পাঁচ বছৰ সম্পূৰ্ণ ৰয়েল অন্ন সেৱাৰ; নতুন পৰ্যায় উদ্বোধন মুখ্য সচিব ড° ৰবি কোটাৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
 'ৰয়েল অন্ন সেৱা'ৰ যাত্ৰাৰ এক নতুন পৰ্যায়ৰ শুভাৰম্ভ অসমৰ মুখ্য সচিব ড০ ৰবি কোটাৰ
'ৰয়েল অন্ন সেৱা'ৰ যাত্ৰাৰ এক নতুন পৰ্যায়ৰ শুভাৰম্ভ অসমৰ মুখ্য সচিব ড০ ৰবি কোটাৰ
 
গুৱাহাটী
 
অসম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি (আৰজিইউ)ৰ এক সামূহিক সেৱাৰ পদক্ষেপ 'ৰয়েল অন্ন সেৱা'ই গৌৰৱময় পাঁচ বছৰ সম্পূৰ্ণ কৰে। এই উপলক্ষে আজি বিশ্ববিদ্যালয়খনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। 
 
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই 'ৰয়েল অন্ন সেৱা'ৰ যাত্ৰাৰ এক নতুন পৰ্যায়ৰ শুভাৰম্ভ কৰিছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে "শব্দৰ সিপাৰে বাৰ্তা" শীৰ্ষক এখন বাটৰ নাটও প্ৰদৰ্শন কৰে।
 
আৰজিইউৰ আচাৰ্য ডঃ এ কে পানছাৰীৰ নেতৃত্বত আৰু জ্ঞান সাগৰ ফাউণ্ডেশ্যনৰ তত্বাৱধানত ক'ভিড- ১৯ মহামাৰীৰ সময়ত আৰ্তজনক বিনামূলীয়া পুষ্টিকৰ খাদ্য প্ৰদান কৰি মৰ্যাদাসহ সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা হিচাপে এই পদক্ষেপৰ আৰম্ভণি কৰা হৈছিল। 
 
২০২০ চনৰ ১২ নৱেম্বৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা 'ৰয়েল অন্ন সেৱা'ই এতিয়ালৈকে বহনক্ষম উন্নয়নৰ লক্ষ্য ২: শূন্য ক্ষুধাৰ দিশত স্পষ্ট অৱদান আগবঢ়াই দুই লাখতকৈও অধিক লোকৰ মাজত খাদ্য বিতৰণ কৰিছে। 
 
আজি এই পদক্ষেপৰ নতুন অধ্যায় এটা আৰম্ভ কৰি ডঃ ৰবি কোটাই ঘোষণা কৰে যে, 'ৰয়েল অন্ন সেৱা'ই এতিয়া বছৰি ৫০ হাজাৰ লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰিব। যাৰ ফলত ইয়াৰ প্ৰসাৰ আৰু প্ৰভাৱ আৰু অধিক বৃদ্ধি পাব। তেওঁ বিশ্ববিদ্যালয়খনৰ সামাজিক দায়বদ্ধতাক শলাগ লয়, শিক্ষাৰ সৈতে সহানুভূতি আৰু বাস্তৱ জগতৰ প্ৰভাৱৰ সংমিশ্ৰণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।  
 
এই সন্দৰ্ভত ডঃ এ কে পানছাৰীয়ে কয়, "ৰয়েল অন্ন সেৱাই আমাৰ বিশ্ববিদ্যালয়ৰ মূল দৰ্শনক মূৰ্ত কৰি তুলিছে। ই কেৱল ভোকাতুৰক খাদ্য যোগান ধৰাই নহয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমাজৰ প্ৰতি সেৱাৰ মনোভাৱ জগাই তুলি অনুপ্ৰাণিত কৰাৰ এক প্ৰচেষ্টা।"   
 
যোৱা পাঁচ বছৰত 'ৰয়েল অন্ন সেৱা'ই সমগ্ৰ গুৱাহাটীত দৈনিক খাদ্য বিতৰণ, মহামাৰী সাহায্য অভিযান আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে আৰ জি ইউৰ শ্ৰেণী কোঠাৰ বাহিৰলৈ প্ৰকৃত শিক্ষা সম্প্ৰসাৰণ কৰি আহিছে।