এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী আফগান মহিলা জাকিয়া আহমেদ

Story by  atv | Posted by  Munni Begum • 4 h ago
জাকিয়া আহমেদ
জাকিয়া আহমেদ
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
২১ মে’ৰ দিনটো ইতিহাসৰ পৃষ্ঠাত চিৰদিনৰ বাবে খোদিত হৈ ৰ'ল। কিয়নো যুদ্ধ, দাৰিদ্ৰ্য, সামাজিক বাধা আৰু আপোনজনক হেৰুৱাৰ অসহনীয় বেদনাৰ মাজেৰে আগবাঢ়ি অহা এগৰাকী আফগান মহিলাই অসম্ভৱক সম্ভৱ কৰি ইতিহাস ৰচনা কৰিলে। আফগানিস্তানৰ জাকিয়া আহমেদ, যাক সমগ্ৰ বিশ্বই “ৰিভাৰ” নামেৰে চিনি পায়, তেওঁ মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণ কৰি দেশখনৰ প্ৰথমগৰাকী মহিলা হিচাপে কৃতিত্ব অৰ্জন কৰিছে। এই সফলতা কেৱল এখন পৰ্বতাৰোহণ কৰাৰ আভিলেখ নহয়; ই হৈছে অত্যাচাৰ, বৈষম্য আৰু অগণন ব্যক্তিগত দুখ-কষ্টৰ বিৰুদ্ধে এক অসাধাৰণ বিজয়গাথা। আফগান মহিলাসকলৰ বাবে 'ৰিভাৰ'ৰ এই যাত্ৰা অন্ধকাৰৰ মাজত আশাৰ এক উজ্জ্বল পোহৰ হিচাপে পৰিগণিত হৈছে। 
 
ৰিভাৰৰ এভাৰেষ্টলৈ যোৱা পথটো কোনো সাধাৰণ খেলুৱৈৰ দৰে নাছিল। যি সময়ত আফগানিস্তানত তালিবানৰ অধীনত মহিলা আৰু ছোৱালীৰ জীৱন বহু পৰিমাণে বাধাগ্ৰস্ত হৈ আহিছে, য’ত তেওঁলোকৰ পৰা শিক্ষা, ক্ৰীড়া, কৰ্মসংস্থাপন আৰু জনজীৱনৰ প্ৰতিটো অধিকাৰ কাঢ়ি লোৱা হৈছে। সেই সময়ত ৰিভাৰৰ সফলতা কেৱল মাত্ৰ ব্যক্তিগত জয় নহয়, সমগ্ৰ আফগান মহিলাৰ বাবে ঘন অন্ধকাৰৰ মাজত আশাৰ এক অতি উজ্জ্বল আৰু নতুন ৰশ্মি হৈ পৰিছে। 
 
 
শৈশৱত যেতিয়া ৰিভাৰৰ মাকে কৈছিল - "তুমি ছোৱালী..." 
 
আফগানিস্তানৰ গাজনী প্ৰদেশৰ জাঘোৰি জিলাৰ এখন সৰু গাঁও জোদাৰীত জন্মগ্ৰহণ কৰা ৰিভাৰৰ মনত তীখাৰ দৰে উদ্দেশ্যৰ ভেটি নব্বৈৰ দশকৰ পৰাই জন্ম হৈছিল। তেওঁ ডাঙৰ হৈছিল এনে এক ৰক্ষণশীল পৰিৱেশত, য’ত ছোৱালী জন্ম হোৱাৰ লগে লগে সুযোগৰ সকলো দুৱাৰ বন্ধ হৈ পৰিছিল। শৈশৱৰ পৰাই তেওঁৰ জীৱনটো কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামেৰে ভৰা আছিল। স্কুললৈ যোৱাৰ হেঁপাহ ইমানেই প্ৰবল আছিল যে, তেওঁ প্ৰতিদিনে কেইবা ঘণ্টা খোজকাঢ়ি যাবলগীয়া হৈছিল। ইয়াৰ পিছতো তেওঁ ঘৰলৈ উভতি আহি কেৱল জিৰণিয়ে লোৱা নাছিল, তেওঁ গৰু-ম’হৰ যত্ন লোৱা, খেতি কৰা আৰু ঘৰৰ দৈনন্দিন কঠিন কামবোৰ কৰি পৰিয়াল পোহপাল দিছিল।      
 
ৰিভাৰে প্ৰথমে এপ্ৰিল মাহত ইটিলাট ৰোজ কাকতৰ সৈতে হোৱা এক আৱেগিক আৰু স্পষ্ট সাক্ষাৎকাৰত নিজৰ জীৱনৰ এই অকথিত দিশসমূহ প্ৰকাশ কৰিছিল, যেতিয়া তেওঁ এভাৰেষ্টৰ বাবে চূড়ান্ত প্ৰস্তুতি চলাই আছিল। শৈশৱৰ কথা মনত পেলাই ৰিভাৰে কয় যে, সমাজৰ ছোৱালীৰ ওপৰত থকা কঠোৰ নিষেধাজ্ঞাৰ বিষয়ে তেওঁক অতি কম বয়সতে উপলব্ধি কৰোৱা হৈছিল। 
 
সেই সাক্ষাৎকাৰত ৰিভাৰে আৱেগিক হৈ পৰিছিল আৰু কৈছিল, "মই সদায় গছত উঠি ওখ ঠাইৰ পৰা জপিয়াব বিচাৰিছিলো। প্ৰকৃতিৰ ওচৰত থাকিব বিচাৰিছিলো। কিন্তু যেতিয়াই মই তেনে কৰিবলৈ চেষ্টা কৰিছিলো, তেতিয়াই মায়ে মোক খং কৰিছিল আৰু কৈছিল--তুমি এগৰাকী ছোৱালী, গতিকে এই সকলোবোৰ কাম কৰিব নোৱাৰা। সেই সময়ত মই বুজি পোৱা নাছিলো যে, এই সকলোবোৰ কথাৰ লগত ছোৱালী হোৱাৰ কি সম্পৰ্ক আছে।"
 
ৰিভাৰ বয়স বাঢ়ি অহাৰ লগে লগে সমাজত এই লিংগ বৈষম্য তেওঁৰ বাবে অধিক স্পষ্ট হৈ পৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে, আফগান মহিলাসকলে আটাইতকৈ কঠিন পৰিস্থিতিত পথাৰ আৰু ঘৰত পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছিল যদিও স্বাধীনতা, অধিকাৰ আৰু সিদ্ধান্তৰ কথা আহিলে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ বুলি গণ্য কৰা হৈছিল। সমাজখনে মাথোঁ আশা কৰিছিল যে, তেওঁলোকক নিৰ্ধাৰিত ৰীতি-নীতি অনুসৰি মনে মনে বিয়া পাতি গোটেই জীৱন তেওঁলোকক চাৰিখন দেৱালৰ ভিতৰতে ৰাখিব। কিন্তু ৰিভাৰে এই প্ৰথাবোৰৰ ওচৰত বলি হ’বলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল আৰু যিকোনো প্ৰকাৰে নিজৰ পঢ়া-শুনা অব্যাহত ৰাখিছিল।
 
জাকিয়া আহমেদ
 
কাবুলৰ পৰা ভাৰতলৈ যাত্ৰা: দিনত পঢ়া, ৰাতি কল চেণ্টাৰ শ্বিফ্ট আৰু সেই মাৰাত্মক আক্ৰমণ
 
স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত ৰিভাৰে নিজৰ সপোন পূৰণৰ বাবে ৰাজধানী কাবুললৈ গুচি যায়। তাতেই তেওঁ কাবুল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি কিছুদিন সাংবাদিকতা অধ্যয়ন কৰিছিল। তেওঁৰ সামৰ্থ্য দেখি তেওঁ অতি সোনকালেই ভাৰতৰ পৰা উচ্চ শিক্ষাৰ বাবে বৃত্তি লাভ কৰিছিল, যিয়ে তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল। ভাৰতলৈ অহাৰ পিছত তেওঁ ‘ব্যৱসায় প্ৰশাসন’ (BBA) বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু তাৰ পিছত ‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক’ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
 
অৱশ্যে ভাৰতত তেওঁৰ জীৱনটো সোণালী সপোনৰ দৰে সহজ নাছিল। দিনত পঢ়া-শুনা সম্পূৰ্ণ কৰি বিদেশত জীয়াই থাকিবলৈ আৰু এৰি থৈ যোৱা পৰিয়ালটোক আৰ্থিকভাৱে পোহপাল দিয়াৰ উদ্দেশ্যে কল চেণ্টাৰত নৈশ শ্বিফটত কাম কৰিব লগীয়া হৈছিল। ১৮ৰ পৰা ২০ ঘণ্টা ধৰি তেওঁ অহৰহ নিশা জাগি নিজৰ ভৱিষ্যত গঢ়ি তুলিছিল। 
 
এই সময়ছোৱাত তেওঁ দিল্লীত বাস কৰি থকাৰ সময়তে শৰণাৰ্থী হিচাপে তাত বসবাস কৰা আফগান মহিলাসকলৰ মৰ্যাদা আৰু অভিজ্ঞতাৰ ওপৰত গভীৰ গৱেষণা আৰম্ভ কৰিছিল। এই গৱেষণাৰ সময়ত ৰিভাৰে আৱিষ্কাৰ কৰিছিল যে, দৰিদ্ৰতা, দেউলীয়া আৰু স্থানচ্যুতিৰ বাবে এই গৃহহীন মহিলাসকলক কিমানখিনিলৈ শোষণ কৰা হৈছে। ৰিভাৰে নিজৰ কাহিনীটো পৃথিৱীবাসীৰ ওচৰলৈ আনিব বিচাৰিছিল, যদিও এই কামটো অতি বিপদজনক বুলি প্ৰমাণিত হৈছিল। 
 
এদিন তেওঁ গৱেষণাৰ কাম কৰি থাকোঁতে এজন অচিনাকি মুখা পিন্ধা আক্ৰমণকাৰীয়ে তেওঁক দাৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ পৰা তেওঁৰ প্ৰাণ কথমপি ৰক্ষা পৰিছিল, যদিও সেই দাৰ এটি গভীৰ দাগ তেওঁৰ কপালত চিৰদিনৰ বাবে ৰৈ গৈছিল। এই অতি শিহৰণকাৰী আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো ৰিভাৰ হতাশ হৈ পৰা নাছিল; তেওঁ কাম বন্ধ কৰাৰ পৰিৱৰ্তে মহিলাৰ সাক্ষাৎকাৰ লৈ আছিল। এই নাৰীৰ সংগ্ৰামৰ কাহিনীবোৰ এদিন কিতাপৰ ৰূপত প্ৰকাশ পাব বুলি তেওঁ এতিয়াও আশাবাদী।  

তালিবানৰ সেই ৰক্তাক্ত আক্ৰমণ: ৰক্ত মুখত সানি ৰক্ষা পৰিল জীৱন  
 
ৰিভাৰৰ জীৱন, মৃত্যুৰ কিমান ওচৰ চাপিছিল, এই শিহৰণকাৰী ঘটনাৰ পৰা অনুমান কৰিব পাৰি, যিটো তেওঁ পিছত ‘আউটছাইড অনলাইন’ আৰু 'নিউ লাইনছ মেগাজিন'ৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল। ২০১৪ চনৰ কথা, যেতিয়া তেওঁ বাছত উঠি কাবুলৰ বিশ্ববিদ্যালয়লৈ গৈ আছিল। এদিন হঠাৎ তালিবান বন্দুকধাৰীয়ে বলপূৰ্বকভাৱে বাছখন ৰখাই দিছিল আৰু চিন্তা নকৰাকৈয়ে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে বাছখনৰ ভিতৰত থকা নিৰীহ যাত্ৰীসকলৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে।  
 
চাৰিওফালে চিঞৰ-বাখৰ আৰম্ভ হ’ল আৰু মানুহে মৃত্যুক সাবতি লৈছিল। সেই ভয়ংকৰ দৃশ্যটোৰ মাজতে তেওঁৰ সন্মুখত মৃত্যু থিয় হৈ থকা দেখি ৰিভাৰে এটি বুদ্ধিমানৰ কাম কৰিছিল। বাছৰ মজিয়াত পৰি থকা আন মৃত লোকৰ তেজ মুখ আৰু কাপোৰত সানি মৃতদেহৰ মাজত সম্পূৰ্ণ নিৰ্জীৱ হৈ পৰি ৰ'ল, যাৰ ফলত সন্ত্ৰাসবাদীয়ে বিশ্বাস কৰি লৈছিল যে, তেওঁৰো মৃত্যু হৈছে। তালিবান সন্ত্ৰাসবাদীবোৰ যোৱাৰ পিছত উদ্ধাৰকাৰী দলটো আহি পোৱাত দেখা গ’ল যে, সমগ্ৰ বাছখনৰ বাৰজন যাত্ৰীৰ থিতাতে মৃত্যু হৈছে। সেই দুৰ্ভাগ্যজনক যাত্ৰীসকলৰ ভিতৰত থকা মাত্ৰ তিনিজন জীৱিত যাত্ৰীৰ ভিতৰত ৰিভাৰ আছিল অন্যতম এগৰাকী। 
 
 
এই ঘটনাটোৱে তেওঁৰ হৃদয় আৰু মনত ইমান গভীৰভাৱে আঘাত কৰিছিল, যি তেওঁ বহু বছৰ ধৰি পাহৰিব পৰা নাছিল। 'নিউ লাইনছ মেগাজিন'ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ মানসিক যন্ত্ৰণাৰ কথা বৰ্ণনা কৰি কয় যে, "সেই ৰক্তাক্ত আক্ৰমণৰ স্মৃতিবোৰ মোৰ মাজত এতিয়াও জীয়াই আছে। সেইবোৰে মোক কেতিয়াও এৰি নাযায়। আজিও টোপনি গলে মই সেইবোৰ সপোনত দেখিবলৈ পাওঁ যে, একে দুজন বন্দুকধাৰীয়ে মোৰ ফালে আহি সপোনত গুলীচালনা কৰে। মই ইচ্ছা কৰিলেও সেই ভয়টো নিজৰ পৰা পৃথক কৰিব নোৱাৰো।" 
 
ভাতৃ আহমদ ৱালীৰ আত্মহত্যা আৰু হতাশাৰ ক'লা ডাৱৰ 
 
২০১৪ চনৰ সেই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা সুস্থ হৈ উঠি ৰিভাৰে কেনেবাকৈ নিজৰ জীৱনটোক পুনৰ শুদ্ধ পথত ঘূৰাই আনিছিলহে,  সেই সময়তে ভাগ্যই তেওঁক আন এক নিষ্ঠুৰভাৱে আঘাত কৰিছিল। ২০২২ চনত যেতিয়া আফগানিস্তানৰ পৰিস্থিতি সম্পূৰ্ণৰূপে অৱনতি ঘটিছে, তেতিয়া ৰিভাৰ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে কেনেবাকৈ ‘মানৱীয় ভিছা’ৰ জৰিয়তে অষ্ট্ৰেলিয়ালৈ যাবলৈ সক্ষম হৈছিল। তেওঁ ভাবিছিল যে, তেওঁৰ জীৱনটো শান্তিপূৰ্ণ হ’ব, কিন্তু নতুন দেশখনত বসতি স্থাপন কৰাৰ মাত্ৰ ছমাহৰ পাছতেই তেওঁৰ সৰু ভায়েক আহমেদ ৱালীয়ে হঠাতে আত্মহত্যা কৰে। 
 
আহমেদ ৱালীৰ এই অকাল মৃত্যুৱে ৰিভাৰক ভিতৰৰ পৰা সম্পূৰ্ণৰূপে জোকাৰি গৈছিল। কিয়নো তেওঁ ভায়েকক অসীম মৰম কৰিছিল। ভায়েকৰ মৃত্যুৰ দুখ ইমানেই গভীৰ আছিল যে, তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু গভীৰ বিষণ্ণতাৰ গৰাহত সোমাই পৰিছিল। তেওঁ সকলো সামাজিক কাম-কাজ বন্ধ কৰি, কামলৈ যোৱা বন্ধ কৰি, দৈনন্দিন জীৱনৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। এই মানসিক আঘাত আৰু হতাশাৰ প্ৰভাৱ ইমানে বেছি আছিল যে, তেওঁ কিছুদিন গৃহহীন হৈ থাকিব লগাও হৈছিল। 
 
'ইটিলাত ৰোজ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিভাৰে এই অতি ব্যক্তিগত আৰু বেদনাদায়ক সময়ছোৱাৰ কথা মনত পেলাই কয় যে, "আহমেদ ৱালীৰ মৃত্যুৰ পিছত আমাৰ পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰিছিল। আমি মাত্ৰ বুজি পাইছিলো যে, তেওঁৰ আত্মহত্যাৰ পদক্ষেপৰ আঁৰত বহু জটিল আৰু মানসিক কাৰণ আছে, যিবোৰ আমি সেই সময়ত সম্পূৰ্ণৰূপে বুজিব পৰা নাছিলো।" 

পাহাৰত বাসস্থান: ভাতৃৰ আধৰুৱা প্ৰতিশ্ৰুতি 
 
মৃত্যুৰ ঠিক আগতে আহমেদ ৱালী আৰু ৰিভাৰে প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা বহি আফগানিস্তানৰ কঠোৰ সংগ্ৰামৰ বাহিৰেও প্ৰকৃতি, ওখ পাহাৰ আৰু তেওঁলোকৰ সোণালী সপোনবোৰৰ বিষয়ে কথা পাতিছিল। এই ভাতৃ-ভগ্নীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ পিছলৈ ৰিভাৰৰ পৰ্বতাৰোহণ যাত্ৰাৰ আটাইতকৈ ডাঙৰ ভিত্তি আৰু প্ৰেৰণা হৈ পৰিছিল।
 
ৰিভাৰে কয়, "মোৰ ভাইটি আৰু মই আছিলোঁ বেষ্ট ফ্ৰেণ্ড আৰু আমাৰ সম্পৰ্ক অতি ঘনিষ্ঠ আছিল। আমি প্ৰায়ে আমাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিছিলোঁ আৰু সপোনবোৰ ভাগ কৰিছিলোঁ। এবাৰ আমি তলৰ ধুনীয়া উপত্যকাবোৰ চাব পৰা ওখ পাহাৰ এখনত থিয় হৈ থাকোঁতে তেওঁ মোৰ ফালে চাই কৈছিল— 'চাওক, প্ৰকৃতি কিমান ধুনীয়া!' তাৰ পাছত তেওঁ আকৌ ক’লে যে, আল্পছ আৰু এভাৰেষ্টৰ সৌন্দৰ্য্য পৃথিৱীৰ আন যিকোনো ঠাইতকৈ অধিক অলৌকিক হ’ব, সেই মুহূৰ্তত মই তেওঁৰ চকুত আভা  জিলিকি থকা দেখিলোঁ আৰু তেওঁক প্ৰতিশ্ৰুতি দিছিলোঁ যে এদিন মই তেওঁৰ লগত সেই ওখ পৰ্বতবোৰ বগাই যাম।" 
 
ভায়েকৰ মৃত্যুৰ পিছত সেই প্ৰতিশ্ৰুতি আধৰুৱা হৈ পৰিছিল, এইটোৱে আছিল ৰিভাৰৰ জীয়াই থকাৰ একমাত্ৰ কাৰণ। যেতিয়া তেওঁ গভীৰ শোক আৰু হতাশাত ভূগি আছিল, তেতিয়া তেওঁ বুজি পাইছিল যে, এই দুখৰ পৰা মুক্তিৰ একমাত্ৰ পথ হৈছে পাহাৰৰ মাজৰ পথবোৰ। তেওঁ কয়, "মোৰ দুখ আৰু কষ্টই মোক মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। এইদৰেই পাহাৰবোৰ মোৰ শেষ আশ্ৰয় হৈ পৰিছিল। পুনৰ পাহাৰলৈ উভতি আহোঁতে এনে লাগিছিল, যেন এই বিশাল পাহাৰবোৰে মোৰ সকলো দুখ আৰু চকুপানীক আকোৱালি লৈ মোক আকোৱালি লৈছে। পাহাৰৰ মাজলৈ গৈ মই মোৰ হেৰুৱা অস্তিত্ব আৰু পুনৰ জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাইছিলোঁ।"  

মণ্ট ব্লাংকৰ পৰা এভাৰেষ্টৰ শিখৰলৈকে: এক ঐতিহাসিক বিজয় 
 
আৰম্ভণিতে ৰিভাৰৰ পৰ্বতাৰোহণৰ আগ্ৰাসন বিশ্ব অভিলেখ গঢ়ি তোলা, নিজৰ নাম উজ্জ্বল কৰা বা পদক লাভ কৰা নাছিল। তেওঁৰ বাবে ই আছিল এক থেৰাপীৰ দৰে, যিয়ে তেওঁক ভায়েকক হেৰুৱাৰ দুখ দূৰ কৰিবলৈ শক্তি দিছিল। কিন্তু লাহে লাহে তেওঁ ইয়াক নিজৰ জীৱন হিচাপে গঢ়ি লৈছিল। অষ্ট্ৰেলিয়াত থাকি আৰ্থিক কষ্ট, চাকৰিৰ চাপ আৰু দৈনন্দিন দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁ পৰ্বতাৰোহীসকলৰ ক্লান্তিকৰ আৰু পেছাদাৰী প্ৰশিক্ষণত নামি পৰে।
 
আমি জানো যে, পৰ্বতাৰোহণত কেৱল চৰম শাৰীৰিক সহনশীলতা আৰু মানসিক ধৈৰ্য্যৰ প্ৰয়োজনেই নহয়, ই এক অতি ব্যয়বহুল খেল যাৰ বাবে বিপুল আৰ্থিক সম্পদৰ প্ৰয়োজন। কিন্তু ৰিভাৰে হাৰ মনা নাছিল আৰু দিনে-নিশাই কাম কৰি ধন সংগ্ৰহ কৰিছিল।
 
মাউণ্ট এভাৰেষ্টলৈ মূল অভিযানত নামি পৰাৰ আগতে ৰিভাৰে নিজৰ সামৰ্থ্য পৰীক্ষা কৰিবলৈ নেপাল আৰু ইউৰোপৰ কেইবাটাও অতি কঠিন শৃংগ জয় কৰিছিল। এই সন্দৰ্ভত তেওঁ ইউৰোপৰ আল্পছৰ সৰ্বোচ্চ শৃংগ ‘মণ্ট ব্লাংক’ সফলতাৰে আৰোহণ কৰিছিল। মণ্ট ব্লাংকৰ সফলতাই ৰিভাৰৰ ভিতৰত আত্মবিশ্বাস পুনৰ জগাই তুলিছিল যে, তেওঁ এসময়ত দেখা সপোনটো আৰু প্ৰয়াত ভাতৃক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহি পৰিছে।
 

জাকিয়া আহমেদ
 
আফগান মহিলাসকললৈ এটা বাৰ্তা: "মই ৰৈ যোৱা নাছিলো..."  
 
ৰিভাৰৰ বাবে এই এভাৰেষ্ট আৰোহণ কেৱল ব্যক্তিগত জয় বা ভাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নাছিল, বৰঞ্চ আফগানিস্তানৰ লাখ লাখ মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বাবে এক কণ্ঠ আছিল, যিসকলক তালিবান শাসনে নিজৰ ঘৰতে কাৰাবন্দী কৰি ৰাখিছে।
 
কাঠমাণ্ডু এৰি এভাৰেষ্টলৈ যোৱাৰ ঠিক আগতে এপ্ৰিল মাহত ‘ইটিলাট ৰোজ’ৰ সৈতে হোৱা সাক্ষাৎকাৰৰ শেষৰ অংশত ৰিভাৰে আফগানিস্তানত থকা ভগ্নীসকলৰ বাবে এক শক্তিশালী বাৰ্তা আগবঢ়াইছিল। তেওঁ কয় "আফগানিস্তানৰ সকলো মহিলা আৰু ছোৱালীৰ বাবে মোৰ এটাই বাৰ্তা আছে। পৰিস্থিতি যিমানেই বেয়া আৰু বিপৰীত নহওক কিয়, আপোনাৰ আকাংক্ষা, পঢ়া-শুনা আৰু সপোন পূৰণৰ চেষ্টা কেতিয়াও এৰি নিদিব। প্ৰতিজন মানুহৰে অসীম সম্ভাৱনা আছে। যদি আপোনাৰ প্ৰকৃত প্ৰচেষ্টা আৰু অদম্য অধ্যৱসায় থাকে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক আপোনাৰ সপোনত উপনীত হোৱাত বাধা দিব নোৱাৰে।"
 
মাহৰ পিছত মাহ ধৰি কষ্টকৰ প্ৰশিক্ষণ, বিপজ্জনক বতৰৰ বাবে প্ৰস্তুতি, ধন সংগ্ৰহৰ প্ৰচেষ্টা আৰু বহু ব্যক্তিগত ত্যাগ ৰিভাৰৰ এই ঐতিহাসিক জয়ৰ আঁৰত আছিল। শৃংগটোৰ চূড়ান্ত আৰোহণ আৰম্ভ কৰাৰ আগতে তেওঁ উচ্চ উচ্চতা আৰু কম অক্সিজেনৰ মাৰাত্মক পৰিৱেশৰ লগত নিজকে অভ্যস্ত কৰিবলৈ নেপালৰ আন কিছুমান সৰু সৰু শৃংগতো আৰোহণ কৰিছিল।   
 
আৰু অৱশেষত ২১ মে’ৰ সেই সোণালী ৰাতিপুৱাটোত ৰিভাৰৰ অসম্ভৱ যেন লগা সপোনটো বাস্তৱত পৰিণত হ’ল। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত ভৰি দিলে জাকিয়া আহমেদ "ৰিভাৰ"। তেওঁ কেৱল ভাতৃৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাই নহয়, ইতিহাসত সোণালী আখৰেৰেও নিজৰ নাম লিপিবদ্ধ কৰিছিল। 
 
তেওঁৰ ঐতিহাসিক আৰোহণ বিশ্বৰ ক্ৰীড়াবিদসকলৰ বাবে কেৱল এক সাধাৰণ পৰ্বতাৰোহণৰ অনুষ্ঠানতকৈও অধিক। এজন মানুহৰ সাহস পৃথিৱীৰ সৰ্বোচ্চ পৰ্বততকৈও ওখ হ’ব পাৰে তাৰ এয়া জীৱন্ত প্ৰমাণ। নিজৰ অভিযানৰ আৰম্ভণিতে গৌৰৱেৰে কোৱাৰ দৰে, "আফগানিস্তানৰ আন বহু মহিলাৰ দৰে মোৰ জীৱনটোও কষ্ট, কাঁইট আৰু চকুলোৰে ভৰা; যিয়ে মোক বাৰে বাৰে পেলাবলৈ চেষ্টা কৰা হৈছে... কিন্তু মই কেতিয়াও ৰৈ যোৱা নাছিলো, আৰু আজি মই পৃথিৱীৰ শীৰ্ষত আছো।"