একে ধৰণৰ দৃষ্টিভংগীয়ে আজিও কাম দিব পাৰে- যিয়ে সকলো ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ মাজত জনপ্ৰিয় স্থানীয় সমস্যাবোৰ চিনাক্ত কৰিব পাৰে। বৰ্তমান সময়ত এই কথা কোৱাতকৈ কামত কৰি দেখুওৱাটো হয়তো কঠিন। কিন্তু অতীতত যেতিয়া এনে পৰীক্ষা-নিৰীক্ষা সফল হৈছিল, তেতিয়া সঠিক ভেটি গঢ়ি তুলিব পাৰিলে ই পুনৰ সফল হ'ব বুলি বিশ্বাস কৰাৰ থল আছে। এগৰাকী মুছলমান নেতাই নিজকে কেৱল মুছলমানৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰিব নালাগে, তেওঁ সকলোৰে হিতাকাংক্ষী হিচাপে পৰিচিত হোৱা উচিত। বৰ্তমানৰ ছামলি সমষ্টিৰ সাংসদ ইক্ৰা হাছানে এই ক্ষেত্ৰত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
আমি যদি ইতিহাসলৈ চাওঁ, তেন্তে দেখা পাওঁ যে ১৯৫৭ চনত বিহাৰৰ কেইবাগৰাকীও মুছলমান নেতাই, যিসকলে দশক দশক ধৰি গান্ধী আৰু নেহৰুৰ সৈতে স্বাধীনতাৰ বাবে যুঁজ দিছিল- প্ৰতিবাদস্বৰূপে নিজৰ 'গান্ধী টুপী' ঘূৰাই দিছিল। তেওঁলোকে সেইবোৰ কোনো মছজিদ বা ইছলামিক ধৰ্মগুৰুক ঘূৰাই দিয়া নাছিল। তেওঁলোকে সেইবোৰ ঘূৰাই দিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বক।
সেই বছৰ বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিৰ তদন্তৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত গঠিত এখন সমিতিয়ে এই ঘটনাৰ নথিপত্ৰ প্ৰস্তুত কৰিছিল। এই প্ৰতিবাদৰ পৰা সেই নেতাসকলৰ ৰাজনৈতিক দৃষ্টিভংগীৰ বিষয়ে বহুত কথা জানিব পৰা যায়। শ্বাহ ৱাজিহুদ্দিন মিনহাজী আৰু খিজিৰকে ধৰি অন্যান্য নেতাসকল ক্ষুব্ধ আছিল- হিন্দু বা ভাৰতীয় গণৰাজ্যৰ বিৰুদ্ধে নহয়, বৰং কংগ্ৰেছৰ ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধেহে। তেওঁলোকৰ ক্ষোভ আছিল এটা ৰাজনৈতিক দলৰ প্ৰতি। এই প্ৰতিবাদত কোনো ধৰণৰ ইছলামিক শব্দাৱলী ব্যৱহাৰ কৰা হোৱা নাছিল।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰায়ে এই যুক্তি দিয়া হয় যে জমিয়ত উলেমা-ই-হিন্দ, ইমাৰাত-ই-শ্বৰিয়া আৰু মোমিন সন্মিলনৰ দৰে সংগঠনসমূহে ধৰ্মীয় সম্প্ৰদায় হিচাপে সদায়েই মুছলমানসকলৰ ৰাজনৈতিক আকাংক্ষাক প্ৰতিনিধিত্ব কৰি আহিছিল। কোৱা হয় যে তেওঁলোকৰ ৰাজনীতি 'দ্বীন' (ধৰ্ম) বা এখন হিন্দু সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰত মুছলমান পৰিচয়ৰ ধৰ্মতাত্ত্বিক ধাৰণাৰ দ্বাৰা পৰিচালিত আছিল। কিন্তু ইতিহাসৰ তথ্যই এক বেলেগ আৰু জটিল কাহিনীহে কয়।
স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত এই সংগঠনসমূহে প্ৰতিযোগিতামূলক নিৰ্বাচনী ৰাজনীতিৰ গাঁথনিৰ ভিতৰত গণতান্ত্ৰিক ৰাজনৈতিক শক্তি হিচাপে কাম কৰিছিল। ইছলাম পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক আছিল যদিও তেওঁলোকৰ প্ৰকৃত ৰাজনীতি প্ৰায়ে লেনদেনভিত্তিক, বাস্তৱসন্মত আৰু নিৰ্বাচনী গণতন্ত্ৰৰ বাস্তৱতাৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত আছিল।
জমিয়ত উলেমা-ই-হিন্দ, ইমাৰত-ই-শ্বৰিয়া আৰু জামায়াত-ই-ইছলামী আছিল বিভাজনৰ পূৰ্বৰ সংগঠন যিয়ে পাকিস্তানলৈ যোৱাৰ পৰিৱৰ্তে ভাৰতত থকাৰ সিদ্ধান্ত লৈছিল। ১৯৩৭ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কোনো আদৰ্শগত বা ধৰ্মতাত্ত্বিক সাদৃশ্যৰ ওপৰত নহয়, ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী ৰাজনীতিৰ ধাৰণাৰ ওপৰতহে আধাৰিত আছিল।
আজি কেন্দ্ৰত শাসনত থকা চৰকাৰখনক মুছলমান বিৰোধী মনোভাৱ পোষণ কৰা বুলি বহুলভাৱে গণ্য কৰা হয়। এই ধাৰণাটোৱে বাস্তৱক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰক বা নকৰক, ই এক স্পষ্ট ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰে আৰু এক বৃহৎ সংখ্যাগৰিষ্ঠ ভোট একত্ৰিত কৰাত সহায় কৰে। ইয়াৰ ফলত মুছলমান সংগঠনসমূহৰ বাবে এক সংকটৰ সৃষ্টি হৈছে, যাৰ পৰা ওলোৱাৰ কোনো সহজ পথ নাই।
যদি তেওঁলোকৰ কোনোবাই বৰ্তমান চৰকাৰৰ সৈতে এক কৰ্ম-সম্পৰ্ক স্থাপনৰ চেষ্টা কৰে, তেন্তে একাংশ মুছলমান জনসাধাৰণে লগে লগে তেওঁলোকৰ বিৰোধিতা কৰিব পাৰে আৰু এনে বুজাবুজিক আত্মসৰ্মপণ বুলি গণ্য কৰিব পাৰে। আনহাতে, যদি তেওঁলোক বিৰোধী হৈয়েই থাকে, তেন্তে দশক দশক ধৰি তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ বজাই ৰখা পৃষ্ঠপোষকতাৰ নেটৱৰ্কসমূহৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাথাকিব। দুয়োফালৰ পৰাই তেওঁলোকৰেই লোকচান।
ছ'চিয়েল মিডিয়াই এই অৱস্থাটোক আৰু অধিক কঠিন কৰি তুলিছে। আগতে যিবোৰ নীৰৱ আলোচনাৰ জৰিয়তে বন্ধ কোঠাৰ ভিতৰত বিবাদবোৰ নিষ্পত্তি কৰা হৈছিল, সেয়া এতিয়া ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হয়। প্ৰতিটো বুজাবুজিকে সমালোচনা কৰা হয়। প্ৰতিটো আপোচক অতিৰঞ্জিত কৰি প্ৰচাৰ কৰা হয়। ফলস্বৰূপে, গোপনে দৰ-দাম কৰাৰ ৰাজনৈতিক সুযোগ এতিয়া বহুখিনি সংকুচিত হৈ পৰিছে।
এই ইতিহাস অধ্যয়ন কৰিলে বুজা যায় যে স্বাধীন ভাৰতত মুছলমান সংগঠনসমূহৰ ৰাজনৈতিক প্ৰভাৱ কেতিয়াও প্ৰাথমিকভাৱে ধৰ্মীয় কৰ্তৃত্বৰ ওপৰত নিৰ্ভৰশীল নাছিল। ই কংগ্ৰেছৰ ৰাজনৈতিক বুজাবুজি ব্যৱস্থাৰ ওপৰত গঢ় লৈ উঠিছিল- এম এল চি কোটা, মন্ত্ৰীসভাৰ পদ, পৃষ্ঠপোষকতা আৰু উত্তৰাধিকাৰী সূত্ৰে পোৱা নিৰ্বাচনী সম্পৰ্কৰ ওপৰত। যি মুহূৰ্তত সেই ব্যৱস্থাটো ভাঙি পৰিল, তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱৰো সৰহভাগ নোহোৱা হৈ গ'ল।