৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ গ্ৰহণ কৰিব

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
গুৱাহাটী 
 
৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।  
 
শুকুৰবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ পিচতেই এক সংবাদমেলত এই কথা সদৰী কৰিছে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। 
 
তেওঁ কয় যে, অসম চৰকাৰে অহা ৮ ছেপ্টেম্বৰৰ পৰা ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰিব। ৮ ছেপ্টেম্বৰৰ দিনা প্রধানমন্ত্রী মোদী অসমলৈ আহিব। ৯ ছেপ্টেম্বৰত অসম বিধানসভাৰ এখন বিশেষ অধিবেশন অনুষ্ঠিত হ'ব। 
 
তেওঁ লগতে কয়, এই বিশেষ অধিৱেশনত ড° ভূপেন হাজৰিকাৰ সৃষ্টি, কৰ্মৰাজি চিৰ যুগমীয়া কৰাৰ বাবে সিদ্ধান্ত লোৱা হ'ব। এই সিদ্ধান্ত অনুসৰিয়েই ডিব্ৰুগড় বিমানবন্দৰক ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হ'ব।