মদীনাৰ নবীৰ মছজিদ ভ্ৰমণৰ বাবে নতুন নিৰ্দেশনা

Story by  atv | Posted by  Munni Begum • 14 d ago
মদীনাৰ নবীৰ মছজিদ
মদীনাৰ নবীৰ মছজিদ
 
ৰিয়াদ
 
ছৌদি আৰৱৰ হাজ আৰু উমৰা মন্ত্ৰালয়ে মদীনাৰ নবীৰ মছজিদ পৰিদৰ্শন কৰা লোকসকলৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত নবীৰ মছজিদ পৰিদৰ্শন কৰাৰ সময়ত হজযাত্ৰীয়ে কিছু শিষ্টাচাৰ মানি চলিব লাগিব।  
 
মন্ত্ৰালয়ে এক্সত কৰা এক পোষ্টত উল্লেখ কৰিছে, "নবীৰ মছজিদ পৰিদৰ্শন কৰাৰ সময়ত আমি চৌপাশৰ পবিত্ৰতাৰ বিষয়ে গভীৰভাৱে সচেতনতা অৱলম্বন কৰো, যিয়ে আমাক শালীনতা আৰু নৈতিকতাৰ উচ্চতম মানদণ্ড দেখুৱাবলৈ অনুপ্ৰাণিত কৰি আহিছে।" 
 
নবীৰ মছজিদ পৰিদৰ্শনৰ সময়ত মানি চলিবলগীয়া শিষ্টাচাৰসমূহ ক্ৰমে---   
 
* সন্মানৰ চিন স্বৰূপে হজযাত্ৰীসকলে নবীৰ মছজিদত সোঁ ভৰিৰে প্ৰৱেশ কৰিব লাগিব।
 
* মছজিদত প্ৰৱেশৰ বাবে নামাজ পঢ়াটো অতি প্ৰয়োজনীয়। 
 
* হজৰত মহম্মদ আৰু তেওঁৰ সহযোগীসকলক সম্ভাষণ জনোৱাটো অতি প্ৰয়োজনীয়।
 
* মছজিদত নিশ্চিন্ততা আৰু শান্তিৰ অৱস্থা বজাই ৰখাটো গুৰুত্বপূৰ্ণ।
 
*  নামাজ আৰু তছবীৰে মননশীল প্ৰতিফলনত লিপ্ত হৈ এক শান্তিৰ পৰিৱেশ উপভোগ কৰা।   
মন্ত্ৰালয়ে লগতে কয় যে উক্ত নিৰ্দেশনাসমূহে উপাসকসকলক নবীৰ মছজিদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব আৰু নিজৰ আৰু সহযোগী মুছলমানসকলৰ বাবে এক শান্তিপূৰ্ণ আৰু আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিব।  
 
১৪৪৫ হিজৰী-২০২৪ চনৰ হজৰ হজযাত্ৰীসকলৰ আগমনৰ বাবে দেশখনে প্ৰস্তুতি চলাই থকাৰ সময়তে এই নিৰ্দেশনাসমূহ প্ৰকাশ কৰা হৈছে। 
 
বহু হজযাত্ৰীয়ে হজৰ আচাৰ-ব্যৱহাৰ পালন কৰাৰ পূৰ্বে মদীনা ভ্ৰমণ কৰি নবীক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু হাৰাম শ্বৰীফত নামাজ পঢ়াৰ বাবে আগ্ৰহী।  
 
১ মাৰ্চৰ পৰা হজ ২০২৪ ভিছা প্ৰদান আৰম্ভ হয় আৰু ২৯ এপ্ৰিলত অন্ত পৰে।  ২০২৪ চনৰ ৯ মে’ৰ পৰা হজযাত্ৰীসকলে ৰাজ্যখনত উপস্থিত হ’বলৈ আৰম্ভ কৰে। এইবাৰ ১৪ জুনত হজ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। 
 
মক্কালৈ হজ যাত্ৰা কৰাটো বাধ্যতামূলক ধৰ্মীয় কৰ্তব্য। যিসকল মুছলমানে শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম হ’ব, তেওঁলোকে জীৱনত এবাৰ হ’লেও হজ কৰিব লাগে।