পেহেলগাম আক্ৰমণৰ পূৰ্বে পাকিস্তান আৰু চীন ভ্ৰমণ কৰিছিল ইউটিউবাৰ জ্যোতি মালহোত্ৰাই

Story by  atv | Posted by  [email protected] • 5 h ago
ইউটিউবাৰ জ্যোতি মালহোত্ৰা
ইউটিউবাৰ জ্যোতি মালহোত্ৰা
 
নতুন দিল্লী
 
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত হিছাৰস্থিত ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ দুদিন পিছত দেওবাৰে হিছাৰৰ আৰক্ষী অধীক্ষক শশাংক কুমাৰ সাৱানে কয় যে পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীয়ে জ্যোতিক আহিলা হিচাপত ব্যৱহাৰ কৰি ভাৰতীয় গোপন তথ্য লাভ কৰি আছে।
 
আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে যে ইউটিউবাৰ মালহোত্ৰাই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে পাকিস্তান  ভ্ৰমণ কৰাৰ লগতে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল আৰু চীনলৈও গৈছিল।
 
আৰক্ষী অধীক্ষক সাৱনে কয় যে কেন্দ্ৰীয় সংস্থাই হাৰিয়ানা আৰক্ষীক জনাইছে যে কিছুমান বিদেশী সত্তাই (পি আই অ’) কিছুমান বিশেষ বাৰ্তা বিয়পাই দিবলৈ আৰু চোৰাংচোৱাগিৰী কৰিবলৈ সামাজিক মাধ্যমৰ কিছু  প্ৰভাৱশালী লোকক নিযুক্তি দিছে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
 
পাকিস্তান ভ্ৰমণত যোৱাৰ সময়ত ভাৰত-পাকিস্তান সীমান্তত জ্যোতি
 
আৰক্ষীয়ে জ্যোতি মালহোত্ৰাক সোধা-পোছা কৰাৰ লগতে তেওঁৰ বিত্তীয় আৰু ভ্ৰমণ ইতিহাসৰ তদন্ত কৰি আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে জ্যোতিয়ে হয়তো বাহিৰৰ উৎসৰ পৰা ধন লাভ কৰিছিল। কাৰণ তেওঁৰ জমা ধন বা আমদানীৰ লগত তেওঁৰ বিদেশ ভ্ৰমণৰ সৈতে মিল থকা যেন নালাগে। প্ৰথম দৃষ্টিত জ্যোতিক কেৱল ট্ৰেভেল ব্লগাৰ যেন লাগিছিল।
 
আৰক্ষী বিষয়াগৰাকীয়ে নিশ্চিত কৰে যে জ্যোতি মালহোত্ৰা ভাৰতত ব্যক্তিগত অনুমতি নোপোৱা কিছুমান ব্যক্তিকে ধৰি বিদেশী ব্যক্তিৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ মুহূৰ্তত এই ব্যক্তিসকলৰ সৈতে তেওঁৰ যোগাযোগে উদ্বেগ প্ৰকাশ কৰিছিল।
 
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে জ্যোতি মালহোত্ৰাই পাকিস্তান ভ্ৰমণৰ সময়ত কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাইছিল। যদিও শেহতীয়াকৈ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, তথাপিও চোৰাংচোৱা সংস্থাই ইতিমধ্যে তেওঁৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল।
 
তদন্তকাৰীয়ে তেওঁৰ ভাৰতীয় যোগাযোগৰ লোকসকলকো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে যিয়ে হয়তো তেওঁক পিআইঅ’ৰ সৈতে চিনাকি কৰাই দিছিল আৰু তেওঁৰ বিদেশ ভ্ৰমণৰ সুবিধাত সহায় কৰিছিল। তেওঁৰ নেটৱৰ্ক আৰু উদ্দেশ্যৰ সূত্ৰৰ বিষয়ে জানিবলৈ তেওঁৰ ছ’চিয়েল মিডিয়াৰ কন্টেন্ট বিশ্লেষণ কৰা হৈছে।
 
গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষী থানাত জ্যোতি
 
হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধান শত্ৰুজীত কাপুৰে কয় যে এক নিৰ্দিষ্ট অভিযানৰ অন্তত হাৰিয়ানাৰ বহু জিলাত দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা কেইবাজনো লোকক চিনাক্ত কৰা হৈছে।
 
আৰক্ষীয়ে শক্তিশালী গোচৰ গঢ়ি তুলি কঠোৰতম শাস্তি বিচাৰিবলৈ কঠিন প্ৰমাণ সংগ্ৰহ কৰিছে বুলিও কয় সঞ্চালক প্ৰধান গৰাকীয়ে। চোৰাংচোৱা সংস্থাসমূহে স্থানীয় আৰক্ষীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে যাতে ইয়াৰ সম্যক তদন্ত নিশ্চিত কৰিব পাৰি।
 
পুৰীৰ এজন ইউটিউবাৰৰ সৈতে জ্যোতি মালহোত্ৰাৰ সম্পৰ্কৰ তদন্ত নিজাববীয়াকৈ আৰম্ভ কৰিছে ওড়িশা আৰক্ষীয়ে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মলহোত্ৰাই পুৰী ভ্ৰমণ কৰি অলপতে পাকিস্তানৰ কৰতাৰপুৰ চাহাবলৈ যোৱা এগৰাকী মহিলাক লগ পাইছিল।
 
সেই বৈঠকৰ সময়ত চোৰাংচোৱাৰ তথ্য ভাগ-বতৰা কৰা হৈছিল নেকি বুলি সোধাত এছ পি আগৰৱালে কয়, “হাৰিয়ানা আৰক্ষীয়ে তদন্তৰ নেতৃত্ব দিছে, আৰু আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছো।”
 
৩৩ বছৰীয়া মালহোত্ৰাই ট্ৰেভেল উইথ জে অ’ নামৰ ইউটিউব ট্ৰেভেল চেনেল চলাই আছে, যাৰ ৩.৭৭ লাখৰো অধিক দৰ্শক আছে। ১৬ মে’ত হিছাৰৰ নিউ আগৰছাইন এক্সটেনচনৰ বাসগৃহৰ পৰা জ্যোতিক গ্ৰেপ্তাৰ কৰি ১৯২৩ চনৰ চৰকাৰী গোপনীয়তা আইনৰ ৩ আৰু ৫ নং ধাৰা আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ নং ধাৰাত গোচৰ ৰুজু কৰা হয়।
 
পাকিস্তানৰ ট্ৰেইন দেখুৱাই থকা মুহূৰ্তত জ্যোতি
 
এজাহাৰত উল্লেখ কৰা হৈছে যে ২০২৩ চনত ভিছাৰ বাবে আৱেদন কৰি থকাৰ সময়তে জ্যোতি মালহোত্ৰাই পাকিস্তান উচ্চায়ুক্তত এহছান-উৰ-ৰহিম (ডেনিছ নামেৰেও পৰিচিত)ক লগ পাইছিল। ডেনিছে তেওঁক আলী আহৱানৰ সৈতে চিনাকি কৰাই দিছিল, যিয়ে তেওঁৰ থকাৰ ব্যৱস্থা আৰু পাকিস্তানী নিৰাপত্তা বিষয়া ছাকিৰ আৰু ৰানা শ্বাহবাজৰ সৈতে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাত সহায় কৰিছিল।
 
লগতে এজাহাৰত আৰু উল্লেখ কৰা হৈছে যে, “সন্দেহৰ পৰা হাত সাৰিবলৈ তাই ছাকিৰৰ ফোন নম্বৰ ‘জাট ৰান্ধৱা’ নামেৰে ৰাখি যোগাযোগ অব্যাহত ৰাখিছিল। ভাৰতলৈ উভতি অহাৰ পিছত মালহোত্ৰাই হোৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাটৰ দৰে এনক্ৰিপ্ট কৰা এপৰ জৰিয়তে অপাৰেটিভসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল বুলি অভিযোগ উঠিছে।
 
এজাহাৰত অভিযোগ কৰা হৈছে যে দিল্লীৰ পাকিস্তান উচ্চায়ুক্তত মালহোত্ৰাই কেইবাবাৰো ডেনিছক সাক্ষাৎ কৰিছিল। লগতে অভিযোগ কৰা হৈছে যে মালহোত্ৰা সমগ্ৰ হাৰিয়ানা আৰু পঞ্জাৱত চলি থকা বহল চোৰাংচোৱা নেটৱৰ্কৰ অংশ আছিল, য’ত এজেণ্ট, তথ্যদাতা আৰু বিত্তীয় পৰিচালক জড়িত আছিল।
 
১৩ মে’ত ভাৰত চৰকাৰে ডেনিছক তেওঁৰ কূটনৈতিক মৰ্যাদাৰ সৈতে অসঙ্গতিপূৰ্ণ কাম-কাজত লিপ্ত হোৱাৰ বাবে “পাৰ্ছনা নন গ্ৰেটা” ঘোষণা কৰি ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল।
 
ইয়াৰ দুদিন পূৰ্বে পঞ্জাৱ আৰক্ষীয়ে মালেৰকোটলাৰ পৰা এগৰাকী মহিলাকে ধৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল, যিটো গোচৰত তেওঁলোক ডেনিছৰ সৈতেও জড়িত আছিল।
 
মালহোত্ৰাৰ পিতৃয়ে এই অভিযোগ অস্বীকাৰ কৰি পৰিয়ালটোক বদনাম কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।
 
পিআইঅ’ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কাইথালৰ ২৫ বছৰীয়া স্নাতকোত্তৰ ছাত্ৰ দেৱেন্দ্ৰ সিঙক আটক কৰাৰ মাত্ৰ এদিন পিছতে জ্যোতিক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ছামলীৰ ২৪ বছৰীয়া নৌমান ইলাহীক পানীপাটত একেধৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।