ফাৰহাদ ইজৰাইলী
আলিগড়ৰ ঐতিহাসিক জামা মছজিদ কেৱল এক ধৰ্মীয় স্থানেই নহয়, এই মছজিদ ভাৰতৰ প্ৰথমটো স্বাধীনতা আন্দোলনৰ এক নীৰৱ সাক্ষীও। ইয়াৰ সুউচ্চ দেৱাল, সুউচ্চ গম্বুজ আৰু প্ৰতিটো স্তম্ভতে ভাৰতৰ গৌৰৱ, ত্যাগ আৰু বীৰত্বৰ কাহিনী লুকাই আছে।
এই মছজিদৰ চৌহদত, ১৮৫৭ চনৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ৭৩ জন মুক্তিযোদ্ধাৰ সমাধি আছে। যিয়ে এই মছজিদটোক এক অনন্য আৰু পবিত্ৰ স্মৃতিস্তম্ভ হিচাপে গঢ়ি তুলিছে।
১৮৫৭ চনৰ বিপ্লৱ আৰু জামা মছজিদৰ ভূমিকা
১৮৫৭ চনৰ ১০ মে 'ৰ পৰা ১৮৫৮ চনৰ ১ নৱেম্বৰলৈকে চলা আন্দোলন আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে ভাৰতীয়সকলৰ প্ৰথম সংগঠিত বিদ্ৰোহ। ব্ৰিটিছে ইয়াক বিদ্ৰোহ বুলি কয়, কিন্তু ভাৰতৰ ইতিহাসত ই আছিল স্বাধীনতাৰ প্ৰথম জুই।
আলিগড় শ্বাহী জামা মছজিদৰ এক সমাধি
এই বিপ্লৱত জাতি, ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল। মুছলমানসকলেও এই বিপ্লৱত কান্ধত কান্ধ মিলাই আগ-ভাগ লৈছিল। আলিগড়ৰ জামা মছজিদ ইয়াৰ এক ঐতিহাসিক উদাহৰণ।
মৌলানা আব্দুল জলিল ইজৰাইলী শ্বহীদ
আলিগড়ৰ এই মছজিদৰ ইমাম, মৌলানা আব্দুল জালিল ইজৰাইলী কেৱল এজন ধৰ্মীয় নেতা নাছিল, তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে জেহাদৰ ঘোষণা কৰি তেওঁৰ সহযোগী আৰু ছাত্ৰসকলৰ সৈতে মৈদান-এ-জং (যুদ্ধৰ মৈদান বা পথাৰ) ত অংশগ্ৰহণ কৰিছিল। অৱশেষত তেওঁ শ্বহীদ হৈছিল। তেওঁক আৰু তেওঁৰ সহযোগীসকলক এই মছজিদৰ চৌহদতে সমাধিস্থ কৰা হৈছিল।
এই শ্বহীদসকলৰ গুৰুত্ব কেৱল স্থানীয় অঞ্চলতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট গুৰুত্ব দিয়া হয়। বিখ্যাত পণ্ডিত আৰু পদ্মশ্ৰী প্ৰাপক অধ্যাপক জিলুৰ ৰহমানে মৌলানা আব্দুল জলিল ইজৰাইলীৰ শ্বহীদ হোৱাৰ কথা স্মৰণ কৰি কয় যে, ৰাছুলুল্লাহে দেওবন্দৰ প্ৰতিষ্ঠাপক মৌলানা কাছিম নানৌতৱীক সপোনত এই ইংগিত দিছিল যে, "মোৰ বন্ধু আলিগড়ত শ্বহীদ হৈছে, যোৱা আৰু তেওঁৰ সন্তানক শিক্ষা প্ৰদান কৰা।"
মছজিদৰ উত্তৰ অংশত থকা কবৰস্থান, য'ত ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ সৈতে যুঁজি মছজিদৰ ইমাম মৌলানা জলিলৰ নেতৃত্বত মৃত্যুবৰণ কৰা ৭৩ জন শ্বহীদক সমাধিস্থ কৰা হৈছিল
শিক্ষাৰ উত্তৰাধিকাৰ আৰু নানৌতৱীৰ অৱদান
এই স্বপ্নৰ পিছত মৌলানা কাছিম নানৌতৱী আলিগড়ত উপস্থিত হৈছিল আৰু শ্বহীদ মৌলানা আব্দুল জালিলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছিল। তেওঁ শিক্ষাদানৰ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু পৰিয়ালে অক্ষমতা প্ৰকাশ কৰি কৈছিল যে তেওঁলোকে মাচুল আদায় দিব নোৱাৰে।
তাৰপিছত মৌলানা নানৌতৱীয়ে কৈছিল, "আমাৰ কঠোৰ পৰিশ্ৰমৰ বাবে মাচুলৰ প্ৰয়োজন নাই, মই ইয়াত ৰাছুলৰ (ছ:) আদেশ পালন কৰিবলৈ আহিছো। আমাক শিক্ষাদানৰ বাবে অলপ ঠাই দিয়ক।" তাৰপিছত তেওঁ সেই পৰিয়ালৰ অন্য শিশুসকলকো পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল, যিয়ে এক নতুন শৈক্ষিক পথৰ সূচনা কৰিছিল।
৭৩ গৰাকী শ্বহীদ, এটা মছজিদ আৰু এক ঐতিহ্য
ইতিহাসবিদসকলৰ মতে, বিশ্বৰ অন্য কোনো মছজিদতে ৭৩ জন মুক্তিযোদ্ধাৰ সমাধিস্থল নাই। এইটো কেৱল জামা মছজিদ নহয়, ই এখন শ্বহীদ মৈদামো। আমাৰ এই ভূমিয়ে সেইসকল সন্তানৰ বলিদানক সাৰথি কৰি ৰাখিছে, যিসকলে স্বাধীনতাৰ বাবে হাঁহি হাঁহি প্ৰাণ ত্যাগ কৰিছিল।
আলিগড় শ্বাহী জামা মছজিদৰ ভিতৰৰ অংশ
মৌলানা আব্দুল জালিল ইজৰাইলীৰ নাতি ইঞ্জিনিয়াৰ ৰহাত চুলতান ইজৰাইলীয়ে কয় যে, আজি তেওঁৰ পঞ্চম প্ৰজন্ম সক্ৰিয় আৰু নিজৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰ ৰক্ষা কৰি দেশক সেৱা আগবঢ়াই আছে। শ্বহীদ হোৱাৰ পিছতো আমাৰ জ্যেষ্ঠসকলে সাহস হেৰুওৱা নাছিল আৰু দেশৰ সেৱা আৰু শিক্ষাৰ পথত অগ্ৰসৰ হৈছিল।
সেই বলিদানক প্ৰণাম
জামা মছজিদৰ সমাধিস্থলসমূহ কেৱল সাধাৰণ সমাধিস্থল নহয়, সেইবোৰ হ'ল শ্বহীদৰ অন্তৰাত্মাৰ সমাধিস্থল, যিয়ে সকলো বয়সৰ মানুহৰ বাবে স্বাধীনতা, ত্যাগ আৰু আত্মসন্মানৰ শিক্ষা দি আহিছে। এই মছজিদটো কেৱল আলিগড়ৰ পৰিচয় নহয়, ই ভাৰতৰ স্বাধীনতাৰ এক অন্যতম সাক্ষী, য'ত দেৱালবোৰেও কথা কয় আৰু গম্বুজবোৰেও গৌৰৱেৰে স্বাধীনতাৰ সাক্ষী দিয়ে।