ৰাজস্থানত ভাতৃত্ববোধৰ অনন্য নিদৰ্শনঃ মুছলমান চুবুৰীয়াক ঈদগাহ নিৰ্মাণৰ বাবে মাটি দান কৰিলে ৪ হিন্দু ভাতৃয়ে

Story by  atv | Posted by  Munni Begum • 2 h ago
 মুছলমান চুবুৰীয়াক ঈদগাহ নিৰ্মাণৰ বাবে মাটি দান কৰিলে ৪ হিন্দু ভাতৃয়ে
মুছলমান চুবুৰীয়াক ঈদগাহ নিৰ্মাণৰ বাবে মাটি দান কৰিলে ৪ হিন্দু ভাতৃয়ে
 
আশ্বফাক কাইমখানি / ছিকাৰ (ৰাজস্থান)
 
ৰাজস্থানৰ মৰুভূমি অঞ্চল নিজৰ বীৰত্বৰ লগতে বিশাল হৃদয় আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ বাবেও পৰিচিত। যি সময়ত সমাজত বিভাজনমুখী খবৰে ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত সঘনাই স্থান পায়, তেনে সময়তে ৰাজস্থানৰ ছিকাৰ জিলাৰ গুহালা গাঁৱৰ পৰা আহিছে এক আশাৰ বতৰা। ইয়াত চাৰিজন হিন্দু ভাতৃয়ে মুছলমান সমাজৰ সুবিধাৰ্থে ঈদগাহ নিৰ্মাণৰ বাবে নিজৰ লাখ টকীয়া মাটি বিনা দ্বিধাই দান কৰি 'গংগা-যমুনাৰ সংস্কৃতি' তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে।
 
ছিকাৰ জিলাৰ নৰসিংহ পুৰী পঞ্চায়তৰ অন্তৰ্গত সাৱাৱালী ধানীত বসবাস কৰা মুছলমান পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি এক বৃহৎ সমস্যাৰ সন্মুখীন হৈ আহিছিল। গাঁওখনত ঈদগাহৰ বাবে তেওঁলোকৰ কোনো নিজা মাটি নাছিল। এই কাৰণেই ঈদ আৰু বকৰীদৰ দৰে ডাঙৰ উৎসৱবোৰত নামাজ পঢ়িবলৈ ঠাইৰ অভাৱ হৈছিল। মানুহে বাধ্য হৈ এটা সৰু মছজিদতে ভিৰ কৰি ইবাদত কৰিবলগীয়া হৈছিল। গাঁৱৰ হিন্দু ভাতৃসকলে যেতিয়া চুবুৰীয়াৰ এই কষ্টৰ কথা উপলব্ধি কৰিলে, তেতিয়া তেওঁলোকে কোনো কুণ্ঠাবোধ নকৰাকৈ সহায়ৰ হাত আগবঢ়ালে।
 
 
মালী সম্প্ৰদায়ৰ চাৰিজন ভাতৃ- লক্ষ্মণ ৰাম ছাইনী, ভূপাল ৰাম ছাইনী, পূৰণমল ছাইনী আৰু জগদীশ ছাইনীয়ে বিশাল হৃদয়ৰ পৰিচয় দি নিজৰ মূল্যৱান মাটিখিনি ঈদগাহৰ বাবে দিয়াৰ সিদ্ধান্ত লয়। বজাৰত এই মাটিৰ দাম কেইবালাখো টকা হ'ব, কিন্তু এই ভাতৃকেইজনৰ বাবে পাৰস্পৰিক মৰম আৰু সম্প্ৰীতিৰ মূল্য সেই মাটিতকৈ বহুত বেছি আছিল।
 
ঈদৰ পৱিত্ৰ দিনটোত যেতিয়া এই মাটি আনুষ্ঠানিকভাৱে দান কৰা হ'ল, তেতিয়া সমগ্ৰ গাঁওখনতে আনন্দৰ জোৱাৰ উঠে। ঈদৰ নামাজ পঢ়াৰ পিছত মুছলমান সম্প্ৰদায়ৰ লোকসকলে চাৰিওজন ছাইনী ভাতৃ আৰু তেওঁলোকৰ পৰিয়ালক মালা পিন্ধাই আদৰণি জনায়।
 
গাঁৱৰ বয়োজ্যেষ্ঠসকলে আৱেগিক হৈ কয় যে এয়া কেৱল এটুকুৰা মাটি নহয়, বৰঞ্চ অনাগত প্ৰজন্মৰ বাবে এয়া মৰমৰ এখন সেতু। এই মহান কাৰ্য যুগ যুগ ধৰি মনত ৰখা হ'ব। তাত উপস্থিত থকা লোকসকলে কয় যে যেতিয়া দেশৰ কিছুমান প্ৰান্তৰ পৰা বিবাদৰ খবৰ আহে, তেতিয়া গুহালাৰ দৰে গাঁৱৰ পৰা অহা এনে কাহিনীবোৰে মনলৈ শান্তি কঢ়িয়াই আনে। গ্ৰামাঞ্চলৰ ভাৰতত আজিও যে মানৱতাই আটাইতকৈ ডাঙৰ ধৰ্ম, এয়া তাৰেই প্ৰমাণ।
 
আমোদজনক কথাটো হ'ল, শ্বেখাৱটী অঞ্চলত মাটি দান কৰাৰ এই পৰম্পৰা যথেষ্ট পুৰণি। স্কুল বনোৱাই হওক বা চিকিৎসালয় বা ধৰ্মীয় স্থান, ইয়াৰ মানুহে কেতিয়াও ধৰ্মৰ দেৱালখনক মাজলৈ আহিবলৈ দিয়া নাই। এনে পৰিপ্ৰেক্ষিতত প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুঢ়ায়ো ঝুনঝুনুত নামাজৰ সময়ত উপস্থিত থাকি সদ্ভাৱনাৰ বাৰ্তা দিছিল।
 
চাৰিজন ছাইনী ভাতৃক সম্বৰ্ধনা জনাই মুছলমান সমাজ
 
ইতিহাস সাক্ষী আছে যে এই শ্বেখাৱটীৰ ফতে হপুৰ আৰু বেছৱা গাঁৱত মুছলমান সম্প্ৰদায়ৰ লোকসকলেও চৰকাৰী বিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে নিজৰ মূল্যৱান মাটি দান কৰিছিল। আজি তাত উৎকৃষ্ট ছোৱালী মহাবিদ্যালয় আৰু চিকিৎসালয় চলি আছে, য'ত সকলো জাতি-ধৰ্মৰ ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে। একেদৰে, লাডনুনৰ ওচৰৰ লেডী গাঁৱত এজন মুছলমান ব্যক্তিৰ দ্বাৰা মাতাজীৰ মন্দিৰ নিৰ্মাণ কৰোৱাটোও এই উমৈহতীয়া সংস্কৃতিৰেই এক অংশ।
 
আজিৰ দিনত যেতিয়া ছ'চিয়েল মিডিয়াত ঘৃণনীয় বাৰ্তাবোৰ দ্ৰুতগতিত বিয়পি পৰে, তেতিয়া লক্ষ্মণ ৰাম, ভূপাল ৰাম, পূৰণমল আৰু জগদীশ ছাইনীৰ দৰে লোকসকল প্ৰকৃত ভাৰতৰ মুখাৱয়ব হৈ জিলিকি উঠে। এই ভাতৃকেইজনে প্ৰমাণ কৰি দিলে যে ভাৰতৰ আত্মা ইয়াৰ বৈচিত্ৰ্য আৰু একতাতহে নিহিত হৈ আছে।
 
গুহালা গাঁৱৰ এই ঈদগাহ এতিয়া কেৱল ইবাদতৰ (উপাসনাৰ) স্থান হৈ নাথাকিব, বৰঞ্চ ই সেই চাৰি ভাতৃৰ ত্যাগ আৰু হিন্দু-মুছলমান একতাৰ প্ৰতীক হিচাপে সদায় সগৌৰৱে থিয় দি থাকিব। ৰাজস্থানৰ এই সৰু গাঁওখনে সমগ্ৰ দেশলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে যদি আমি ইজনে সিজনৰ প্ৰয়োজনবোৰ বুজিবলৈ আৰম্ভ কৰোঁ, তেন্তে কোনো বিবাদৰ বাবেই কোনো ঠাই বাকী নাথাকিব। গংগা-যমুনাৰ সংস্কৃতি কেৱল কিতাপৰ শব্দ নহয়, বৰঞ্চ বাস্তৱত দেখিবলৈ পোৱা এক সত্য।