ৱৰ্লি সাগৰ লিংকৰ পৰা আৰব সাগৰ হৈ অটল ছেতুলৈ সাঁতোৰা প্ৰথমজন ভাৰতীয় জলকোঁৱৰ এলভিছ

Story by  atv | Posted by  [email protected] • 1 Years ago
সাঁতোৰবিদ এলভিছ আলী হাজৰিকা
সাঁতোৰবিদ এলভিছ আলী হাজৰিকা
 
গুৱাহাটী
 
জলকোঁৱৰ হিচাপে পৰিচিত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আন এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অপৰিসীম নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে ৱৰ্লি সাগৰ লিংকৰ পৰা আৰব সাগৰ পাৰ হৈ অটল ছেতুলৈ সফলতাৰে সাঁতুৰি পাৰ হৈছে সাঁতোৰবিদগৰাকীয়ে। ইয়াৰ লগে লগে এই সফলতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় আৰু প্ৰথম অসমীয়া হৈ পৰিছে এলভিছ আলী হাজৰিকা।
 
১:৪৫ বজাৰ পৰা আৰম্ভ হোৱা সাঁতোৰটো সম্পূৰ্ণ হ’বলৈ এলভিছক ১৩ ঘণ্টা সময় লাগিছিল। অবিশ্বাস্যভাৱে এয়া এক প্ৰত্যাহ্বানমূলক যাত্ৰা আছিল। এই দুঃসাহসিক সাঁতোৰ সম্পূৰ্ণ কৰোঁতে ডাঙৰ মাছৰ ভয়, পানীত নূন্যতম পোহৰ, ৰাতি কম দৃশ্যমানতা, মাছ ধৰা জালত আবদ্ধ হৈ পৰা আদি অসুবিধাৰো সন্মুখীন হৈছিল। ইয়াৰ উপৰিও বিষাক্ত জেলিফিছৰ সন্মুখীন হোৱাটোৱে বিপদ বৃদ্ধি কৰিলে যদিও এলভিছৰ অভিজ্ঞতাই তেওঁক আগুৱাই লৈ গৈছিল।
 
এই সাঁতোৰটোৰ সৈতে এতিয়ালৈ এলভিছৰ ১০ টা মুকলি পানীৰ সাঁতোৰ সম্পূৰ্ণ হ'ল। যাৰ ফলত এই সাঁতোৰটো এলভিছৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হৈ পৰিল।