ঐতিহ্যমণ্ডিত দামপুৰঃ ভোট বেংকৰ ৰাজনীতিক নাকচ কৰি অহা নামনি অসমৰ এখন মুছলমান গাঁও

Story by  Daulat Rahman | Posted by  Munni Begum • 21 d ago
দামপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকল
দামপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকল
 
দৌলত ৰহমান
 
অসমৰ সৰ্ববৃহৎ মুছলমান প্ৰধান গাঁও হৈছে কামৰূপ জিলাৰ দামপুৰ। উচ্চ শিক্ষিত খিলঞ্জীয়া মুছলমান লোকেৰে ভৰি থকা গাঁওখনে ভোট বেংকৰ ৰাজনীতিক বছৰ বছৰ ধৰি নাকচ কৰি আহিছে। শেহতীয়া বছৰবোৰত গাঁওবাসীয়ে অসম গণ পৰিষদ (অগপ) আৰু কংগ্ৰেছৰ লগতে বিজেপিকো ভোট দিয়াৰ উদাহৰণ আছে।
 
৬৭নং দামপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাইদৰ আলী শইকীয়াই আৱাজ-দ্য ভইচ'ক জনোৱা মতে, দামপুৰৰ ৰাইজে ভোট বেংকৰ ৰাজনীতি প্ৰত্যাখ্যান কৰাৰ প্ৰধান কাৰণ হৈছে গাঁওবাসীৰ গুণগত শিক্ষা আৰু ৯০ শতাংশতকৈ অধিক সাক্ষৰতাৰ হাৰ।নিৰ্বাচনৰ ক্ষেত্ৰত দামপুৰক সাধাৰণতে অসম গণ পৰিষদৰ দুৰ্গ হিচাপে জনা যায়। ইয়াৰ এক ঐতিহাসিক কাৰণ আছে। অসম গণ পৰিষদ দলটো ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ পিছত গঠন হৈছিল, যিয়ে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ অন্ত পেলাইছিল। 
 
 
দলটোৱে বিজেপিৰ সৈতে নিৰ্বাচনী মিত্ৰতা গঢ়ি তোলাৰ পাছতো বৃহৎ সংখ্যক গাঁওবাসীয়ে অগপক ভোট দি আহিছে। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত বিদেশী বহিষ্কাৰ আন্দোলনত গাঁওখনৰ বহুকেইজন লোকে অংশ লোৱাৰ বাবেই দামপুৰৰ জনসাধাৰণ অগপৰ সৈতে এক আত্মীয়তা আৰু আৱেগিক সম্পৰ্ক আছে। আন্দোলনৰ সময়ত দামপুৰৰৰ ছাত্ৰ-ছাত্ৰীসকলে এটা মূল্যৱান শিক্ষাবৰ্ষও হেৰুৱাইছিল।’-হাইদৰ আলী শইকীয়াই কয়।
 
দামপুৰত অনুষ্ঠিত সাহিত্য সভাৰ এক অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্য হাজৰিকাই সাহিত্য ৰত্ন বঁটা প্ৰদান কৰিছে দামপুৰ নিবাসী তথা সাহিত্যিক চফিউৰ ৰহমান শইকীয়াক
 
বিশেষভাৱে উল্লেখ কৰিব পাৰি যে দামপুৰ অসমৰ এনে এখন মুছলমান গাঁও, য'ত এজনো পূৰ্ববংগীয় মূলৰ মুছলমান (মিঞা) নাই।হাইদৰ আলী শইকীয়াই অৱশ্যে দৃঢ়তাৰে কয় যে যেতিয়াই অগপই ভোটাৰৰ আকাংক্ষা পূৰণত ব্যৰ্থ হৈছিল, তেতিয়াই গাঁওবাসীয়ে তেওঁলোককো নাকচ কৰিছিল। 
 
দেশৰ বহু মুছলমান গাঁৱৰ সাক্ষৰতাৰ হাৰ অতি কম হোৱাৰ বিপৰীতে দামপুৰৰ ৯০ শতাংশতকৈ অধিক বাসিন্দা সাক্ষৰ। দামপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বহুকেইগৰাকী উজ্জ্বল ব্যক্তিত্বক জন্ম দিছে, যিয়ে সমাজৰ বৰ্তমান বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। 
 
উল্লেখ্য যে, দামপুৰত চাৰিখন চৰকাৰী হাইস্কুল (ইয়াৰে এখন ছাত্ৰীৰ বাবে), বিজ্ঞান শাখাৰ বাবে এখন ব্যক্তিগত ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়, ৯খন চৰকাৰী প্ৰাথমিক বিদ্যালয়, এখন চৰকাৰী হাইমাদ্ৰাছা বিদ্যালয়, দুখন জাতীয় বিদ্যালয় (ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আৰ্হিত নিৰ্মিত অসমীয়া মাধ্যমৰ বিদ্যালয়) আৰু চাৰিখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে।
 
দামপুৰ ইছলামীয়া মাদ্ৰাছা (স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা মুহূৰ্ত)
 
বিশিষ্ট সাহিত্যিক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়াই কয় যে দামপুৰত ১০০ শতাংশ মুছলমান জনসংখ্যা আছে যদিও ভাৰতৰ যিকোনো মুছলমান গাঁৱৰ সৈতে সাধাৰণতে জড়িত হৈ থকা বহুতো ভ্ৰান্ত ধাৰণাৰ পৰা গাঁওখন মুক্ত। ‘দেশৰ স্বাধীনতাৰ পূৰ্বেও দামপুৰত শিক্ষা সদায় অগ্ৰাধিকাৰৰ বিষয় আছিল। দামপুৰত শিক্ষা লাভৰ ক্ষেত্ৰত ছোৱালীয়ে কেতিয়াও কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হোৱা নাছিল। গৰিষ্ঠসংখ্যক গাঁওবাসী সুশিক্ষিত আৰু ৰাজনীতিবিদ বা ৰাজনৈতিক দলে ভোটবেংক হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিব নোৱাৰে।’-ৰহমান শইকীয়াই কয়।
 
১৯২৭ চনত দামপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক কাম-কাজৰ বাবে সজাগতা সৃষ্টি আৰু জাতি-ধৰ্ম-ধৰ্ম নিৰ্বিশেষে নৱপ্ৰজন্মক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে দামপুৰ ছাত্ৰ সন্মিলনী নামেৰে এখন মঞ্চ গঠন কৰে। প্ৰতি বছৰে দামপুৰ ছাত্ৰ সন্মিলনীয়ে বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰে, য’ত বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে আৰু গীত-নৃত্যৰ জৰিয়তে ভাৰতৰ অনন্য বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক গৌৰৱেৰে উদযাপন কৰে।
 
এই গাঁৱৰ জনসাধাৰণে নিজৰ আৰ্থিক আৰু অন্যান্য সহায়-সহযোগিতাৰে দামপুৰ ইছলামিক মাদ্ৰাছা পৰিচালনা কৰি আছে। মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি হাইদৰ আলী শইকীয়াই কয় যে ইছলামিক শিক্ষাৰ উপৰিও মাদ্ৰাছাখনে ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষাও প্ৰদান কৰে।
 
দামপুৰ ৰাজ্যিক চিকিৎসালয়
 
উল্লেখ্য যে, দামপুৰত বৰ্তমান ২১ হাজাৰ জনসংখ্যা আছে আৰু ইয়াৰে ৪৫ শতাংশ হৈছে কৃষক। ধান, অন্যান্য খেতি আৰু শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত গাঁওখন স্বাৱলম্বী। দামপুৰত ২৬টা মছজিদ আছে আৰু প্ৰতিটো মছজিদৰ ইমামসকলে শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰে।
 
২০১৯ চনৰ সাধাৰণ নিৰ্বাচনলৈকে দামপুৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল। শেহতীয়াকৈ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পিছত এই গাঁওখনক বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। অহা ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিটোত অগপ (বিজেপিৰ সমৰ্থিত) আৰু কংগ্ৰেছৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে আৰু অন্য বছৰসমূহৰ দৰে এইবাৰো দামপুৰবাসীয়ে নিজৰ বিবেক ভোট সাব্যস্ত কৰিবলৈ সাজু হৈছে।