ফুটবলৰ পিছত এইবাৰ MMA; অসমৰ ছার্জিক আলমৰ ব্যতিক্ৰমী যাত্ৰা

Story by  Ariful Islam | Posted by  Munni Begum • 14 h ago
ছার্জিক আলম
ছার্জিক আলম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। নেৰানেপেৰা চেষ্টা আৰু একাণপতীয়া সাধনা থাকিলে সকলো কামতে সফল হ'ব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী প্ৰতিভাৱান যুৱকে। প্ৰথম প্ৰচেষ্টাতে MMA নেচনেল চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ছার্জিক আলম নামৰ যুৱকজনে। 
 
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হোৱা মিক্স মাৰ্চেল আৰ্টছৰ 'The Hero Live MMA' ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অৰ্জন কৰিবলৈ সক্ষম হৈছে এই সাফল্য। উল্লেখ্য যে, ছার্জিক আলমে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই যদিও বিভিন্ন ঠাইত যোৱা এবছৰৰ পৰা অনুশীলন কৰি আহিছে। MMA ফাইটাৰৰ উপৰি তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাল ফুটবলাৰ। অলপতে তেওঁ 'আই লীগ-৩'ও খেলি আহিছে। 
 
 
আৱাজ - দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছার্জিক আলমে কয়ঃ "প্ৰথমবাৰৰ বাবে মই এনেকুৱা ডাঙৰ প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰিছোঁ। বহু দৰ্শকৰ মাজত ফুটবলৰ খেলিছোঁ, কিন্তু এইখন খেলত ৰিঙৰ ভিতৰত খেলিব লাগে। মোৰ কাৰণে নতুন আছিল যদিও মই ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'লো। মই কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই। কিন্তু এবছৰৰ পৰা মই কঠোৰভাৱে অনুশীলন কৰি আছিলোঁ।"
 
"MMA খেলাৰ লগতে মই এজন ফুটবলাৰ। মই 'নৰ্থইষ্ট ইউনাইটেড এফ চি'ত খেলিছোঁ। ভাৰতীয় জুনিয়ৰ দলত খেলাৰো মই সুযোগ পাইছিলোঁ। শেহতীয়াকৈ মই ছিনিয়ৰ 'আই লীগ-৩' খেলি আহিছোঁ। দুটা খেল একেলগে আগুৱাই লৈ যোৱাটো মোৰ বাবে যথেষ্ট কঠিন। কিন্তু মোৰ পৰিয়ালে মোক আজিলৈ সম্পূৰ্ণ সহযোগ কৰি আহিছে। যাৰ ফলত মই দুয়োটা খেল একেলগে আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। MMA হওক বা ফুটবলে হওক, অসমক প্ৰতিনিধিত্ব কৰিবলৈ মই সদায় সাজু", ছার্জিক আলমে কয়। 
 
উল্লেখ্য যে, ফুটবলেৰে জগত জিনাৰ সপোন আছে ছার্জিক আলমৰ। মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছিল। অসমৰ প্ৰতিভাৱান ফুটবলাৰজনে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এচিয়ান কেণ্টিনেণ্টেল কাপত ১৭ বছৰ অনুৰ্ধ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। ১৭ বছৰ অনুৰ্ধ ভাৰতীয় ফুটবল দলৰ গ'লৰক্ষক হিচাপে খেলিছিল কামৰূপ জিলাৰ ডেকাৰকুছিৰ ছার্জিক আলমে।
 
ছার্জিক আলম তেওঁৰ স্কুলীয়া বন্ধু-বান্ধৱীৰ সৈতে
 
ইয়াৰ পূৰ্বে পৰ্তুগালত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল ইউথ কাপ ২০২২ ত তেওঁ খেলিবলৈ সুযোগ পাইছিল। প্ৰতিভা আৰু দক্ষতাৰ বলত ছাৰ্জিকে এতিয়া ভাৰতীয় জুনিয়ৰ ফুটবল দলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী ছার্জিক আলমে গাঁৱত ৰবাব টেঙাৰ বলেৰে ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল।
 
কামৰূপ জিলাৰ অন্তৰ্গত ডেকাৰকুছি গাঁৱত জন্ম লাভ কৰা ফুটবলাৰজনে বৰ্তমান মাতৃৰ সৈতে গুৱাহাটীৰ হাতীগাঁৱৰ এটা ভাড়াঘৰত থাকে। বৰ্তমান স্নাতক অধ্যয়নৰত প্ৰতিভাৱান যুৱকজনে গুৱাহাটীৰ ভাড়াঘৰত থাকিয়েই পঢ়া-শুনা কৰে, লগতে ফুটবল আৰু MMAৰ অনুশীলন চলাই আছে। গুৱাহাটীৰ এছ বি দেউৰা মহাবিদ্যালয়ৰ ছাত্ৰ চার্জিক আলম।
 
উল্লেখ্য যে, ছার্জিক আলমে অসম দলৰ হৈ খেলাৰ উপৰি বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে। অসম ফুটবল দলৰ সদস্য হৈ তেওঁ বিভিন্ন ঠাইত উন্নত প্ৰদৰ্শনেৰে ফুটবল অনুৰাগীৰ মন জয় কৰিছে। পাঞ্জাৱৰ আগশাৰীৰ ফুটবল ক্লাব মিনাৰ্ভা পাঞ্জাৱ এফ চিতো খেলাৰ সুযোগ পোৱা উদীয়মান খেলুৱৈজনে মিনাৰ্ভা পাঞ্জাৱ এফ চি অনুৰ্ধ-১৪ ৰ গ'লৰক্ষক হিচাপে খেলিছিল। 
 
ভাৰতীয় ফুটবল দলত অসমৰ ছার্জিক আলম
 
পেলে, ৰোনাল্ডো, লিঅ’নেল মেছিৰ দৰে মহান ফুটবলাৰে সদায় আকৰ্ষিত কৰি অহা ছার্জিকে এতিয়া নিজকে এজন সুদক্ষ ফুটবলাৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰ সপোন দেখিছে। আৰ্থিক দুৰৱস্থাই জীৱনলৈ বহুতো প্ৰত্যাহ্বান আনিছে যদিও সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ সফলতাৰ শিখৰ চুবলৈ বিচাৰে৷