গাজা যুদ্ধবিৰতিৰ বাবে হামাছৰ চৰ্ত মানি লোৱা আৰু আত্মসমৰ্পন কৰা একে: বেঞ্জামিন নেতানিয়াহু

Story by  atv | Posted by  Munni Begum • 12 d ago
বেঞ্জামিন নেতানিয়াহু
বেঞ্জামিন নেতানিয়াহু
 
নতুন দিল্লী
 
গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে হামাছৰ চৰ্ত মানি চলিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। তেওঁ গাজা যুদ্ধবিৰতিৰ আলোচনা বন্ধ কৰিছে।  
 
কায়ৰোত ইজৰাইলৰ প্ৰতিনিধি দলৰ অনুপস্থিতিৰ পিছতে নেতানিয়াহুৱে ইজৰাইলৰ স্থিতি দৃঢ় কৰি কয় যে তেওঁৰ দেশে হামাছৰ দাবী মানি লব নোৱাৰে। তেওঁ কয়, "আমি এনে পৰিস্থিতি মানি ল'বলৈ সাজু নহয়, য'ত হামাছ ব্ৰিগেডসমূহে নিজৰ বাংকাৰৰ পৰা ওলাই আহি পুনৰ গাজা নিয়ন্ত্ৰণ কৰে, তেওঁলোকৰ সামৰিক আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰে আৰু দক্ষিণৰ পাহাৰৰ চাৰিওফালে থকা বসতিস্থলসমূহৰ লগতে দেশখনৰ সকলো অংশতে ইজৰাইলৰ নাগৰিকসকলক ভাবুকি প্ৰদান কৰিবলৈ ঘূৰি আহিব পাৰে।"  
 
জেৰুজালেমত হ’ল’কাষ্ট স্মৃতি দিৱসৰ অনুষ্ঠানৰ সময়ত নেতানিয়াহুৱে এই মন্তব্য কৰিছে, য’ত তেওঁ আন্তঃৰাষ্ট্ৰীয় সমালোচনা আৰু গাজাত ইজৰাইলৰ প্ৰতিৰক্ষামূলক কাৰ্য্যকলাপক কেন্দ্ৰ কৰি ইহুদী বিৰোধীতা বৃদ্ধিৰ প্ৰতি ধিক্কাৰ দিয়ে। নেতানিয়াহুৱে কয় যে যদি ইজৰাইল অকলে থিয় হ’বলৈ বাধ্য হয়, তেন্তে ইজৰাইলে অকলেই থিয় দিব।  
 
তেওঁ লগতে কয় যে কোনো দেশে আমাৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। তেওঁ কয়, "আজি আমি পুনৰ আমাৰ ধ্বংসৰ প্ৰতি কুণ্ঠাবোধ নকৰা শত্ৰুৰ সন্মুখীন হ'ম। মই বিশ্বৰ নেতাসকলক কওঁ যে, কোনো আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ, কোনো সিদ্ধান্তই, ইজৰাইলক নিজকে ৰক্ষা কৰাত বাধা দিব নোৱাৰে।"
 
গাজাৰ আটাইতকৈ মাৰাত্মক সংঘাতৰ সূচনা হৈছিল তেতিয়া, যেতিয়াই হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল। যাৰ ফলত ১১৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। হামাছৰ নিয়ন্ত্ৰিত ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইজৰাইলৰ প্ৰতিশোধমূলক অভিযানত গাজাত কমেও ৩৪,৬৮৩ জন ব্যক্তিৰ মৃত্যু হৈছিল, য’ত প্ৰধানকৈ মহিলা আৰু শিশু আছিল। 
 
ইজৰাইলৰ সেনাই জনোৱা মতে, দেওবাৰে ইয়াৰ পূৰ্বে অৱৰোধ কৰা গাজা ষ্ট্ৰিপৰ পৰা কেৰেম শ্বালম সীমান্ত পাৰ হোৱাৰ ফালে নিক্ষেপ কৰা ৰকেটৰ আক্ৰমণৰ ফলত তিনিজন সৈনিকৰ মৃত্যু হোৱাৰ লগতে আৰু সহস্ৰাধিক জোৱান আহত হৈছিল। সামৰিক বাহিনীৰ মতে, আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা অতি সংকটজনক। 
 
হামাছে এই ৰকেট আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ ফলত ইজৰাইল কৰ্তৃপক্ষই গাজালৈ সাহায্য প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা ক্ৰছিং বন্ধ কৰি দিছে। ইজৰাইলৰ সেনাবাহিনীৰ তথ্য অনুসৰি ৰাফাহ ক্ৰছিঙৰ সমীপৰ এটা অঞ্চলৰ পৰা ক্ৰছিঙলৈ ১৪টা ৰকেট নিক্ষেপ কৰা হৈছিল।  
 
দেওবাৰে হামাছে কয় যে  কাটাৰৰ পৰামৰ্শত গাজাৰ যুদ্ধবিৰতি আলোচনাৰ বাবে তেওঁলোকৰ প্ৰতিনিধি দলে কায়ৰোলৈ ৰাওনা হৈছিল, যদিও নেতানিয়াহুৱে যুদ্ধবিৰতিৰ দাবী মানি  লোৱাটোক আত্মসমৰ্পণ কৰা দৰেই হব বুলি মন্তব্য কৰিছিল। নেতানিয়াহুৰ এই মন্তব্যৰ উত্তৰত কাটাৰত অৱস্থিত হামাছৰ ৰাজনৈতিক নেতা ইছমাইল হানিয়েহে নেতানিয়াহুৱে আলোচনাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছে। 
 
কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল-থানীৰ সৈতে মধ্যস্থতাকাৰী প্ৰচেষ্টাৰ ওপৰত 'জৰুৰীকালীন' আলোচনাৰ বাবেও চিআইএৰ সঞ্চালক বিল বাৰ্নছে দোহালৈ ৰাওনা হৈছে।  
 
দেওবাৰে নেতানিয়াহুৱে কাটাৰস্থিত আল জাজিৰা নামৰ নিউজ চেনেলটোৰ কাম-কাজ বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ কথা ঘোষণা কৰিছে, যিয়ে এই সংঘাতৰ বিষয়ে নিৰন্তৰ প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। এই ঘোষণাৰ কিছু সময়ৰ পাছতে চেনেলটোৱে সম্প্ৰচাৰ বন্ধ কৰি দিয়ে। আল জাজিৰাই ইজৰাইলৰ এই কাৰ্যক “অপৰাধমূলক কাৰ্য্য” বুলি অভিহিত কৰি আইনী আশ্ৰয় লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।