টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল; কোন কোন আছে দলত ?

Story by  atv | Posted by  [email protected] • 16 d ago
টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল
টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল
 
নতুন দিল্লী 
 
আই পি এলৰ মাজতে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল। ৰোহিত শৰ্মাৰ নেতৃত্বত দল ঘোষণা কৰিলে  BCCIএ। 
 
 
ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেট কীপাৰ), সঞ্জু চেমচন,  হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজুবেন্দ্ৰ চহল, অৰ্শ্বদ্বীপ সিং, জশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ। আনহাতে বেক আপ প্লেয়াৰ হ’ব শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ, আভেশ খান।
 
টুইট যোগে দল ঘোষণা কৰিলে BCCIএ। এইবাৰৰ এদিনীয়া বিশ্বকাপৰ দুৰ্দান্ত ফৰ্ম দেখুওৱা কে এল ৰাহুল টি-২০ বিশ্বকাপ দলৰ পৰা বাদ পৰিল। 
 
আনহাতে IPLত দুৰ্দান্ত ফৰ্ম দেখুওৱা দীনেশ কাৰ্তিকে স্থান লাভ কৰিব বুলি চৰ্চা চলিছিল, কিন্তু দীনেশ কাৰ্তিকে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। 
 
আনহাতে IPL-2024ত ফৰ্মত থকা অসম সন্তান ৰিয়ান পৰাগ, অভিষেক শৰ্মা, মায়ংক যাদৱ, তিলক বৰ্মাও স্থান লাভ নকৰিলে টি-২০ বিশ্বকাপৰ দলত।