আপুনি কেতিয়াবা নিজামুদ্দিনৰ হালৱা পৰঠাৰ সোৱাদ লৈছেনে?

Story by  atv | Posted by  Munni Begum • 1 Years ago
হালৱা পৰঠাৰ এখন বিপণি
হালৱা পৰঠাৰ এখন বিপণি
 
ফিৰদৌছ খান
 
ভাৰতীয়সকল খাদ্যৰ প্ৰতি অতি আকৰ্ষিত। দেশৰ ৰাজধানী দিল্লীৰ কথা ক’লে ইয়াৰ মানুহবোৰ বৰ স্মাৰ্ট৷ সেইবাবেই ইয়াত খাদ্যৰ ব্যৱসায়ৰ উত্থান ঘটিছে। ৰাজধানী হোৱাৰ বাবে ইয়াত প্ৰতিখন ৰাজ্যৰ ব্যঞ্জন উপভোগ কৰিব পাৰি। ইয়াৰে এটা হ’ল হালৱা পৰঠা। নিজামুদ্দিনৰ হালৱা পৰঠা অতি বিখ্যাত। ইয়াক খাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে।
 
নিজামুদ্দিন বাছ ষ্টপৰ পৰা হজৰত নিজামুদ্দিন দৰগাহ অভিমুখে যোৱা ৰাস্তাত বাওলি গেট নম্বৰ ১ৰ ওচৰৰ চুলতানি হোটেলত হালৱা পৰঠা উপলব্ধ। হোটেলৰ মালিক আব্দুল আলিমে কয় যে তেওঁ প্ৰায় ২৩ বছৰ ধৰি হালৱা পৰঠা প্ৰস্তুত কৰি আহিছে। এইটো তেওঁলোকৰ পাৰিবাৰিক কাম, যিটো তেওঁলোকৰ ককা আৰু আজোককাৰ সময়ৰ পৰাই চলি আহিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সাধাৰণ পৰঠা তাৱাত বনোৱা হয়, কিন্তু হালৱা পৰঠাবিধ কেৰাহীত বনোৱা হয়। আচলতে ই এক প্ৰকাৰৰ ডাঙৰ পুৰী। যিমানেই ডাঙৰ কেৰাহী হয়, পুৰীও সিমানেই ডাঙৰ হয়। এই পৰঠা ময়দাৰ পৰা তৈয়াৰ কৰা হয়, যাক বহুত পৰিমাণৰ ঘিউ আৰু গাখীৰেৰে মিশ্ৰণ কৰা হয়।
 
ময়দা মাৰি থাকোঁতে তাত ফুটা কৰা হয়, যাতে পুৰিৰ দৰে ই ফুলি নাযায়। ইয়াৰ লগত পৰিৱেশন কৰা হালৱাও বৰ সোৱাদযুক্ত হয়। ইয়াক ছুজি, গাখীৰ আৰু ঘিউৰ পৰা তৈয়াৰ কৰা হয়, কাৰণ হালোৱাৰ প্ৰধান উপাদান হ'ল ঘিউ। ইয়াত বহুতো শুকান ফলো সংমিশ্ৰমণ কৰা হয়। এই পৰঠাবোৰ বৰ ডাঙৰ। এইবোৰ দহৰ পৰা বিশজন মানুহে খাব পাৰে। এইবোৰ ওজন কৰি বিক্ৰী কৰা হয়। বিভিন্ন দোকানত হালৱা পৰঠাৰ দাম বেলেগ বেলেগ হোৱা দেখা যায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ওখলাত বাস কৰা চেফ জুবাইৰে কয় যে তেওঁ হালৱা পৰঠা বৰ ভাল পায়। অৱশ্যে তেওঁ নিজেই খাদ্য ব্যৱসায়ৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ পিজ্জা বনোৱাত পাকৈত। কিন্তু হালৱা পৰঠাৰ কথাই সুকীয়া। তেওঁ কয় যে মিঠাইৰ কথা আহিলে তেওঁৰ মিঠাইৰ সলনি কেৱল হালৱা পৰঠাৰ কথাহে মনলৈ আহে। তেওঁ প্ৰায়ে পুৱা ইয়ালৈ আহে আৰু হালৱা পৰঠাৰে ব্ৰেকফাষ্ট কৰে। নিজামুদ্দিনৰ উপৰিও জামা মছজিদৰ ওচৰৰ মাটিয়া মহল হোটেলৰ হালৱা পৰঠাও অতি বিখ্যাত। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হালৱা পৰঠা খুৱ ভাল পাইছিল আৰু সঘনাই অৰ্ডাৰ দিছিল।
 
ইতিহাসঃ আচলতে ভাৰতত উৎসৱৰ সময়ত বনোৱা হালৱা বিদেশী খাদ্য। হালৱা শব্দটো আৰবী ভাষাৰ হুলভা শব্দৰ পৰা আহিছে, যাৰ অৰ্থ মিঠা বা মিঠাই। বুৰঞ্জীবিদসকলৰ মতে তেৰশ শতিকাত ৰচিত আৰবী গ্ৰন্থ ‘কিতাব আল তাবিখ’ত হালৱাৰ উল্লেখ পোৱা যায়। বহু শতিকা আগতে আৰব ব্যৱসায়ীৰ সৈতে ই ভাৰতলৈ আহিছিল। ইয়াৰ মানুহে হালৱা ইমানেই ভাল পাইছিল যে ইয়াতেহে থাকি গ’ল। হালৱাৰ সোৱাদ লাভ কৰা মানুহে কেতিয়াও নাভাবে যে ই বাহিৰৰ পৰা আহিছে। দৰগাহ, মন্দিৰ আৰু গুৰুদ্বাৰত প্ৰচুৰ পৰিমাণে হালৱা পোৱা যায়। হালৱা প্ৰায়ে লেংগাৰত মিঠাই হিচাপে পৰিবেশন কৰা হয়। হালৱা সাম্প্ৰদায়িক সম্প্ৰীতিৰ সৈতে জড়িত খাদ্য বুলি ক’লে ভুল নহ’ব। ইয়াৰ সোৱাদ জিভাৰ পৰা পোনে পোনে হৃদয়লৈকে বিয়পি পৰে।
 
সুস্বাদু হালৱা
 
দেশৰ বহু অঞ্চলত অনুষ্ঠিত নৌচান্দী মেলাত হালৱা পৰঠা বিখ্যাত। শিশুৱে হওক বা বৃদ্ধই হওক, মহিলাই হওক বা পুৰুষেই হওক, সকলোৱেই এই মেলাত হালৱা পৰঠাক সোৱাদ লয়। দৰিয়াগঞ্জৰ ৰবিয়াই কয় যে হালোৱা পৰঠা তেওঁৰ অতি প্ৰিয়। নৌচান্দি মেলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নৌচান্দী মেলাত উপলব্ধ হালোৱা পৰঠাৰ আমেজেই সুকীয়া। কাৰণ, মানুহে নিজৰ স্থানীয় অঞ্চলৰ হালৱা পৰঠা খাই থাকে, কিন্তু দূৰ-দূৰণিৰ ব্যৱসায়ীসকলৰ হালৱাৰে মেলা ভৰি পৰে। গতিকে, ইয়াৰ সোৱাদো বেলেগ বেলেহ হৈ পৰে আৰু এক নতুনত্ব দেখিবলৈ পোৱা যায়।
 
চিকাগোৰ ইতিহাসবিদ কলিন টেইলৰৰ ‘ফেষ্টছ এণ্ড ফাষ্টছ’ নামৰ গ্ৰন্থখনৰ মতে তেৰশ শতিকাৰ পৰা ষোড়শ শতিকাৰ ভিতৰত মহম্মদ বিন টোগলোগৰ সময়ত হালৱা দিল্লীলৈ আহিছিল। একাংশ বুৰঞ্জীবিদৰ মতে হালৱাৰ উৎপত্তি হৈছে ওছমানিয়া চুলতানীৰ মালিক চুলেইমানৰ পাকঘৰত। কোৱা হয় যে হালৱাৰ প্ৰতি তেওঁৰ ইমানেই আকৰ্ষণ আছিল যে তাৰ বাবে তেওঁ সুকীয়া পাকঘৰ সাজিছিল।