পুনৰ বলীউডৰ ভাইজান ছলমান খানক হত্যাৰ ভাবুকি

Story by  atv | Posted by  [email protected] • 1 Years ago
অভিনেতা ছলমান খান
অভিনেতা ছলমান খান
 
নতুন দিল্লী
 
বলীউডৰ অভিনেতা ছলমান খানক পুনৰবাৰ হত্যা কৰাৰ ভাবুকি দিছে । মুম্বাইৰ ৱৰ্লিত পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত অভিনেতাজনক ঘৰতে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল।
 
ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।মুম্বাইৰ ৱৰ্লি পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত এই ভাবুকি দিয়া হৈছে।
 
বৰ্তমান কোনে এই ভাবুকি দিছে সেয়া জানিব পৰা হোৱা নাই।উল্লেখ্য যে ইয়াৰ পূৰ্বে ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা হৈছিল।
 
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে লৰেন্স বিষ্ণই গেঙে ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। তাৰ পিছতেই মুম্বাই আৰক্ষীয়ে ছলমান খানৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিছিল।