ বাছি লোৱা এজন ব্যক্তিৰ কাহিনী।

৪) মহিলা কাজী নিশাত হুছেইনঃ কু-সংস্কাৰ ভংগ কৰা এক নতুন কণ্ঠ

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ জোহৰি বজাৰৰ সৰু পথত অৱস্থিত এটা সৰু অফিচৰ পৰা উঠি অহা কণ্ঠই আজি সমগ্ৰ সমাজখনকে পৰিৱৰ্তনৰ বাবে অনুপ্ৰাণিত কৰিছে। এয়া নিশাত হুছেইনৰ কণ্ঠ - ৰাজস্থানৰ প্ৰথম মুছলমান মহিলা কাজী, সমাজকৰ্মী আৰু মুছলমান মহিলাৰ অধিকাৰৰ প্ৰবল সমৰ্থক। তেওঁৰ জীৱন যাত্ৰা সাহস, সংগ্ৰাম আৰু পৰিৱৰ্তনৰ নিদৰ্শন, যিয়ে হাজাৰ হাজাৰ মহিলাক সচেতন কৰাই নহয়, জীয়াই থকাৰ এক নতুন দিশো প্ৰদান কৰিছে।

কৰৌলী জিলাৰ সীতাবাৰী মহল্লাত জন্মগ্ৰহণ কৰা নিশাতৰ শৈশৱ সাম্প্ৰদায়িক সম্প্ৰীতিৰ মাজতে পাৰ হৈছিল, য'ত তেওঁলোকৰ পৰিয়ালটোৱেই আছিল অঞ্চলটোৰ একমাত্ৰ মুছলমান পৰিয়াল আৰু তেওঁলোকৰ ঘৰৰ সন্মুখত তিনিটা মন্দিৰ আছিল। 

তেওঁ কয়, "আমি নাজানিছিলো কোন হিন্দু আৰু কোন মুছলমান।" ছোৱালীৰ শিক্ষাক গুৰুত্ব নিদিয়া কৰৌলীৰ দৰে পিছপৰা অঞ্চলত নিশাতে ইতিহাসৰ সৃষ্টি কৰিছে। তেওঁ সমগ্ৰ জিলাখনৰ ভিতৰতে দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী মুছলমান ছোৱালী হৈছিল। ১২০০ গৰাকী ছোৱালীৰ ভিতৰত একমাত্ৰ মুছলমান ছাত্ৰী হিচাপে তেওঁ এই সুখ্যাতি অৰ্জন কৰিছিল। আজি তেওঁৰ কণ্ঠ মুছলমান মহিলাৰ অধিকাৰৰ প্ৰতীক হৈ পৰিছে।
 

বাতুল বেগম
 
৫) কেপ্তেইন মিৰ্জা মহতাছিম বেইগ আৰু ৰুবী খানঃ সমাজ সেৱাৰ প্ৰেৰণাদায়ক দম্পতী

গোলাপী নগৰ নামেৰে জনাজাত জয়পুৰখন সমাজৰ উন্নতিৰ বাবে অহৰহ চেষ্টা কৰা সকলৰ বাবেও পৰিচিত। তেনে এক প্ৰেৰণাদায়ক দম্পতী হৈছে কেপ্তেইন মিৰ্জা মহতাছিম বেইগ আৰু তেওঁৰ পত্নী ৰুবী খান। কেপ্তেইন মিৰ্জা ৰাজস্থানৰ প্ৰথমজন মুছলমান পাইলট আৰু বিগত ২৫ বছৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলাই আহিছে। 

একে সময়তে তেওঁৰ পত্নী ৰুবী এগৰাকী সক্ৰিয় সমাজকৰ্মী আৰু ৰাজনীতিবিদ। দুয়োৰে বিশ্বাস যে যদি আমি সমাজত পৰিৱৰ্তন আনিব বিচাৰো তেন্তে আমি নিজেই উদ্যোগ ল’ব লাগিব। দুয়োজনে মিলি চিকিৎসা শিবিৰ, নথিপত্ৰ শিবিৰ, বিনামূলীয়া ৰেচন বিতৰণ আৰু ছোৱালীৰ বিবাহত সহায়ৰ দৰে বহু সামাজিক প্ৰচেষ্টা আৰম্ভ কৰিছে। এই দম্পতিহালে প্ৰমাণ কৰে যে আমি যদি একেলগে কাম কৰোঁ, তেতিয়া সমাজত ডাঙৰ পৰিৱৰ্তন আনিব পৰা যাব।

৬) ড° আৰিফ খানঃ ইতিহাস সৃষ্টি কৰা গাঁৱৰ বিজ্ঞানী

৩৪ বছৰ পূৰ্বে ৰাজস্থানৰ হনুনগড় জিলাৰ মাছানী নামৰ সৰু গাঁৱত এটা তৰা জিলিকি উঠিছিল—ড০ আৰিফ খান। পথাৰত কষ্ট কৰি দিন আৰু ৰাতি মুকলি আকাশৰ তলত কটোৱা এক পৰিৱেশত আৰিফ খানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অধিবক্তা ফৰিদ খানে বিচাৰিছিল যে তেওঁৰ পুত্ৰ ডাক্তৰ হওক। মাক আৰু ককাকৰো একেই সপোন আছিল। কিন্তু মাছানীত স্কুল কম আছিল আৰু সপোন বাস্তৱায়িত কৰাৰ পথ কঠিন আছিল। তথাপিও আৰিফ খানৰ অন্তৰত কিবা এটা লাভ কৰাৰ এক আবেগ আছিল। 

কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা তেওঁ জৈৱ বিজ্ঞানী হৈ পৰিয়াল আৰু গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে। গাখীৰ আৰু খাদ্য সামগ্ৰীৰ ওপৰত তেওঁৰ গৱেষণাই পৰিৱৰ্তনৰ জোৱাৰ আনিছিল। তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে যদি উদ্দেশ্য সবল হয়, তেন্তে সৰু গাঁৱৰ ল’ৰা এটাও বিজ্ঞানী হৈ দেশক গৌৰৱ অনুভৱ কৰাব পাৰে।
 

কেপ্তেইন মিৰ্জা মহতাছিম, মাইনুনা নাৰ্গিছ আৰু নাইম খান
 
৭) মাইনুনা নাৰ্গিছঃ শিল্প সংৰক্ষণৰ প্ৰথম ছিয়া মুছলমান মহিলা

ভাৰতৰ দৰে বিশাল দেশত শিল্প সংৰক্ষণ এনে এক ক্ষেত্ৰ যিয়ে কেৱল ইতিহাস সংৰক্ষণ কৰাই নহয়, ভৱিষ্যত প্ৰজন্মকো আমাৰ ঐতিহ্যৰ সৈতে সংযোগ কৰে। এই ক্ষেত্ৰত এক অনন্য নাম হৈছে দেশৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ছিয়া মুছলমান মহিলা কলা সংৰক্ষক মাইনুনা নাৰ্গিছ। 

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ এখন সৰু চহৰ বাহজোইত জন্মগ্ৰহণ কৰা মাইমুনাৰ শৈশৱ একেবাৰে সাধাৰণ আছিল যদিও সপোন আছিল অসাধাৰণ। ৰাজস্থান এতিয়া মাইনুনাৰ দ্বিতীয় ঘৰ হিচাপে পৰিগণিত হৈছে।

তেওঁৰ দেউতাক উত্তৰ-প্ৰদেশ আৰক্ষীত আছিল আৰু তেওঁ নাৰ্গিছক সদায় উৎসাহিত কৰিছিল। আলিগড় মুছলিম ইউনিভাৰ্চিটি (এএমইউ)ৰ পৰা ফাইন আৰ্টছ অধ্যয়ন কৰাৰ পিছত মিউজিঅ’লজীত তেওঁ ডিপ্লমা কৰে, যিটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট হৈ পৰে। মাইনুনাৰ কাহিনী কেৱল পেছাদাৰী সফলতাৰ নহয়, আবেগ, সংগ্ৰাম আৰু আত্মবিশ্বাসৰ কাহিনী, যিয়ে ইতিহাসৰ ভগ্ন টুকুৰাবোৰক পুনৰ সজীৱ কৰি তোলে।

৮) যোগ গুৰু নাইম খানঃ সংগীতৰ পৰা যোগলৈ বিশ্বব্যাপী যাত্ৰা

বালিচহীয়া ৰাজস্থানৰ সাংস্কৃতিক ৰাজধানী যোধপুৰৰ ৰাজপথৰ পৰা উঠি আহি আন্তঃৰাষ্ট্ৰীয় মঞ্চত আধ্যাত্মিক আভা বিয়পাই দিয়া যোগগুৰু নাইম খানৰ জীৱন যাত্ৰা এক অনন্য উদাহৰণ। এজন সাধাৰণ মানুহৰ পৰা বিশ্বব্যাপী যোগগুৰুলৈ তেওঁৰ যাত্ৰাই যোগক ধৰ্ম, সংস্কৃতি আৰু সীমাৰ বাহিৰত এক সাৰ্বজনীন শক্তি হিচাপে উপস্থাপন কৰে। 

নাইম ​​খানৰ জন্ম হৈছিল এনে এটা পৰিয়ালত য’ত প্ৰতিটো উশাহতে সংগীত বিয়পি আছিল। তেওঁৰ ককাক উস্তাদ উমৰ্দিন খান যোধপুৰ ৰাজপৰিয়ালৰ দৰবাৰী সংগীতজ্ঞ আছিল, আনহাতে তেওঁৰ মাতৃৰ ফালৰ ককাক আছিল পদ্মভূষণ বঁটা বিজয়ী সৰোদ বাদক উস্তাদ চুলতান খান। কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে সংগীতৰ সেই পৰম্পৰাগত শিখা ম্লান হ’বলৈ ধৰিলে। নাইম ​​আৰু ভায়েক ব্যৱসায়ৰ লগত জড়িত হ’ল, কিন্তু যোগে নাইমক এক নতুন দিশ দিলে আৰু তেওঁ ইয়াক গোলকীয় পৰ্যায়ত জনপ্ৰিয় কৰি তোলে।

৯) পদ্মশ্ৰী ছাকিৰ আলীঃ ক্ষুদ্ৰ চিত্ৰকলাৰ পৃষ্ঠপোষক

শিল্পৰ সুগন্ধিয়ে জয়পুৰৰ আকাশ-বতাহ সদায় মুখৰিত কৰি ৰাখে। ক্ষুদ্ৰ চিত্ৰকলাৰ কথা আহিলে চৈয়দ ছাকিৰ আলীৰ নামটো স্বতঃস্ফূৰ্তভাৱে চৰ্চালৈ আহে। পদ্মশ্ৰী বঁটা বিজয়ী চৈয়দ ছাকিৰ আলী কেৱল এই শিল্পৰ এজন মহান সাধক নহয়, ৰাজস্থানৰ সাংস্কৃতিক ঐতিহ্যৰো ৰক্ষক। ১৯৫৬ চনত উত্তৰ প্ৰদেশৰ জলেছাৰ গাঁৱত জন্মগ্ৰহণ কৰা ছাকিৰ আলীৰ পৰিয়ালে পৰৱৰ্তী সময়ত জয়পুৰত বসতি স্থাপন কৰে, আৰু ইয়াতেই তেওঁৰ শিল্পকৰ্মই এক নতুন দিশ লাভ কৰে। আজি তেওঁ কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ৰাজস্থানৰ এই পৰম্পৰাগত কলাক স্বীকৃতি কঢ়িয়াই আনিছে।
 

কাজী নিশাত হুছেইন, পদ্মশ্ৰী ছাকিৰ আলী আৰু চৈয়দ আনোৱাৰ শ্বাহ
 
১০) চৈয়দ আনোৱাৰ শ্বাহঃ হাজাৰ হাজাৰ কন্যাৰ শিক্ষাৰ পোহৰ

আজিৰ পৰা ৩০ বছৰ আগতে জয়পুৰৰ এটা সৰু কোঠাত এটা সপোনৰ জন্ম হৈছিল – যিটো সপোন এতিয়া হাজাৰ হাজাৰ কন্যাৰ বাবে শিক্ষাৰ পোহৰ হৈ পৰিছে। এয়া চৈয়দ আনোৱাৰ শ্বাহৰ কাহিনী, যাক মানুহে মৰমেৰে মাষ্টাৰ আনোৱাৰ শ্বাহ বুলি কয়। তেওঁ কেৱল জীয়েকৰ শিক্ষাৰ সপোন দেখাই নহয়, সমগ্ৰ সম্প্ৰদায়ৰ কন্যাসকলৰ বাবেও ইয়াক প্ৰগতিৰ মাধ্যম হিচাপে গঢ়ি তুলিছে। আজি তেওঁৰ শিক্ষানুষ্ঠান আল-জামিয়া-তুল আলিয়াই কেৱল জয়পুৰতে নহয়, সমগ্ৰ ভাৰত আৰু বিদেশতো জ্ঞান আৰু ইছলামিক নৈতিকতাৰ বাৰ্তা বিয়পাইছে। 

১৯৮০ চনত ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসন বিষয়ত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰা চৈয়দ আনোৱাৰ শ্বাহে ১৯৯৫ চনত তেওঁৰ কন্যা আলিয়াৰ জন্মৰ সময়ত সিদ্ধান্ত লয় যে এতিয়া তেওঁ নিজৰ কন্যাৰ শিক্ষাৰ বাবে এনে এখন প্ৰতিষ্ঠান স্থাপন কৰিব যিটো ইছলামিক পৰিৱেশত লৌকিক আৰু ধৰ্মীয় উভয় শিক্ষাৰ এক শক্তিশালী সংমিশ্ৰণ হ’ব। আজি তেওঁৰ এই প্ৰচেষ্টা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে এক আশীৰ্বাদ হৈ পৰিছে।