ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল

Story by  atv | Posted by  [email protected] • 11 d ago
ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল
ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল
 
গুৱাহাটী
 
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী।
 
তিনিওটা শাখাতে ২০২৩ বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। ২০২৩ বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছিল ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী। লগতে বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী।
 
কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.১৮শতাংশ
 
* মুঠ ২০০৪৯৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৮৮০৬গৰাকী উৰ্ত্তীণ
 
* ৪০৪৯৯গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
 
* ৬৫৫৩২গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
 
* ৭২৭৭৫গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
 
বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ  ৮৯.৮৮শতাংশ
 
* মুঠ ৫৪৪৬০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৮৯৫৩গৰাকী উৰ্ত্তীণ
 
* ২৩৫৫২গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
 
* ১৭৩৩৯গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
 
* ৮০৬২গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
 
বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৮০শতাংশ
 
* মুঠ ১৭,৩০৭গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫১৯৬গৰাকী উৰ্ত্তীণ
 
* ৫৯১৫গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
 
* ৬০৮৭গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
 
* ৩১৯৪গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ