পৰিৱেশ সংৰক্ষণক লৈ বৈষ্ণো দেৱী মন্দিৰ কৰ্তৃপক্ষৰ অভিনৱ পদক্ষেপঃ প্ৰসাদ হিচাপে আগবঢ়োৱা হ'ব গছপুলি

Story by  atv | Posted by  [email protected] • 2 Months ago
জম্মুৰ ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰ
জম্মুৰ ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰ
 
নতুন দিল্লী

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশ সুৰক্ষিত কৰাৰ লক্ষ্যৰে শ্ৰী মাতা বৈষ্ণু দেৱী ব’ৰ্ডে মন্দিৰলৈ অহা ভক্তসকলক ‘প্ৰসাদ’ (পবিত্ৰ খাদ্য) হিচাপে উদ্ভিদ আগবঢ়োৱাৰ এক অভিনৱ পন্থা হাতত লৈছে। ইয়াৰ বাবে তেওঁলোকে পবিত্ৰ মন্দিৰৰ বেছ কেম্প কাটৰাত উচ্চ প্ৰযুক্তিসমৃদ্ধি এটা আউটলেট স্থাপন কৰিছে।
 
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱীক অতি পূজনীয় মন্দিৰ হিচাপে গণ্য কৰা হয়, য’ত গড়ে এবছৰত প্ৰায় এক কোটি লোকে ভিৰ কৰে।মন্দিৰ কৰ্তৃপক্ষৰ বিষয়াসকলে কয় যে এই পদক্ষেপৰ আঁৰৰ ধাৰণা হৈছে মানুহক অধিক গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰা আৰু পৃথিৱী গ্ৰহটোক জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা ৰক্ষা কৰা। গছ পুলিটোৱে দেৱীৰ আশীৰ্বাদ হিচাপেও কাম কৰে আৰু পবিত্ৰ তীৰ্থযাত্ৰাৰ সজীৱ স্মৃতি হিচাপেও থাকি যাব। 
শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডৰ সহকাৰী বন সংৰক্ষক ভিনী খাজুৰিয়াই কয় যে আগন্তুক দুদিনমানৰ ভিতৰত ব’ৰ্ডে আনুষ্ঠানিকভাৱে মন্দিৰলৈ অহা বৈষ্ণো দেৱী তীৰ্থযাত্ৰীসকলক ‘প্ৰসাদ’ হিচাপে গছ-গছনি আগবঢ়োৱা পদক্ষেপ আৰম্ভ কৰিব। তেওঁ জনোৱা মতে, পবিত্ৰ মন্দিৰৰ বেছ কেম্প কাটৰাৰ নাহিৰিকা কমপ্লেক্সত উচ্চ প্ৰযুক্তিৰ আউটলেটৰ পৰিকল্পনা কৰা হৈছে, য’ৰ পৰা আগ্ৰহী ভক্তসকলে মাতা ৰাণীৰ আশীৰ্বাদ হিচাপে গছপুলিবোৰ গ্ৰহণ কৰিব পাৰিব।
 
খাজুৰিয়াই কয় যে ৰিয়াচীৰ কাটৰাৰ সমীপৰ পন্থাল অঞ্চলৰ কুনিয়া গাঁৱত শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডে স্থাপন কৰা উচ্চ প্ৰযুক্তিৰ নাৰ্চাৰীৰ পৰা থলুৱা গছ-গছনিসমূহ অনা হ’ব। তীৰ্থযাত্ৰীসকলৰ বাবে সা-সুবিধাসমূহ নিৰন্তৰ উন্নত কৰাৰ উপৰিও ব’ৰ্ডে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণত গুৰুত্ব দিছে। তেওঁ আৰু জনায় যে ব’ৰ্ডে পৰিৱেশ সংৰক্ষণ কৰাটোও নিশ্চিত কৰি আহিছে।
 
তেওঁ কয়, “ব’ৰ্ডে মন্দিৰ অঞ্চলত বিভিন্ন থলুৱা প্ৰজাতিৰ উদ্ভিদ, লতা আৰু ফুলৰ বাগিচাও মুকলি কৰিছে। এই নতুন ধাৰণাটোক লৈ মানুহে যথেষ্ট আগ্ৰহ দেখুৱাইছে।" ইফালে, এজন ভক্তই কয়, “বিবাহ, জন্মদিন বা বিদায় অনুষ্ঠানৰ সময়ত ‘উপহাৰ’ হিচাপে গছপুলি বিতৰণৰ পৰম্পৰা আমি দেখিছো যদিও মন্দিৰৰ ‘প্ৰসাদ’ হিচাপে গছপুলি আগবঢ়োৱাটো এটা অনন্য পদক্ষেপ”।