উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনৰ নিযুক্তি বৈধ: এলাহাবাদ উচ্চ ন্যায়ালয়

Story by  atv | Posted by  Munni Begum • 3 h ago
উপাচাৰ্য অধ্যাপিকা নাইমা খাতুন
উপাচাৰ্য অধ্যাপিকা নাইমা খাতুন
 
আৱাজ দ্য ভইচ / আলিগড় 
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনৰ নিযুক্তি সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আদালতে উপাচাৰ্য অধ্যাপিকাগৰাকীৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা সকলো আৱেদন সম্পূৰ্ণৰূপে নাকচ কৰিছে আৰু তেওঁৰ নিৰ্বাচনৰ বৈধতা, স্বচ্ছতা আৰু পদ্ধতিগত শুদ্ধতা নিশ্চিত কৰিছে।
 
উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনৰ নিযুক্তিক লৈ বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত বিৰাজ কৰি থকা অস্থিৰতা আৰু আইনী অনিশ্চয়তাৰ পৰিৱেশে সম্প্ৰতি আদালতে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে স্থায়ীভাৱে সুস্থিৰতা লাভ কৰিছে।  
 
প্ৰথমগৰাকী মহিলা উপাচাৰ্য নিযুক্তি দি ইতিহাস ৰচনা কৰিলে এ এম ইউয়ে
 
উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনে পূৰ্বে এ এম ইউ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়খনৰ ১০০ বছৰীয়া ইতিহাসত উপাচাৰ্য পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা উপাচাৰ্য অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰা নাইমা খাতুনক আদৰণি জনাইছে বিশ্ববিদ্যলয়খনে
 
তেওঁৰ নিৰ্বাচন কেৱল প্ৰশাসনিক নিযুক্তি নহয় বৰঞ্চ ইয়াক উচ্চ শিক্ষাৰ লিংগ সমতা আৰু সৰ্বাংগীন নেতৃত্বৰ দিশত এক প্ৰতীকী আৰু প্ৰগতিশীল পদক্ষেপ বুলি গণ্য কৰা হৈছে।     

বাছনি প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰে আদালতে 
 
ন্যায়াধীশ অশ্বিনী কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ ডোনাৰী ৰমেশৰ সংমণ্ডল বিচাৰপীঠে উপাচাৰ্যৰ নিযুক্তি প্ৰক্ৰিয়াক পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। আদালতে স্পষ্ট কৰি দিয়ে যে, এই নিযুক্তি এ এম ইউ আইন, বিশ্ববিদ্যালয়ৰ বিধি আৰু সংশ্লিষ্ট নিয়মৰ অধীনত সম্পূৰ্ণৰূপে বৈধ। বাছনি প্ৰক্ৰিয়াৰ সময়ত কোনো অনিয়ম বা পক্ষপাতিত্ব কৰা দেখা পোৱা নগ’ল।   
 
বিশেষভাৱে উল্লেখযোগ্য কথাটো হ’ল যে, বিশ্ববিদ্যালয় আদালত আৰু কাৰ্যবাহী পৰিষদৰ বৈঠকৰ অধ্যক্ষতা সন্দৰ্ভত ভাৰপ্ৰাপ্ত উপাচাৰ্য গুলৰেজে উত্থাপন কৰা প্ৰশ্নসমূহো আদালতে নাকচ কৰিছিল। আদালতে কয় যে, তেওঁৰ ভূমিকা সীমিত আৰু আইনী আৰু ইয়াৰদ্বাৰা বাছনিৰ বহুস্তৰীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নপৰে।  
 
ৰাষ্ট্ৰপতিৰ অনুমোদন নিৰ্ণায়ক বুলি কোৱা হৈছিল 
 
আদালতে স্পষ্ট কৰি দিয়ে যে, এ এম ইউৰ উপাচাৰ্য নিযুক্তি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে, যিজন বিশ্ববিদ্যালয়ৰ ভিজিটৰ হয়। আদালতে কয় যে, এই পৰ্যায়ত কোনো কু-অভিপ্ৰায় বা বেয়া প্ৰভাৱ প্ৰমাণিত হোৱা নাই। উপাচাৰ্য অধ্যাপিকা খাতুনৰ এই নিযুক্তিত সৰ্বোচ্চ সাংবিধানিক কৰ্তৃপক্ষই অনুমোদন জনাইছে। যিটো নিজৰ মাজতে তেওঁলোকৰ যোগ্যতা আৰু অৰ্হতাৰ নিশ্চয়তা প্ৰদান কৰে। 
 
এক অনুষ্ঠানত উপাচাৰ্য অধ্যাপিকা নাইমা খাতুন
 
এই সিদ্ধান্তক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনে কয়, "ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতা আৰু অখণ্ডতাৰ ওপৰত মোৰ সদায় সম্পূৰ্ণ বিশ্বাস আছে। এই সিদ্ধান্ত মোৰ বাবে কেৱল ব্যক্তিগত জয় নহয়, বৰঞ্চ ই আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিষ্ঠানিক প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক মূল্যবোধৰ পুনৰ দৃঢ়তা প্ৰমাণিত কৰিছে। সততা, স্বচ্ছতা আৰু অন্তৰ্ভুক্ত শৈক্ষিক উৎকৰ্ষতাৰ দৃষ্টিভংগীৰে মই সদায়ে এ এম ইউত কাম কৰি যাম। এই সিদ্ধান্তই সকলো অংশীদাৰৰ মাজত আস্থা জগাই তুলিব বুলি মোৰ বিশ্বাস।"  
 
এই ঐতিহাসিক সিদ্ধান্তই কেৱল আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সুস্থিৰ নেতৃত্ব দিয়াই নহয়, বৰঞ্চ উচ্চ শিক্ষানুষ্ঠানত মহিলা নেতৃত্বৰ গ্ৰহণযোগ্যতা আৰু সাংবিধানিকভাৱে সুৰক্ষিত প্ৰক্ৰিয়াৰ শক্তিৰ ওপৰতো আলোকপাত কৰা হৈছে। উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনৰ নিযুক্তি কেৱল এ এম ইউৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বাবে ই এক প্ৰেৰণাদায়ক আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে।