ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলাই দেশৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিছে ৰ’জেফ ফাউণ্ডেশ্যনৰ অধ্যাপক আছৰাৰে

Story by  atv | Posted by  Munni Begum • 17 d ago
 ৰ’জেফ ফাউণ্ডেশ্যনৰ সদস্য
ৰ’জেফ ফাউণ্ডেশ্যনৰ সদস্য
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
আলিগড়ৰ মৌলানা আজাদ নগৰৰ ৰ’জেফ অধ্যয়ন কেন্দ্ৰৰ চৌহদত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক আছৰাৰে ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই আছে, যাতে এই শিশুসকলে নিজৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পাৰে আৰু অনাগত দিনত দেশলৈ মূল্যৱান অৰিহণা আগবঢ়াব পাৰে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক আছৰাৰে আৱাজ-দ্য ভইচ'ক জনায় যে, শেহতীয়াকৈ তেওঁ শিশুৰ ড্ৰপ আউটৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কথাটো মন কৰিছে। তেওঁলোকৰ কিছুমানে প্ৰব্ৰজিত শ্ৰমিক হৈছে আৰু আন কিছুমানে দৰিদ্ৰতাৰ বাবে বিদ্যালয় এৰিবলৈ বাধ্য হৈছে। একাংশই আকৌ পৰিয়ালক সহায় কৰিবলৈ স্কুল এৰিবলগীয়া হৈছে। সমাজৰ এনে গুৰুতৰ সমস্যাৰ কথা বিবেচনা কৰি অধ্যাপক আছৰাৰে ২০১৫ চনত ৰ'জেফ ফাউণ্ডেশ্যনৰ ভেটি স্থাপন কৰিছিল।
 
অধ্যাপক আছৰাৰে কয় যে তেওঁ নিজৰ দলৰ সদস্যৰ সৈতে এনে শিশুৰ ঘৰলৈ গৈছিল যিসকল শিক্ষা আৰু ইয়াৰ সুবিধাৰ পৰা বঞ্চিত বা দৰিদ্ৰতাৰ বাবে সুচাৰুৰূপে শিক্ষা গ্ৰহণ কৰিব পৰা নাই আৰু বিদ্যালয় এৰি শিশু শ্ৰমিক হিচাপে কাম কৰি আছে। তেওঁলোকৰ বেছিভাগেই এনে জনবসতিপূৰ্ণ অঞ্চলৰ বাসিন্দা, য'ত অধিকাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ। 
 
ৰ'জেফ ফাউণ্ডেচনৰ কাৰ্যালয়ত শিশুসকল
 
অধ্যাপক আছৰাৰে শিশু আৰু তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰি পৰামৰ্শ দি তেওঁলোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শিক্ষা কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সচেতনতা সৃষ্টি কৰে। অধ্যাপক আছৰাৰৰ ৰ’জেফ ফাউণ্ডেশ্যনৰ পৰা প্ৰায় ৫০০ শিশুৱে শিক্ষা লাভ কৰি আছে, য’ত মৌলিক জ্ঞানৰ বাবে ৫ জন আৰু উচ্চ শিক্ষাৰ বাবে ৪ জন শিক্ষক আছে। কিছুমান শিক্ষকে এই শিশুসকলক জ্ঞান প্ৰদান কৰিবলৈ ৰ’জেফ অধ্যয়ন কেন্দ্ৰলৈ অংশকালীনভাৱে আহে।
 
অধ্যাপক আছৰাৰে আৱাজ দ্য ভইচ'ক কয় যে কিছুমান অঞ্চলত শিশুৱে কেৱল জীৱিকা অৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হয় আৰু এইদৰে তেওঁলোক ভুল পথে পৰিচালিত হয়। এনে পৰিস্থিতিত নিজৰ জীৱন ৰক্ষাৰ বাবে ৰ’জেফ ফাউণ্ডেচনে সঠিক তত্ত্বাৱধানেৰে শিশুসকলক কৰি আছে।
 
ভাড়াঘৰ এটাত অধ্যাপক আছৰাৰে শিশুসকলক বিভিন্ন শিক্ষাৰ পাঠ্যক্ৰম, তেওঁলোকে পঢ়া প্ৰপত্ৰৰ বিষয়ে তথ্য দিয়ে আৰু লগতে তেওঁলোকৰ অধিক অগ্ৰগতিৰ বাবেও কাম কৰে। ৰোজেফ ফাউণ্ডেশ্যনৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা, ই এম ইউ, ডিপ্ল'মা, অভিযান্ত্ৰিক পাঠ্যক্ৰম আদিৰ বাবে প্ৰস্তুতি চলাইছে।
 
ৰ'জেফ ফাউণ্ডেচনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশুসকল
 
কোনোবাই অধ্যাপক আছৰাৰক ড্ৰাইভাৰ অথবা হেল্পাৰৰ প্ৰয়োজন হৈছে বুলি ক'লে, তেওঁ ফাউণ্ডেচনৰ জেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক এইবোৰ কাম পাৰ্ট-টাইমত কৰি স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰে। তেওঁ কয় যে আজি ৰ’জেফ ফাউণ্ডেশ্যনৰ পৰা অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক বি পি এছ চিত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আন বহু ছাত্ৰ-ছাত্ৰীয়ে প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, পেৰামেডিকেল আদি ক্ষেত্ৰত কাম কৰি আছে। 
 
ৰ’জেফ অধ্যয়ন কেন্দ্ৰৰ অন্যতম উদ্দেশ্যসমূহ হৈছেঃ ড্ৰপ আউট ল’ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰা, তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলা আৰু দেশৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰা। 
 
ৰ’জেফ অধ্যয়ন কেন্দ্ৰৰ মুখ্য কামসমূহঃ শিশু আৰু তেওঁলোকৰ পৰিয়ালক লগ কৰা আৰু তেওঁলোকৰ মাজত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা, শিশুসকলক মৌলিক জ্ঞান আৰু উচ্চ শিক্ষা প্ৰদান কৰা, তেওঁলোকক বিভিন্ন শিক্ষাৰ পাঠ্যক্ৰম আৰু প্ৰ-পত্ৰৰ বিষয়ে তথ্য প্ৰদান কৰা আৰু তেওঁলোকক পাৰ্ট টাইম চাকৰি বিচাৰি উলিওৱাত সহায় কৰা।  
 
ৰ'জেফ ফাউণ্ডেচনৰ এক অনুষ্ঠানত শিশুসকল
 
কৃতিত্বসমূহঃ ৫০০ৰো অধিক শিশুক শিক্ষা প্ৰদান, বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা, ই এম ইউ, ডিপ্লমা, অভিযান্ত্ৰিক আদিৰ বাবে প্ৰস্তুতি চলাইছে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে বি পি এছ চিত শিক্ষক, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, পেৰামেডিকেল আদি ক্ষেত্ৰত কাম কৰি আছে।
 
ভৱিষ্যতৰ পৰিকল্পনাঃ চি এছ আৰ আৰু চেৰিটিৰ পৰা লাভ কৰা ধনেৰে সংস্থাটো সম্প্ৰসাৰণ কৰা, অধিক সংখ্যক শিশুক শিক্ষা প্ৰদান কৰা। 
 
উল্লেখ্য যে, ৰ'জেফ ফাউণ্ডেচনে ড্ৰপ আউট শিশুৰ জীৱনলৈ শিক্ষাৰ পোহৰ কঢ়িয়াই আনিছে। অধ্যাপক আছৰাৰ আৰু তেওঁৰ দলটোৱে এই শিশুসকলক স্বাৱলম্বী কৰি দেশৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।