নতুন দিল্লী
আমেৰিকা আৰু ইজৰাইলে ইৰানৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত ৰাখিছে। কিন্তু এতিয়াও যুদ্ধবিৰতিক লৈ কোনো সিদ্ধান্ত হোৱা নাই। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণে আমেৰিকাৰ সৈতে চুক্তিত সন্মতি নিদিয়ালৈকে হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব।
এই ঘোষণাৰ পিছতে বৃহস্পতিবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ মাৰ্কিন ডলাৰৰ ওপৰত বৃদ্ধি পাইছে। বুধবাৰে সংবাদ সংস্থা এক্সিঅ'ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই অৱৰোধক ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰাৰ মূল আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে।
ট্ৰাম্পে এক্সিঅ'ছক কয়, "বোমা বিস্ফোৰণতকৈ অৱৰোধ অলপ বেছি ফলপ্ৰসূ। তেওঁলোক আতংকিত হৈ আছে। তেওঁলোকৰ বাবে ই আৰু বেয়া হ'ব। তেওঁলোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে।"
এক্সিঅ'ছৰ মতে পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কীয় আলোচনা অনুষ্ঠিত কৰাৰ পূৰ্বে ইৰাণে প্ৰথমে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি অৱৰোধ উঠাই লোৱাৰ প্ৰস্তাৱ নাকচ কৰে। বৰঞ্চ ইৰানে কোনো ধৰণৰ নিষেধাজ্ঞা শিথিল কৰাৰ পূৰ্বে আমেৰিকাৰ উদ্বেগক সমাধান কৰিবলৈ জোৰ দিছে । প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমান ট্ৰাম্পে অৱৰোধক নিজৰ প্ৰাথমিক অস্ত্ৰ হিচাপে বিবেচনা কৰিলেও ইৰানে আলোচনাত সন্মতি নিদিলে সামৰিক ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰিব পাৰে। অৱশ্যে সাক্ষাৎকাৰৰ সময়ত তেওঁ কোনো নিৰ্দিষ্ট সামৰিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰে।
পশ্চিম এছিয়াত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ তেল আৰু গেছ যোগানত বাধা হোৱাৰ সময়তে এই উদ্বেগ প্ৰকাশ পাইছে। ইফালে ইন্ধন যোগানৰ মূল পথ হৰমুজ প্ৰণালীৰ দীৰ্ঘদিনীয়া অৱৰোধে বিশ্বৰ বজাৰত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
এই পৰিস্থিতিক লৈ বিশ্বৰ বিভিন্ন অৰ্থনীতিবিদে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰখ্যাত অৰ্থনীতিবিদ জেফ্ৰি চেক্সে সকীয়াই দিছে যে চলি থকা সংকটৰ বাবে বিশ্ব অৰ্থনীতিয়ে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'ব পাৰে। তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিয়ে বিশ্বৰ শক্তি বজাৰত দুৰ্বল ভাৰসাম্য প্ৰতিফলিত কৰিছে আৰু যোগানৰ নাটনি অব্যাহত থাকিলে মূল্য আৰু বৃদ্ধি পাব পাৰে বুলি তেওঁ সকীয়াই দিছে। তেওঁ লগতে কয় যে কোনো প্ৰকাৰে সেই নাটনি দূৰ হ'ব...কিন্তু নহ'লে মূল্য বৃদ্ধি পাই থাকিব।
তেওঁ লগতে উল্লেখ কৰে যে ভূ-ৰাজনৈতিক উত্তেজনা আৰু তেলৰ মূল্যবৃদ্ধিয়ে দেশজুৰি বহল অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। খাৰুৱা তেলৰ মূল্যৰ ধাৰাবাহিক উত্থানত বিশ্বৰ বজাৰসমূহ উদ্বিগ্ন হৈ পৰিছে। কিয়নো হৰমুজ প্ৰণালী দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকিলে অনাগত সময়ছোৱাত যোগান আৰু অধিক কঠোৰ হ'ব পাৰে আৰু মূল্যবৃদ্ধি হ'ব পাৰে।