অনিল কাপুৰৰ মাতৃ নিৰ্মল কাপুৰৰ দেহাৱসান

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাপুৰ পৰিয়াল
কাপুৰ পৰিয়াল
 
মুম্বাই 
 
বলীউডৰ অভিনেতা অনিল কাপুৰ, সঞ্জয় কাপুৰ আৰু বনী কাপুৰৰ মাতৃ নিৰ্মল কাপুৰৰ আজি মৃত্যু হয়। ৯০ বছৰ বয়সত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শুকুৰবাৰে সন্ধিয়া ৫ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে নিৰ্মল কাপুৰে।
 
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু বয়সৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈছিল নিৰ্মল কাপুৰ। তেওঁৰ মৃত্যুত কাপুৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত নিৰ্মল কাপুৰে ৯০ সংখ্যক জন্মদিন পালন কৰিছিল। 
 
জানিব পৰা মতে, কিছুদিন ধৰি মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন হৈ আছিল।পুত্ৰৰ উপৰিও নিৰ্মল কাপুৰে নাতি-নাতিনী অৰ্জুন কাপুৰ, সোণম কাপুৰ, শনয়া কাপুৰক এৰি থৈ গৈছে।  
 
১৯৫৫ চনত বলীউডৰ কিংবদন্তি প্ৰযোজক সুৰিন্দৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নিৰ্মল কাপুৰ।