বৃদ্ধি উত্তেজনা বৃদ্ধি পাইছে হৰমুজ প্ৰণালীক লৈ; জলপথটোৰ নাম সলনি কৰিলে ট্ৰাম্পে

Story by  atv | Posted by  [email protected] • 3 h ago
বৃদ্ধি উত্তেজনা বৃদ্ধি পাইছে হৰমুজ প্ৰণালীক লৈ; জলপথটোৰ নাম সলনি কৰিলে ট্ৰাম্পে
বৃদ্ধি উত্তেজনা বৃদ্ধি পাইছে হৰমুজ প্ৰণালীক লৈ; জলপথটোৰ নাম সলনি কৰিলে ট্ৰাম্পে
 
নতুন দিল্লী
 
হৰমুজ প্ৰণালীক লৈ চলি থকা জটিলতা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই। বৰঞ্চ ইয়াৰ উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এইবাৰ এই প্ৰণালীটোৰ নাম সলনি কৰি নিজৰ নামেৰে ৰাখিছে। বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ এই জলপথটোৰ নাম তেওঁ ‘ট্ৰাম্প প্ৰণালী‘ বুলি দিছে। ইয়াৰ পিছতেই ইৰানৰ তৰফৰ পৰা এক ৰহস্যময় সকীয়নি আহি পৰিছে য‘ত কোৱা হৈছে যে ‘ধুমুহা আহি আছে‘। এনে সংঘাতৰ মাজতে এতিয়া এক গভীৰ প্ৰশ্ন উত্থাপন হৈছে যে বৰ্তমান এই প্ৰণালীটোৰ প্ৰকৃত নিয়ন্ত্ৰণ আচলতে কাৰ হাতত আছে।
 
ট্ৰাম্পে তেওঁৰ ছ‘চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ‘চিয়েল‘ত এখন নতুন মানচিত্ৰ পোষ্ট কৰিছে। সেই মানচিত্ৰখনত স্পষ্টকৈ ‘ট্ৰাম্প প্ৰণালী‘ নামটো জিলিকি আছে। অৱশ্যে প্ৰথমে ‘আইষ্টেণ্ডউইথট্ৰাম্প৪৭‘ নামৰ এটা একাউণ্টৰ পৰা এই মানচিত্ৰখন পোষ্ট কৰা হৈছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেই পোষ্টটো নিজৰ ৱালত শ্বেয়াৰ কৰে। এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে আৰু প্ৰশ্ন উঠিছে যে এইদৰেই ট্ৰাম্পে বলপূৰ্বকভাৱে প্ৰণালীটো দখল কৰাৰ বাৰ্তা দিলে নেকি।
 
আনহাতে, আমেৰিকাই আগৰে পৰাই দাবী কৰি আহিছে যে এই প্ৰণালীটো তেওঁলোকৰ নিয়ন্ত্ৰণতেই আছে আৰু ইয়াৰ সমৰ্থনত তেওঁলোকে নিৰ্দিষ্ট পৰিসংখ্যাও দাঙি ধৰিছে। আমেৰিকাই জনোৱা মতে, ইতিমধ্যে ৪২ খন জাহাজক অন্য পথেৰে যাবলৈ বাধ্য কৰোৱা হৈছে আৰু এতিয়ালৈকে ৬৯ মিলিয়ন বেৰেল তেলৰ প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে।
 
ইয়াৰ ফলত ইৰান কোটি কোটি ডলাৰৰ ৰাজহৰ পৰা বঞ্চিত হ‘বলগীয়া হৈছে। অৱশ্যে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে ইয়াৰ মাজতো বহুতো জাহাজে এই অৱৰোধৰ মাজেৰেই পাৰ হৈ গৈছে। সেয়েহে প্ৰশ্নটো উত্থাপন হৈয়েই ৰৈছে যে এয়া সঁচাকৈয়ে আমেৰিকাৰ একছত্ৰী আধিপত্যৰ নিদৰ্শন নে প্ৰণালীটোক লৈ দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে। কাৰণ ইৰাণেও নীৰৱে বহি থকা নাই। ইতিমধ্যে তেওঁলোকে নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিছে আৰু ধুমুহা অহাৰ কথা কৈছে। এনে হুংকাৰৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে।
 
উল্লেখযোগ্য যে, বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থা সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত হৰমুজ প্ৰণালী এক অতি সংবেদনশীল কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এনে পৰিস্থিতিত বিশেষজ্ঞ মহলে আশংকা প্ৰকাশ কৰিছে যে কেৱল অৱৰোধ বা উত্তেজনা বৃদ্ধিয়েই নহয়, ইয়াৰ আঁৰত ইয়াতকৈয়ো ডাঙৰ আৰু সুদূৰপ্ৰসাৰী কিবা পৰিকল্পনা চলি আছে নেকি।