১৮ বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ; হিমাংশু জাখৰৰ ঐতিহাসিক স্বৰ্ণজয়

Story by  atv | Posted by  [email protected] • 5 d ago
১৮ বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদকৰ সৈতে হিমাংশু জাখৰ
১৮ বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদকৰ সৈতে হিমাংশু জাখৰ

ডাম্মাম 

ছৌদি আৰৱৰ ডাম্মামত অনুষ্ঠিত ১৮ বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে হিমাংশু জাখৰে। ৬৭.৫৭ মিটাৰৰ বৃহৎ জেভেলিন থ্ৰ'ৰে তেওঁ এই চমকপ্ৰদ সাফল্য অৰ্জন কৰে। প্ৰতিযোগিতাখনৰ ইতিহাসত ল’ৰাৰ জেভেলিন থ্ৰ'ত এয়া ভাৰতৰ প্ৰথমটো সোণৰ পদক।
 
হাৰিয়ানাৰ ১৭ বছৰীয়া হিমাংশু জাখৰে চীনৰ লু হাও (৬৩.৪৫ মিটাৰ) আৰু উজবেকিস্তানৰ ৰুছলান ছাডুলায়েভ (৬১.৯৬ মিটাৰ)ক চেৰ পেলাই প্ৰথম স্থান অধিকাৰ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।
উল্লেখ্য যে, ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত হিমাংশুৱে ব্যক্তিগত শ্ৰেষ্ঠ ৭৪.৫৬ মিটাৰ (৭০০গ্ৰাম) জেভেলিন  থ্ৰ' কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ দক্ষিণ আফ্ৰিকাত তাৰকা জেভেলিন  থ্ৰ'ৱাৰ নীৰজ চোপ্ৰা আৰু জান জেলেজনীৰ সৈতে প্ৰশিক্ষণ লৈছে।
 
১৮ বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে মুঠ ১১টা পদক লাভ কৰি অভিযান সামৰে। ইয়াৰ ভিতৰত আছে এটা সোণ, পাঁচটা ৰূপ, আৰু ৫টা ব্ৰঞ্জৰ পদক।