২৮ বছৰৰ অন্তত বিশ্বকাপলৈ নৰৱেঃ খেলুৱৈৰ বাবে লগত গ'ল ৩০০ কেজি মাছ আৰু ১১৬ কেজি চিজ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
শান্তি প্ৰিয় ৰায়চৌধুৰী
 
দীৰ্ঘ ২৮ বছৰৰ অপেক্ষাৰ অন্তত আকৌ এবাৰ বিশ্বকাপৰ মঞ্চত নামিব নৰৱে৷ ১৯৯৮ চনত তেওঁলোকে অন্তিমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। মাজতে ছখনকৈ বিশ্বকাপত খেলাৰ সুযোগ তেওঁলোকে নাপালে। অৱশেষত প্ৰত্যাহ্বান নেওচি বিশ্ব ফুটবলৰ মহাৰণত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে আৰ্লিং হালেণ্ডৰ দলটো। সমগ্ৰ দেশবাসী এতিয়া আনন্দত আত্মহাৰা।
 
পিছে, খেলপথাৰত নমাৰ পূৰ্বেই অন্য এক ব্যতিক্ৰমী কাৰণত দেশখন শিৰোনামলৈ আহিছে। বিশ্বকাপ খেলিবলৈ তেওঁলোকে নিজৰ সৈতে প্ৰায় ৩০০ কিলোগ্ৰাম মাছ আৰু ১১৬ কিলোগ্ৰাম বিখ্যাত নৰৱেজিয়ান ব্ৰাউন চিজ লৈ আহিছে। শুনিবলৈ অদ্ভুত লাগিলেও, এই কাৰ্যৰ নেপথ্যত লুকাই আছে এক বিশেষ পৰিকল্পনা!
 
 
এই সিদ্ধান্তৰ মূল কাৰণ কি?
 
আৰ্লিং হালেণ্ড আৰু মাৰ্টিন ওডেগাৰ্ডৰ নেতৃত্বাধীন দলটোৰ মূল লক্ষ্য হৈছে টুৰ্নামেণ্ট চলি থকাৰ সময়ত খেলুৱৈসকলক উন্নতমানৰ পুষ্টি প্ৰদান কৰা। সেয়েহে নৰৱেৰ বিখ্যাত চেফ এৰন এচপেলেণ্ড আৰু এৰিক তুফতেৰ তত্ত্বাৱধানত, খেলুৱৈসকলে যাতে বিদেশৰ মাটিতো নিজৰ দেশৰ শ্ৰেষ্ঠ খাদ্যৰ সোৱাদ লাভ কৰে, তাক নিশ্চিত কৰা।
 
ইয়াৰ বাবে নৰৱে দলে নিজৰ সৈতে দুগৰাকী বিশ্বমানৰ চেফকো লৈ গৈছে, যিয়ে আমেৰিকাত নৰৱেজিয়ান সামগ্ৰীৰে খেলুৱৈসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিব।
 
এই দুগৰাকী খ্যাতনামা চেফ হ'ল এৰন এচপেলেণ্ড আৰু এইৰিক তুফতে। চেফ এৰনে ইয়াৰ পূৰ্বে ২০২০ চনৰ অলিম্পিকতো নৰৱে দলৰ পাকঘৰৰ দায়িত্ব পালন কৰিছিল। দলটোৰ দীৰ্ঘদিনীয়া প্ৰধান চেফগৰাকীৰ সৈতে মিলি তেওঁলোকে বৰ্তমান খেলুৱৈসকলৰ প্ৰয়োজন অনুসৰি বিশেষ খাদ্যতালিকা প্ৰস্তুত কৰি উলিয়াইছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই সন্দৰ্ভত চেফ এৰন এচপেলেণ্ডে কয়, "শ্ৰেষ্ঠ খাদ্য প্ৰস্তুত কৰিবলৈ শ্ৰেষ্ঠ নৰৱেজিয়ান সামগ্ৰীৰ প্ৰয়োজন। সেয়েহে বিশ্বকাপত আমাৰ এই আয়োজন। বিশ্বকাপ অনুষ্ঠিত হোৱা দেশসমূহৰ বজাৰৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ দেশৰ পৰাই মাছ, চিজ আদিকে ধৰি বিভিন্ন খাদ্যসামগ্ৰী অনা হৈছে। বিশেষকৈ ৰঙা মাছ আৰু ব্ৰাউন চিজক নৰৱেৰ খাদ্য-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।"
 
এৰন এচপেলেণ্ডে লগতে কয়, “আমি সদায় সৰ্বোত্তম নৰৱেজিয়ান সামগ্ৰী ব্যৱহাৰ কৰিব বিচাৰো। বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্নামেণ্টত দেশৰ শ্ৰেষ্ঠ খাদ্য পৰিৱেশন কৰিবলৈ পোৱাটো আমাৰ খেলুৱৈসকলৰ বাবে অতিশয় জৰুৰী।”
 
ইয়াৰ সমান্তৰালভাৱে তেওঁ জানিবলৈ দিয়ে, “নৰৱেৰ পৰা আমেৰিকালৈ প্ৰায় আধা টন মাছ পঠোৱাটো মুঠেই সহজ কাম নহয়। কিন্তু ফুটবল খেলুৱৈসকলৰ বাবে উন্নতমানৰ খাদ্যৰ আয়োজন কৰিবলৈকে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আমি বিশ্বকাপৰ মঞ্চখনলৈ উভতিছোঁ। গতিকে এই প্ৰত্যাৱৰ্তনৰ প্ৰস্তুতিত কেৱল ফুটবলেই নহয়, সমানেই গুৰুত্ব লাভ কৰিছে খাদ্যৰ মেজখনেও।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিশ্বকাপৰ পূৰ্বে নৰৱেৰ এই ব্যতিক্ৰমী প্ৰস্তুতিয়ে ইতিমধ্যে সমগ্ৰ ফুটবল মহলত এক বিশেষ চৰ্চা লাভ কৰিছে। এতিয়া লক্ষ্যণীয় বিষয় হ'ব, খেলপথাৰৰ প্ৰদৰ্শনতো হালেণ্ড-ওডেগাৰ্ডহঁতে এই সু-পৰিকল্পিত প্ৰস্তুতিৰ কিমান সফল প্ৰতিফলন ঘটাব পাৰে।
 
উল্লেখ্য যে, অহা ১৬ জুনত ইৰাকৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনেৰে নৰৱেই নিজৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব। 'গ্ৰুপ-আই'ত নৰৱেৰ আন প্ৰতিপক্ষসমূহ হৈছে ফ্ৰান্স, ছেনেগাল আৰু ইৰাক।
 
দীৰ্ঘ বিৰতিৰ পিছত বিশ্বকাপলৈ নৰৱেৰ এই প্ৰত্যাৱৰ্তন সঁচাকৈয়ে ৰোমাঞ্চকৰ। সু-পৰিকল্পিত পুষ্টি আৰু প্ৰস্তুতিৰ বলত নৰৱেৰ তাৰকাসকলে খেলপথাৰত কেনে ধুমুহাৰ সৃষ্টি কৰে তথা দেশৰ সুস্বাদু খাদ্যৰ সোৱাদেৰে কি নতুন চমক দেখুৱায়, তাৰ বাবেই এতিয়া উদগ্ৰীৱ হৈ ৰৈছে বিশ্বৰ অগণন ফুটবল অনুৰাগী!