ঝাৰখণ্ডৰ মন্ত্ৰীৰ সহায়কৰ ঘৰত উদ্ধাৰ ₹২৫ কোটি নগদ ধন

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৰাঁচী
 
সোমবাৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ একাধিক স্থানত ইডিয়ে ধাৰাবাহিকভাৱে অভিযান চলাই ₹২৫ কোটি নগদ ধন উদ্ধাৰ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰেন্দ্ৰ ৰামক। 
 
শেহতীয়াকৈ ঝাৰখণ্ড গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰাম আৰু তেওঁৰ সৈতে জড়িত প্ৰায় অধিকাংশ স্থানক লক্ষ্য কৰি ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই অভিযান চলোৱা হৈছে।      
 
অভিযানৰ ভিডিঅ' ফুটেজত দেখা গৈছে যে, ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ  কোঠা বুলি কোৱা এটা কোঠাত পাহাৰ সদৃশ মুদ্ৰাৰ নোট সিঁচৰতি হৈ আছিল। আলমগীৰ আলমে ঝাৰখণ্ড বিধানসভাত পাকুৰ আসনক প্ৰতিনিধিত্ব কৰিছে।     
 
ঝাৰখণ্ডত বিজেপিৰ মুখপাত্ৰ প্ৰতুল শ্বাহদেৱে কয় যে, এতিয়াও ঝাৰখণ্ডত দুৰ্নীতি শেষ হোৱা নাই। নিৰ্বাচনৰ সময়ত লাভ কৰা এই ধনে ইয়াকে ইংগিত দিয়ে যে এই ধন নিৰ্বাচনত খৰছ কৰাৰ পৰিকল্পনাৰে মজুত ৰখা হৈছিল। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
 
তদন্তকাৰী সংস্থাটোৱে ৰাঁচীৰ ছেইল চিটিকে ধৰি ৯ টা স্থানত একেলগে অভিযান চলাই আছে। সোমবাৰে পুৱা ইডিৰ এটা দলে গড়কাপ্তানী বিভাগৰ অভিযন্তা বিকাশ কুমাৰক বিচাৰি উলিয়াবলৈ চেইল চিটিত খোজ কাঢ়িছিল। ইডিৰ আন এটা দলে বাৰিয়াটু, মৰ্হাবাদী আৰু বডিয়া অঞ্চলত অভিযান চলাই আছে।