আৱাজ দ্য ভইচ অসম ব্যুৰ'
বহু ছবিৰ বিফলতা আৰু দীৰ্ঘদিনীয়া বিৰতিৰ পিছত ২০২৩ চনত শ্বাহৰুখ খানে ছবি জগতলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছিল। তেওঁৰ 'পাঠান' আৰু 'জৱান' নামৰ দুখন ছবিয়ে ডাঙৰ পৰ্দাত খলকনি তুলিছিল। এই দুয়োখন ছবিয়ে একেলগে বিশ্বজুৰি ২০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।
কিন্তু কিহৰ বাবে বলীউদৰ বাদশ্বাহৰ এই সফল প্ৰত্যাৱৰ্তন সম্ভৱ হৈছিল? কেৱল অভিনয় বা ছবিৰ কাহিনীৰ বাবেই তেওঁ এই সাফল্য অৰ্জন কৰিছিল বুলি অনুভৱ নকৰে জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক আনন্দ পণ্ডিতে। তেওঁ কয় যে শ্বাহৰুখ খানৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ আঁৰত আছিল বাস্তু শাস্ত্ৰ। ই তেওঁৰ শেহতীয়া সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
উল্লেখ্য যে, আনন্দ পণ্ডিত শ্বাহৰুখ খানৰ অতি ঘনিষ্ঠ আৰু বাস্তু শাস্ত্ৰক ভালদৰে জানে। তেওঁ কয় যে জাব হেৰী মেট চেজল (Jab Harry Met Sejal) আৰু জিৰ’ (Zero)ৰ দৰে চিনেমা বিফল হোৱাৰ পিছত শ্বাহৰুখে তেওঁৰ সহায় বিচাৰিছিল। আনন্দ পণ্ডিতে এছআৰকেৰ আৱাসগৃহ 'মন্নত' পৰিদৰ্শন কৰে আৰু বাস্তু পদ্ধতি ব্যৱহাৰ কৰি ঘৰখনৰ এনাৰ্জী সলনি কৰে।
প্ৰযোজক আনন্দ পণ্ডিতৰ সৈতে শ্বাহৰুখ খান
তেওঁ কয়, “ঘৰৰ আইনা এখন সঠিক ঠাইলৈ লৈ যোৱাটোৱেও ঘৰখনৰ শক্তি উন্নত কৰাত সহায় কৰিছিল।”
ইয়াৰ পিছত শ্বাহৰুখৰ বাবে কথাবোৰ লাহে লাহে ভালৰ দিশে সলনি হ’বলৈ ধৰিলে। কিন্তু কথাটো কেৱল বাস্তু বা পৰিকল্পনাৰ কথা নাছিল।
শ্বাহৰুখেও তেওঁৰ আৱেগিক সংগ্ৰামৰ বিষয়ে শ্বেয়াৰ কৰে। ডুবাইত দিয়া এটা বক্তৃতাত তেওঁ কয়, “সেই কঠিন সময়ছোৱাত মই বাথৰুমত সোমাই বহুত কান্দিছিলো। সেই সময়ত মই অকলশৰীয়া অনুভৱ কৰিছিলো।”
তেওঁ আৰু কয়, “আপুনি অলপ সময়ৰ বাবে দুখ অনুভৱ কৰিব পাৰে, কিন্তু তাৰ পিছত আপুনি শিকিব লাগিব আৰু আগবাঢ়িব লাগিব।”
শ্বাহৰুখ খান
তেওঁৰ এই বাৰ্তাই বহু অনুৰাগীক চুই গৈছিল। মানুহে এজন ছুপাৰষ্টাৰৰ প্ৰকৃত আৰু আৱেগিক দিশটো দেখিছিল। জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক আনন্দ পণ্ডিতৰ ৬০ সংখ্যক জন্মদিন উদযাপনৰ সময়তে এছ আৰ কে আৰু তেওঁৰ কটকটীয়া বন্ধুত্বৰ সম্পৰ্ক ৰাজহুৱা হৈছিল। শ্বাহৰুখে তেওঁক নিজৰ “আধ্যাত্মিক গুৰু” আখ্যা দি তেওঁৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে ধন্যবাদ জনায়।
শ্বাহৰুখ খানৰ সফলতাৰ যাত্ৰালৈ ঘূৰি অহাটোৱে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ শক্তিক প্ৰতিফলিত কৰিছে। চিত্ৰনাট্য সলনি কৰাই হওক বা ঘৰৰ দাপোন সলনি কৰাই হওক, বলীউডৰ বাদশ্বাহে উভতি অহাৰ পথ বিচাৰি পালে শক্তি, সাহস, উত্সাহ আৰু দৃঢ় মনোবলেৰে।