নতুন দিল্লী
মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ উত্তেজনাই এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। তাৰমাজতেই এটা খবৰে উদ্বেগৰ সৃষ্টি কৰিছে বিশ্বজুৰি। ইৰানৰ হেকাৰে আমেৰিকাৰ ২০০০ৰো অধিক সেনাবাহিনীৰ ব্যক্তিগত তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পেন্টাগনে আৰম্ভ কৰিছে তদন্ত। এই দাবী কৰিছে *দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল*ৰ এক প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি, পেন্টাগনৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে চুৰি হোৱা তথ্যৰ সন্দৰ্ভত কৰা দাবী কিছু পৰিমাণে সত্য।
আৰব নিউজ ৱেবছাইট Shafaq.com এ এক প্ৰতিবেদনৰ উল্লেখ কৰি লিখিছে যে, দ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছে যে হাণ্ডালা (হানজালা) নামৰ এটা হেকাৰ গোটে আমেৰিকাৰ সেনাৰ ব্যক্তিগত তথ্য চুৰি কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে পশ্চিম এছিয়াত নিয়োজিত ২,৩৭৯ জন আমেৰিকান মেৰিনৰ তথ্য চুৰি কৰা হৈছে। ইতিমধ্যে হেকাৰ গোটটোৱে আমেৰিকাৰ সেনাবাহিনীৰ আন সদস্যৰ তথ্যও চুৰি কৰাৰ ভাবুকি দিছে।
Shafaq.comৰ এক প্ৰতিবেদন অনুসৰি, হেকাৰে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে যে, এটা টেলিগ্ৰাম চেনেলৰ জৰিয়তেযিসকল নিৰ্দিষ্ট সেনাৰ তথ্য চুৰি কৰা হৈছে।ইয়াৰ লগতে তেওঁলোকে আৰু এটা বাৰ্তা সদৰি কৰিছে যে তেওঁলোকৰ হাতত আমেৰিকাৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ সৈতে জড়িত অসংখ্য ব্যক্তিৰ ব্যক্তিগত তথ্য আছে। পশ্চিম এছিয়াত নিয়োজিত আমেৰিকাৰ বাহিনীৰ সদস্যসকলে ইতিমধ্যে "হাণ্ডালা গ্ৰুপ"ৰ পৰা হোৱাটছএপৰ জৰিয়তে সতৰ্কবাণী বাৰ্তা লাভ কৰিছে, য'ত বৰ্তমান তেওঁলোকৰ চোৰাংচোৱাগিৰিৰ অধীনত থকাসকল আৰু যিসকলক লক্ষ্য কৰি লোৱা হ'ব পাৰে তেওঁলোকক চিনাক্ত কৰাৰ ভাবুকিও সন্নিবিষ্ট কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, হেকাৰ গোটটোৱে দাবী কৰিছে যে তেওঁলোকৰ হাতত আমেৰিকাৰ সামৰিক বাহিনীৰ লোকৰ ঘৰৰ ঠিকনা, পৰিয়ালৰ সবিশেষ, দৈনিক জীৱনৰ ৰুটিন আদিৰ সবিশেষ তথ্য আছে। এই বিষয়ে অতি সোনকালে ৰাজহুৱা কৰা হ’ব।