ইৰফান পাঠানে আৰম্ভ কৰিলে 'এপিক ভিক্ট'ৰী ক্ৰিকেট লীগ', কাশ্মীৰৰ যুৱ প্ৰতিভাই পাব ডাঙৰ মঞ্চ

Story by  atv | Posted by  [email protected] • 6 d ago
ইৰফান পাঠানে আৰম্ভ কৰিলে 'এপিক ভিক্টোৰী ক্ৰিকেট লীগ'
ইৰফান পাঠানে আৰম্ভ কৰিলে 'এপিক ভিক্টোৰী ক্ৰিকেট লীগ'
 
আৱাজ দ্য ভইচ/শ্ৰীনগৰ
 
ভাৰতীয় প্ৰাক্তন অল ৰাউণ্ডাৰ ইৰফান পাঠানে শ্ৰীনগৰত আৰম্ভ কৰিছে নতুন ফ্ৰেঞ্চাইজি ভিত্তিক টি-২০ ক্ৰিকেট লীগ- এপিক ভিক্ট'ৰী ক্ৰিকেট লীগ (ইভিচিএল)। এই লীগৰ লক্ষ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ যুৱ আৰু প্ৰতিভাৱান ক্ৰিকেটাৰসকলক এক মঞ্চ প্ৰদান কৰা, যিসকলে এতিয়াও নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পোৱা নাই।
 
শ্ৰীনগৰৰ হোটেল ৰেডিচনত অনুষ্ঠিত এক সংবাদমেলত পাঠানে কয় যে এই প্ৰতিযোগিতাখন কেৱল প্ৰতিযোগিতা নহয় বৰঞ্চ ষ্ট্ৰীট ক্ৰিকেট আৰু পেছাদাৰী ক্ৰিকেটৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে এক আন্দোলন। ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লীগৰ প্ৰথম সংস্কৰণ, যাৰ বাবে ১৫ জুনৰ পৰা ৩১ জুলাইলৈকে ২০ খন চহৰত ট্ৰায়েল অনুষ্ঠিত হ’ব। ইয়াৰ ফলত যুৱ ক্ৰিকেটাৰ সকলে এক ডাঙৰ সুযোগ পাব।
 
পাঠানে কয় যে, "আজিলৈকে বহু খেলুৱৈয়ে প্লেটফৰ্ম পোৱা নাই। এই লীগ তেওঁলোকৰ বাবে। কুপৱাৰাৰ পৰা বাৰামুল্লালৈকে প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিভা লাভ কৰিছো, তেওঁলোকক মাত্ৰ উপযুক্ত নিৰ্দেশনা আৰু অভিজ্ঞতাৰ প্ৰয়োজন।" লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে খেলুৱৈৰ বাছনি কেৱল মেধা আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি হ’ব।
 
ট্ৰফী মুকলি কৰাৰ সময়ত ইৰফান পাঠান আৰু উদ্যোগতা
 
এই ফ্ৰেঞ্চাইজি ভিত্তিক টি-২০ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল শ্ৰীনগৰত অনুষ্ঠিত হ’ব।
 
দেশৰ ২০ খন চহৰত ট্ৰাইলৰ জৰিয়তে নিৰ্বাচিত ২০০ ৰো অধিক খেলুৱৈ।
 
১৫ জুনৰ পৰা ৩১ জুলাইলৈ, কাশ্মীৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱকে ধৰি বহু ৰাজ্যত হ'ব ট্ৰাইল।
 
এই মেচসমূহ জম্মু আৰু শ্ৰীনগৰত অনুষ্ঠিত হ’ব, মুঠ ১৫ খন হাই ভল্টেজ মেচ।
 
প্ৰতিযোগিতাখন OTT প্লেটফৰ্মত লাইভ ষ্ট্ৰীমিং কৰা হ'ব, ইংৰাজী, হিন্দী, কাশ্মীৰী আৰু ডগৰি ভাষাত শুনিব পাৰিব ধাৰাভাষ্য।
 
পাঠানে কাশ্মীৰৰ আন্তঃগাঁথনিৰ প্ৰত্যাহ্বানসমূহো স্বীকাৰ কৰে। তেওঁ কয় যে ইয়াৰ পূৰ্বেও তেওঁ কিছুমান জিলাত মেটিং উইকেটক টাৰ্ফ পিটচলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল যাতে খেলুৱৈসকলে প্ৰকৃত ক্ৰিকেটৰ পৰিৱেশ পায়। তেওঁ কয়, “যদি উপযুক্ত সহায় লাভ কৰা হয়, তেন্তে ইয়াৰ ল’ৰা-ছোৱালীবোৰে বহু দূৰ আগবাঢ়িব পাৰে।”
 
অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খেলুৱৈৰ লগতে ইভিচিএলত খেলিব স্থানীয় যুৱ ক্ৰিকেটাৰে। অভিজ্ঞতা আৰু উৎসাহৰ এই সমন্বয়ে খেলুৱৈসকলৰ বিকাশৰ বাবে এক আদৰ্শ পৰিৱেশৰ সৃষ্টি কৰিব বুলি আয়োজকসকলে বিশ্বাস কৰে।
 
লীগৰ সহ-প্ৰতিষ্ঠাপক বিকাশ ঢাকাই কয়, “এয়া কেৱল ক্ৰিকেট নহয়, ই এক সপোন, ই এনে এক মঞ্চ যিয়ে যুৱক-যুৱতীসকলক তেওঁলোকৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সুযোগ দিব পাৰে।”
 
পাঠানে কাশ্মীৰৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ কথাও উল্লেখ কৰিছিল। তেওঁ কয় যে ২০১৮-১৯ বৰ্ষত জম্মু-কাশ্মীৰ দলৰ সৈতে প্ৰশিক্ষক হিচাপে থকা সময়ছোৱাত তেওঁ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক প্ৰভাৱিত কৰিছিল। তেওঁ আৱেগিকভাৱে কয়, “ইয়াত ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ আছে, কঠোৰ পৰিশ্ৰম আছে আৰু এতিয়াই তেওঁলোকক প্ৰাপ্য সুযোগ দিয়াৰ সময়।”
 
ক্ৰিকেট কেৱল খেল নহয়, নিজৰ সপোন বুলি গণ্য কৰা হাজাৰ হাজাৰ যুৱকৰ বাবে এপিক ভিক্টোৰী ক্ৰিকেট লীগ কেৱল প্ৰতিযোগিতা নহয়, আশাৰ ৰেঙণি। ইৰফান পাঠান আৰু তেওঁৰ দলৰ এই পদক্ষেপে নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেটৰ মানচিত্ৰত বহু নতুন কাহিনী লিখিব, বিশেষকৈ কাশ্মীৰৰ উজ্বলি আহি আন্তৰ্জাতিক মঞ্চত উপনীত হ’ব।