শিখ সম্প্ৰদায়ৰ 'অধিকাৰ আৰু স্বাধীনতা' ৰক্ষা কৰিব কানাডা চৰকাৰে

Story by  atv | Posted by  Munni Begum • 17 d ago
টৰন্টোত অনুষ্ঠিত 'খালছা ডে পেৰেড' অনুষ্ঠানত অংশগ্ৰহণ কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ
টৰন্টোত অনুষ্ঠিত 'খালছা ডে পেৰেড' অনুষ্ঠানত অংশগ্ৰহণ কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ
 
নতুন দিল্লী 
 
দেওবাৰে টৰন্টোত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শিখ সম্প্ৰদায়ক সম্বোধন কৰিছিল। অনুষ্ঠানত কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে প্ৰতিজ্ঞা কৰি কৈছিল যে তেওঁৰ চৰকাৰে দেশখনৰ শিখ সম্প্ৰদায়ৰ 'অধিকাৰ আৰু স্বাধীনতা'ৰ বাবে সদায়ে প্ৰতিবাদ কৰি যাব।    
 
টৰন্টোত অনুষ্ঠিত হোৱা 'খালছা ডে পেৰেড'ত  এক সমাৱেশৰ সম্বোধন কৰিছে জাষ্টিন ট্ৰুডোৱে। তেওঁ কয়, "শিখ সম্প্ৰদায়ৰ প্ৰায় ৮ লাখ কানাডিয়ানৰ বাবে আমি আপোনালোকৰ অধিকাৰ আৰু স্বাধীনতা ৰক্ষাৰ বাবে সদায় উপস্থিত থাকিম আৰু আমি সদায় আপোনালোকৰ সম্প্ৰদায়ক ঘৃণা আৰু বৈষম্যতাৰ পৰা ৰক্ষা কৰিম।"   
 
জাষ্টিন ট্ৰুডোৱে কয় যে বৈচিত্ৰ্য কানাডাৰ অন্যতম শক্তিশালী দিশ। ট্ৰুডোৱে কয়, "কানাডাৰ এটা ডাঙৰ শক্তি হৈছে ইয়াৰ বৈচিত্ৰ্য। আমি আমাৰ পাৰ্থক্যতাৰ মাজতো আমাৰ পাৰ্থক্যৰ বাবেই শক্তিশালী; কিন্তু আমি এই পাৰ্থক্যবোৰ চাওঁতে মনত ৰাখিব লাগিব আৰু প্ৰতিদিনে এনে ধৰণৰ দিনবোৰত মনত পেলাই দিব লাগিব যে শিখ মূল্যবোধবোৰ হৈছে কানাডিয়ান মূল্যবোধ।"  
 
কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশখনে গুৰুদ্বাৰাকে ধৰি সামূহিক কেন্দ্ৰ আৰু উপাসনাস্থলীত অধিক নিৰাপত্তা সংযোজন কৰি নিৰাপত্তা আৰু আন্তঃগাঁথনি কাৰ্যসূচী বৃদ্ধি কৰিছে। ট্ৰুডোৱে আশ্বাস প্ৰদান কৰিছে যে, "মুক্তভাৱে আৰু ভয়-ভাবুকি নোহোৱাকৈ আপোনালোকে আপোনালকৰ ধৰ্ম পালন কৰাৰ অধিকাৰ পাব। যি কানাডাৰ অধিকাৰ আৰু স্বাধীনতাৰ চনদত নিশ্চিত কৰা এটা মৌলিক অধিকাৰ যাৰ বাবে আমি সদায় থিয় দি আপোনাক ৰক্ষা কৰি যাম।"
 
ট্ৰুডোৱে ভাষণ প্ৰদান কৰি লগতে কয়, "মই জানো যে আপোনালোকৰ বহুতৰে আপোনজনক সঘনাই আপোনালোকে সাক্ষাৎ কৰিব বিচাৰে, সেইবাবেই আমাৰ চৰকাৰে ভাৰতৰ সৈতে নতুন চুক্তিৰ আলোচনা কৰি অধিক বিমান সেৱা আৰু আমাৰ দেশসমূহৰ মাজত অধিক পথ সংযোজন কৰিছো আৰু লগতে আমি আমাৰ সমকক্ষৰ সৈতে কাম কৰি যাম যাতে অমৃতসৰকে ধৰি আৰু অধিক বিমান সংযোজন কৰিব পাৰো।" 
 
অন্টাৰিঅ' শিখ আৰু গুৰুদ্বাৰা পৰিষদে (OSGC) উল্লেখ কৰিছে যে বৈশাখীক 'খালছা দিৱস' বুলিও কোৱা হয়। ১৬৯৯ চনত শিখ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাৰ লগতে শিখ নৱবৰ্ষৰ স্মৃতিত পালন কৰা হয়। গোটটোৱে বহু বছৰ ধৰি লেক শ্ব’ৰ বলিভাৰ্ডত বাৰ্ষিক পেৰেড অনুষ্ঠান আয়োজন কৰি আহিছে। পৰিষদে দাবী কৰে যে এই পেৰেড অনুষ্ঠান দেশৰ তৃতীয় বৃহত্তম পেৰেড অনুষ্ঠান আৰু ই নিয়মিতভাৱে হাজাৰ হাজাৰ দৰ্শকক আকৰ্ষণ কৰি আহিছে। 
 
ভাৰতৰ নিযুক্ত সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক হত্যা কৰাৰ ঘটনাই ভাৰত আৰু কানাডাৰ মাজত বিবাদৰ সৃষ্টি কৰিছে। ২০২০ চনত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা নিজ্জৰক ২০২৩ চনৰ ১৮ জুনত সন্ধিয়া ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰুদ্বাৰাৰ পৰা ওলাই অহাৰ সময়ত গুলীয়াই হত্যা কৰা হৈছিল।