বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
 গৰিমা হাজৰিকা
গৰিমা হাজৰিকা
গুৱাহাটী 
 
ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ (৮৪) দেহাৱসান ঘটে। যোৱা কেইবছৰমানৰ পৰা আলজেইমাৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু বৃহস্পতিবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্থানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। 
 
হাজৰিকাই কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা ‘চেতনা’ নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰিছিল। গুৱাহাটী মহানগৰীত তেওঁ মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।
বিশিষ্ট নৃত্য পটিয়সী গৰাকী অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ হিচাপে পৰিচিত আছিল। সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ’গ্ৰাফী কৰিছিল।
১৯৩৯ চনত গুৱাহাটীৰ উজানবজাৰ অঞ্চলত জন্মগ্ৰহণ কৰা গৰিমা হাজৰিকাই ২০০৬ চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। ইয়াৰ উপৰিও তেওঁক অসম সাহিত্য সভা, অসম নাট্য সন্মিলনীয়ে তেওঁক  বিশেষ সন্মান প্ৰদান কৰিছিল। অসমৰ ভ্ৰাম্যমাণ জগতৰ নৃত্য নাটিকাৰ ক্ষেত্ৰটো গৰিমা হাজৰিকাই আমূল পৰিৱৰ্তন আনিছিল।