মানৱতাৰ নিদৰ্শনঃ বিয়াৰ সমদল এৰি মাজৰাস্তাত বিপদত পৰা যুৱকৰ বাইক মেৰামতিত নামিল দৰা

Story by  atv | Posted by  Munni Begum • 3 h ago
বিয়াৰ সমদল এৰি মাজৰাস্তাত বিপদত পৰা যুৱকৰ বাইক মেৰামতিত নামিল দৰা
বিয়াৰ সমদল এৰি মাজৰাস্তাত বিপদত পৰা যুৱকৰ বাইক মেৰামতিত নামিল দৰা
 
আমিৰ ইকবাল / নতুন দিল্লী 
 
বিয়াৰ দিনটো প্ৰতিজন মানুহৰ বাবেই জীৱনৰ আটাইতকৈ বিশেষ আৰু আনন্দৰ দিন। ৰেচমৰ শ্বেৰৱানী, মূৰত পাগুৰি আৰু চাৰিওফালে ঢোল-পেঁপাৰ শব্দ। প্ৰতিজন দৰায়েই বিচাৰে যে তেওঁক বিয়াৰ সমদলত এজন 'ৰাজকুমাৰ’ৰ দৰে দেখাকৈ লাগক আৰু গৌৰৱেৰে কইনাৰ ঘৰত গৈ উপস্থিত হওক। কিন্তু এই উখল-মাখল পৰিৱেশৰ মাজতো যদি কোনোবাই নিজৰ সাজ-পাৰ আৰু সময়ৰ কথা পাহৰি আনৰ বিপদত সহায়ৰ হাত আগবঢ়ায়, তেন্তে তেওঁ প্ৰকৃত অৰ্থতেই এজন 'নায়ক' হৈ পৰে।
 
ৰাজস্থানৰ এজন দৰাই ঠিক এনেকুৱাই এক কাম কৰি সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰিছে। তেওঁ নিজৰ বিয়াৰ দিনা এনে এক কাম কৰি 'ৰাজকুমাৰ' হোৱাৰ সংজ্ঞাই সলনি কৰি দিলে। তেওঁ প্ৰমাণ কৰি দিলে যে প্ৰকৃত উজ্জ্বলতা কাপোৰত নহয়, মানুহৰ কৰ্মতহে থাকে।
সম্প্ৰতি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ' তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো ৰাজস্থানৰ বুলি দাবী কৰা হৈছে। ভিডিঅ'টোত দেখা গৈছে যে দৰাজনে নিজৰ বিয়াৰ সমদলৰ সৈতে পূৰ্ণ উলাহেৰে গৈ আছে। ডিজে'ত গান বাজি আছে। বৰযাত্ৰীসকল নাচি আছে। পৰিৱেশটো আনন্দ আৰু উলাহেৰে ভৰি আছে। তেনেতে হঠাৎ দৰাৰ চকু ৰাস্তাৰ দাঁতিত ৰৈ থকা এজন নিৰুপায় যুৱকৰ ওপৰত পৰে। ল'ৰাজনক বহুত চিন্তিত যেন লাগিছিল। তেওঁৰ মটৰচাইকেলখনৰ পিছফালৰ চকাটো সম্পূৰ্ণৰূপে বহি গৈছিল। মটৰচাইকেলখন পাংচাৰ হৈ আছিল।
 
দৰাজনে দেখিলে যে ল'ৰাজনৰ লগত এগৰাকী বৃদ্ধা মহিলা বহি আছে। মহিলাগৰাকীক অসুস্থ যেন লাগিছিল। ল'ৰাজনৰ চকুত এক অস্বাভাৱিক অস্থিৰতা আছিল। তেওঁ নিজৰ অসুস্থ মাতৃক যিমান পাৰি সোনকালে চিকিৎসালয়লৈ নিব বিচাৰিছিল। কিন্তু বেয়া হৈ থকা গাড়ীখনে তেওঁৰ হাত-ভৰি বান্ধি পেলাইছিল। বিয়াৰ সমদলত কোলাহল আছিল, নাচ-গান আছিল, কিন্তু দৰাৰ দৃষ্টি সেই নীৰৱ যন্ত্ৰণাত আৱদ্ধ হৈ পৰিল।
 
ইয়াৰ পৰাই কাহিনীটোৱে এনে এক মোৰ ল'লে যিটো তাত উপস্থিত থকা কোনো এজন বৰযাত্ৰীয়ে কল্পনাও কৰা নাছিল। দৰাজনে লগে লগে নিজৰ গাড়ীখন ৰখাই দিলে। মানুহবোৰ আচৰিত হৈছিল যে এনে সময়ত হঠাৎ বিয়াৰ সমদল কিয় ৰৈ গ'ল। দৰাজন নিজৰ সজাই-পৰাই থোৱা গাড়ীখনৰ পৰা তললৈ নামি আহিল।
 
তেওঁ নিজৰ দামী শ্বেৰৱানীযোৰলৈ ভ্ৰুক্ষেপ নকৰিলে। তেওঁ এবাৰলৈও নাভাবিলে যে তেওঁৰ হাতত মেহেন্দি লাগি আছে বা তেওঁৰ কাপোৰবোৰ লেতেৰা হৈ যাব। তেওঁ পোনে পোনে ল'ৰাজনৰ ওচৰলৈ গ'ল আৰু মটৰচাইকেলৰ চকাটো চাবলৈ ধৰিলে।
 
পৰৱৰ্তী মুহূৰ্ততে যি দৃশ্য দেখা গ'ল, সেই দৃশ্যই সকলোৰে হৃদয় জয় কৰিলে। দৰাজন নিজেই আঁঠু কাঢ়ি ৰাস্তাত বহি পৰিল আৰু মটৰচাইকেলৰ পাংচাৰ ঠিক কৰিবলৈ ধৰিলে। তেওঁৰ সজাই থোৱা হাত দুখন গ্ৰীজ আৰু মাটিৰে ক'লা হ'বলৈ ধৰিলে। যিখন মুখত বিয়াৰ আনন্দ আছিল, এতিয়া তাত ঘাম বিৰিঙি উঠিছে। কিন্তু সেই ঘামৰ মাজতো এক সুকীয়া শান্তি আছিল। বৰযাত্ৰীসকলে ৰৈ এই সকলোবোৰ চাই আছিল। কিছুমানে ভিডিঅ' বনাই আছিল, আকৌ কিছুমানে দৰাৰ এই সৰলতা দেখি আচৰিত হৈ পৰিছিল।
 
মাজৰাস্তাত বিপদত পৰা যুৱকৰ বাইক মেৰামতি কৰি থকা অৱস্থাত দৰা
 
দৰাজনে অলপ সময়ৰ ভিতৰতে পাংচাৰটো ঠিক কৰি দিলে। তেওঁ ল'ৰাজনক সহায় কৰিলে আৰু অসুস্থ মাতৃক চিকিৎসালয়লৈ যাবলৈ বিদায় দিলে। ল'ৰাজনে যেতিয়া মাকক লৈ চিকিৎসালয়ৰ ফালে আগবাঢ়িল, তেতিয়া তেওঁৰ চকুত দৰাৰ বাবে যি আশীৰ্বাদ আছিল, সেয়া পৃথিৱীৰ যিকোনো উপহাৰতকৈয়ো মূল্যৱান আছিল। ইয়াৰ পিছত দৰাজন উঠিল, হাত দুখন মচিলে আৰু আকৌ নিজৰ বিয়াৰ সমদলত চামিল হৈ পৰিল।
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম 'X'ত Saral Vyangya নামৰ এটা হেণ্ডেলৰ পৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে। এতিয়ালৈকে এই ভিডিঅ'টো এক লাখ ত্ৰিছ হাজাৰৰো অধিক লোকে চাইছে। ভিডিঅ'টোত দৰাৰ সাজ-পাৰৰ পৰা তেওঁক মুছলমান সম্প্ৰদায়ৰ যেন লাগিছে, অৱশ্যে তেওঁৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু ইণ্টাৰনেটৰ পৃথিৱীখনত ধৰ্মতকৈ বেছি চৰ্চা তেওঁৰ মানৱতাক লৈহে হৈছে। মানুহে তেওঁক Real Hero বুলি কৈছে।
 
প্ৰায়ে কোৱা হয় যে বিয়াত মানুহে কেৱল লোকক-দেখুওৱা আৰু অবাবত খৰচ কৰাৰ ওপৰতহে গুৰুত্ব দিয়ে। কিন্তু এই অচিনাকি দৰাজনে এক নতুন দৃষ্টান্ত দাঙি ধৰিলে। তেওঁ পৃথিৱীখনক জনালে যে মানৱতা কোনো শুভক্ষণৰ বাবে ৰৈ নাথাকে। কাৰোবাক সহায় কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰা নহয়, বৰং যিয়ে সময়ত সহায় কৰে তেৱেঁই প্ৰকৃত মানুহ।
 
আজিৰ যুগত য'ত মানুহে ৰাস্তাত কোনো দুৰ্ঘটনা দেখিও নিজৰ গাড়ী নৰখায়, তাত এজন দৰাই নিজৰ বিয়াৰ সমদল ৰখাই কোনো অচিনাকি ব্যক্তিক সহায় কৰা কাৰ্যই আমাক বহু কথাই শিকায়।
 
এই ভিডিঅ'টোৱে আমাক সোঁৱৰাই দিয়ে যে আমাৰ ভিতৰৰ মানৱীয় অনুভূতিবোৰৰ এতিয়াও মৃ্ত্যু ঘটা নাই। ছ’চিয়েল মিডিয়াত মানুহে কৈছে যে যিগৰাকী ছোৱালীৰ লগত এই দৰাৰ বিয়া হ'ব, তেওঁ বহুত ভাগ্যৱতী হ'ব কাৰণ তেওঁ এনে এজন জীৱনসংগী পাইছে যাৰ হৃদয়ত আনৰ বাবে সমবেদনা আৰু সন্মান আছে।