গুজৰাট উপকূলৰ ওচৰত ব্যাপক অভিযানত ধৰা পৰিছে ₹৬০০ কোটি টকাৰ ড্ৰাগছ; ১৪ জন পাকিস্তানী লোক

Story by  atv | Posted by   Imtiaz Ahmed • 18 d ago
উদ্ধাৰ কৰা ড্ৰাগছ আৰু আটক কৰা পাকিস্তানী জাহাজখনৰ ১৪জন ক্ৰু
উদ্ধাৰ কৰা ড্ৰাগছ আৰু আটক কৰা পাকিস্তানী জাহাজখনৰ ১৪জন ক্ৰু
পোৰবন্দৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে দেওবাৰে এখন সন্দেহজনক পাকিস্তানী নাও আটক কৰে। নাওখনৰ পৰা প্ৰায় ₹৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। চোৰাংচোৱা তথ্যৰ ভিত্তি কৰি উপকূলৰক্ষীয়ে এণ্টি টেৰৰৰিজম স্কোয়াড (এটিএছ) আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো (এনচিবি)ৰ সৈতে অঞ্চলটোত চলি থকা ড্ৰাগছ সৰবৰাহৰ ছিণ্ডিকেটৰ ওপৰত কঠোৰ অভিযান আৰম্ভ কৰে।

ড্ৰাগছৰ লগতে পাকিস্তানী জাহাজখনৰ ১৪জন ক্ৰুকো আটক কৰা হয়।

"এটা শ্বাসৰুদ্ধকাৰী নিশাৰ অপাৰেচনত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সাগৰত চোৰাংচোৱা ভিত্তিক নিচাবিৰোধী অভিযান চলাইছিল। পাকিস্তানী নাও এখনৰ পৰা ১৪ জন ক্ৰুৰ সৈতে প্ৰায় ৮৬ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী আটক কৰা হৈছে।" এক প্ৰেছ বিজ্ঞপ্তক্ত কোৱা হৈছে।

এই অভিযানৰ কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ সংস্থাটোৱে সমান্তৰাল অভিযানত জাহাজ আৰু বিমান নিয়োগ কৰিছিল। এই অভিযানৰ সৈতে জড়িত অন্যতম মূল জাহাজ আছিল ক’ষ্ট গাৰ্ডৰ জাহাজ ৰাজৰতন, য’ত এনচিবি আৰু এটিএছ দুয়োটাৰে বিষয়া আছিল।

সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি নাওখনে ধৰা পৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাৰ পিছতো সজাগ জাহাজখনে সফলতাৰে চিনাক্ত কৰি বাধা দিয়ে। জাহাজখনৰ পৰা অহা এটা বিশেষ দলে পুংখানুপুংখ অনুসন্ধান চলাই জাহাজখনত ড্ৰাগছৰ উপস্থিতি নিশ্চিত কৰে।

উপকূলৰক্ষী বাহিনীয়ে কয় যে, "ড্ৰাগছ ভৰ্তি নাওখনে ব্যৱহাৰ কৰা কোনো পৰিমাণৰ এৰাই চলা কৌশলে ইয়াক দ্ৰুত আৰু শক্তিশালী আইচিজি জাহাজ ৰাজৰতনৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। জাহাজৰ বিশেষজ্ঞ দলে সন্দেহজনক নাওখনত উঠিছিল আৰু পুংখানুপুংখভাবে পৰীক্ষাৰ অন্তত যথেষ্ট পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ উপস্থিতি নিশ্চিত কৰে।" 

জব্দ কৰা পাকিস্তানী নাওখনৰ ক্ৰুৰ সৈতে অধিক তদন্তৰ বাবে পোৰবন্দৰলৈ অনা হৈছে।