সাংস্কৃতিক কূটনীতি, নাৰী অধিকাৰ আৰু সম্প্ৰীতিৰ দৰ্শনঃ অধ্যাপক ড০ ছৈয়দ তনভীৰ নাছৰিনৰ বহুমাত্ৰিক যাত্ৰা

Story by  atv | Posted by  Munni Begum • 3 h ago
ড০ ছৈয়দ তনভীৰ নাছৰিন
ড০ ছৈয়দ তনভীৰ নাছৰিন
 
শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
 
ইতিহাস, সংস্কৃতি, অধিকাৰ আৰু সম্প্ৰীতি- আপাত দৃষ্টিত ভিন্ন যেন লগা এই চাৰিটা সুঁতিক যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন আৰু কৰ্মৰ জৰিয়তে এডাল সূতাত সযতনে বান্ধি ৰাখিছে, তেৱেঁই হৈছে অধ্যাপক ড০ ছৈয়দ তনভীৰ নাছৰিন। এফালে তেওঁ এগৰাকী ইতিহাসবিদ আৰু শৈক্ষিক গৱেষক, আনফালে আকৌ সাংস্কৃতিক কূটনীতিবিদ তথা নাৰী অধিকাৰ আন্দোলনৰ এক যুক্তিনিষ্ঠ কণ্ঠস্বৰ। ইয়াৰ সমান্তৰালভাৱে তেওঁৰ জীৱনত সংপৃক্ত হৈ আছে ধৰ্মীয় সহাৱস্থান আৰু মানৱিক সম্প্ৰীতিৰ এক স্বাভাৱিক জীৱনদৰ্শন। এই বহুমাত্ৰিক পৰিচয়েই তেওঁক সমসাময়িক ভাৰতৰ এক গুৰুত্বপূৰ্ণ বৌদ্ধিক মুখাৱয়ব হিচাপে প্ৰতিষ্ঠা কৰিছে।
 
বৰ্তমান অধ্যাপক ড০ ছৈয়দ তনভীৰ নাছৰিন বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আৰু নাৰী অধ্যয়ন বিভাগৰ অধ্যাপক-ইন-চাৰ্জ। গৱেষণা আৰু শিক্ষাদানৰ লগতে তেওঁৰ কৰ্মজীৱনৰ এক উল্লেখযোগ্য অধ্যায় জুৰি আছে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক কূটনীতি। ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ মালদ্বীপৰ ৰাজধানী মালেত অৱস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰ (Indian Cultural Centre) ৰ সঞ্চালক হিচাপে দায়িত্ব পালন কৰে। এই সময়ছোৱাত ভাৰত আৰু মালদ্বীপৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক যোগাযোগ বৃদ্ধি কৰা, ভাৰতীয় শিল্প-সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা আৰু দুয়োখন দেশৰ সম্পৰ্কৰ 'ছফ্ট পাৱাৰ' ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। স্পৰ্শকাতৰ কূটনৈতিক বাস্তৱতাত তেওঁ সংস্কৃতিক মানুহৰ সৈতে মানুহৰ সংযোগ স্থাপনৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে।
 
 
এগৰাকী গৱেষক হিচাপে তেওঁৰ ভেটি অতি সুদৃঢ়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ‘ভাৰতত মুছলমান নাৰীৰ পৰিচয়’ বিষয়ৰ ওপৰত পিএইচডি ডিগ্ৰী অৰ্জন কৰাৰ মাজেৰেই তেওঁৰ চিন্তাধাৰাৰ দিশ স্পষ্ট হৈ পৰে। লিংগ, সংখ্যালঘু পৰিচয় আৰু ৰাষ্ট্ৰ তথা সমাজৰ সৈতে নাৰীৰ সম্পৰ্ক- এই বিষয়বোৰেই তেওঁৰ গৱেষণা আৰু লেখা-মেলাৰ মূল কেন্দ্ৰবিন্দু। তেওঁ তিনিখন গ্ৰন্থৰ ৰচক, পাঁচখন গ্ৰন্থৰ সম্পাদক আৰু দেশ-বিদেশৰ বিভিন্ন স্বীকৃতিপ্ৰাপ্ত জাৰ্নেলত তেওঁৰ একাধিক গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ পাইছে।
 
তেওঁৰ কৰ্মৰাজিৰ এক ব্যতিক্ৰমী দিশ হ'ল সংস্কৃত ভাষাত থকা তেওঁৰ দক্ষতা। এই জ্ঞানক কামত খটুৱাই তেওঁ প্ৰাচীন ভাৰতৰ ধৰ্মশাস্ত্ৰসমূহত নাৰীৰ অৱস্থান সম্পৰ্কে সমালোচনাত্মক অধ্যয়ন কৰিছে, যিয়ে ভাৰতীয় সমাজত নাৰীৰ স্থানক লৈ নতুনকৈ চিন্তা-চৰ্চা কৰাৰ সুযোগ সৃষ্টি কৰিছে। ইয়াৰ সমান্তৰালভাৱে তেওঁ শ্ৰীপাত শ্ৰীখণ্ড অঞ্চলত সংৰক্ষিত সংস্কৃত-বঙালী পাণ্ডুলিপিৰ এখন বৰ্ণনামূলক কেটলগ প্ৰস্তুত কৰে, যাক ইতিহাস আৰু সাহিত্য গৱেষণাৰ ক্ষেত্ৰত এক বহুমূলীয়া দলিল হিচাপে গণ্য কৰা হয়।
 
শৈক্ষিক পৰিসৰৰ বাহিৰেও সাম্প্ৰতিক বছৰবোৰত অধ্যাপক নাছৰিন সক্ৰিয়ভাৱে সামাজিক আন্দোলন আৰু নীতি-নিৰ্ধাৰণমূলক আলোচনাৰ সৈতে জড়িত হৈ পৰিছে। ভাৰতীয় মুছলমান নাৰীৰ সাংবিধানিক আৰু মানৱাধিকাৰ সুৰক্ষাৰ প্ৰশ্নত তেওঁ সদায় স্পষ্ট আৰু যুক্তিনিষ্ঠ অৱস্থান গ্ৰহণ কৰি আহিছে। তাৎক্ষণিক 'তিনি তালাক' প্ৰথাৰ বিৰুদ্ধে চলোৱা আন্দোলনত তেওঁৰ সক্ৰিয় ভূমিকাই তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তোলে। গৱেষণা আৰু বাস্তৱ সামাজিক আন্দোলনৰ এই যোগসূত্ৰই তেওঁৰ কৰ্মৰাজিক কেৱল তাত্ত্বিক পৰ্যায়তে আৱদ্ধ নাৰাখি বাস্তৱ প্ৰাসংগিকতাৰেও সমৃদ্ধ কৰিছে।
 
ড০ ছৈয়দ তনভীৰ নাছৰিন
 
মালদ্বীপত দায়িত্ব পালন কৰাৰ সময়ত তেওঁ নিয়মীয়াকৈ ভাৰত-মালদ্বীপ সম্পৰ্ক, আঞ্চলিক ৰাজনীতি, ভাৰত বিৰোধী মন্তব্য আৰু চীনৰ প্ৰভাৱ সন্দৰ্ভত নিজৰ মতামত আৰু বিশ্লেষণ প্ৰকাশ কৰিছিল। সাংস্কৃতিক কূটনীতিৰ বাস্তৱ অভিজ্ঞতাই তেওঁক শিকাইছে যে কেতিয়াবা ৰাজনৈতিক ভাষাতকৈয়ো সংস্কৃতিয়ে সমাজত অধিক গভীৰ আৰু স্থায়ী প্ৰভাৱ পেলাব পাৰে।
 
অৱশ্যে তেওঁৰ পৰিচয়ৰ আন এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত হয় তেওঁৰ ব্যক্তিগত জীৱনত। অধ্যাপক ড০ ছৈয়দ তনভীৰ নাছৰিন এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী আৰু থিয়েটাৰৰ গভীৰ অনুৰাগী। শিল্পচৰ্চা তেওঁৰ গৱেষণা আৰু সামাজিক চিন্তাৰ সৈতে মিলি গৈ তেওঁক এক পূৰ্ণাংগ মানৱ হিচাপে গঢ়ি তুলিছে। ধৰ্মীয় সম্প্ৰীতিৰ প্ৰশ্নত তেওঁৰ জীৱন নিজেই এক জীৱন্ত দৃষ্টান্ত। তেওঁৰ জীৱনসংগী সুমন ভট্টাচাৰ্য এগৰাকী সুপৰিচিত সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু ভাষ্যকাৰ। ভিন্ন ধৰ্মীয় পৰিচয় থকা সত্ত্বেও তেওঁলোকৰ পাৰিবাৰিক জীৱনে পাৰস্পৰিক শ্ৰদ্ধা, সহাৱস্থান আৰু সাংস্কৃতিক সৌহাৰ্দ্যৰ এক সুন্দৰ তথা স্বাভাৱিক ছবি দাঙি ধৰে।
 
দুৰ্গাপূজাৰ সময়ত তেওঁ যিদৰে বঙালীৰ শ্ৰেষ্ঠ উৎসৱত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰে, সপ্তমীৰ পৰা দশমীলৈকে উৎসৱৰ আনন্দত মতলীয়া হয়- ঠিক তেনেদৰে নিজৰ ঘৰত আয়োজিত জগদ্ধাত্ৰী পূজাৰ প্ৰস্তুতিতো তেওঁ সমানেই সক্ৰিয় হৈ থাকে। ভাতৃৰ কপালত ফোঁট দিয়াৰ পৰা আৰম্ভ কৰি বিজয়া দশমীত সপৰিয়ালে বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনক শুভেচ্ছা জনোৱালৈকে- এই সকলোবোৰৰ মাজতেই প্ৰতিফলিত হয় তেওঁৰ পিতৃ-মাতৃয়ে প্ৰদান কৰা শিক্ষা, মানৱীয় মূল্যবোধ আৰু সংস্কৃতি। ধৰ্ম, জাতি বা বৰ্ণৰ বিভাজনৰ ঊৰ্ধ্বত গৈ মানুহৰ উৎসৱ আৰু পাৰস্পৰিক সম্পৰ্ককেই তেওঁ সৰ্বোচ্চ স্থান দিয়ে।
 
গৱেষণা, সাংস্কৃতিক কূটনীতি, অধিকাৰ আন্দোলন আৰু সম্প্ৰীতিৰ জীৱনদৰ্শনৰ অপূৰ্ব সমন্বয়েৰে অধ্যাপক ড০ ছৈয়দ তনভীৰ নাছৰিনৰ এই বহুমাত্ৰিক যাত্ৰাই তেওঁক সমসাময়িক সমাজত এক স্বতন্ত্ৰ উচ্চতালৈ লৈ গৈছে- য’ত জ্ঞান, মানৱীয়তা আৰু সহাৱস্থান ইটোৱে সিটোৰ পৰিপূৰক হৈ পৰে।


শেহতীয়া খবৰ