অজিত ডোভালঃ এগৰাকী সুদক্ষ চোৰাংচোৱা, প্ৰতিষ্ঠান নিৰ্মাতা আৰু দেশপ্ৰেমিক

Story by  atv | Posted by  [email protected] • 4 h ago
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল
 

 ভাস্কৰ জ্যোতি মহন্ত

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত অতি কম সংখ্যক লোকহে আছে, যিয়ে অজিত ডোভালৰ দৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। কীৰ্তি চক্ৰ বঁটা বিজয়ী আৰু ভাৰতৰ সৰ্বাধিক দীঘলীয়া কাৰ্যকালৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) ডোভালে তৃতীয় কাৰ্যকালৰ বাবে এই পদবী লাভ কৰা আৰু কেবিনেট মন্ত্ৰী পদলৈ উন্নীত হোৱাটোৱে এই কথা প্ৰদৰ্শন কৰিছে যে নিৰাপত্তা আৰু বৈদেশিক নীতিৰ বিষয়ত তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বক চৰকাৰে যথেষ্ট বিশ্বাস আৰু সন্মান কৰে।

ডোভাল মতবাদ (Doval Doctrine) হৈছে তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়সমূহ চম্ভালিব পৰা এক অভিনৱ পদ্ধতি। ক’ৰ পৰা এই পদ্ধতি আৰম্ভ হৈছিল বুজিবলৈ আমি তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক ঘটনা-পৰিঘটনাসমূহলৈ দৃষ্টি নিক্ষেপ কৰিব লাগিব। কেৰালাত যেতিয়া ডোভাল আই পি এছৰ যুৱ বিষয়া হৈ আছিল, তেতিয়া তেওঁক থালাছেৰীত সংঘটিত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষ চম্ভালিবলৈ কোৱা হৈছিল। পৰিস্থিতি ইমানেই উত্তেজিত আছিল যে জ্যেষ্ঠ বিষয়াসকলো ইয়াৰ দায়িত্ব ল’বলৈ সাজু নাছিল।
 
কিন্তু ডোভালে এই প্ৰত্যাহ্বানক আত্মবিশ্বাসেৰে গ্ৰহণ কৰিছিল। তেওঁ পৃথকশৈলীৰে কাম কৰিছিল। বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে তেওঁ প্ৰথম কেইদিনমান তথ্য সংগ্ৰহ কৰি হিংসাৰ আঁৰৰ প্ৰকৃত কাৰণ বুজি উঠে। দুয়োটা সম্প্ৰদায়ৰ বিষয়বোৰ জনাৰ পিছত তেওঁ স্মাৰ্ট আলোচনা আৰু শান্তিপূৰ্ণ পদ্ধতি ব্যৱহাৰ কৰি লাঠি বা বন্দুক অবিহণে এসপ্তাহৰ ভিতৰতে শান্তি কঢ়িয়াই আনিছিল। এই ফলাফলে তেওঁৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজনৈতিক নেতা উভয়কে আচৰিত কৰি তুলিছিল। ইয়াৰ পিছত কান্দাহাৰ বিমান অপহৰণৰ ঘটনাৰ সময়ত তেওঁৰ আলোচনা আৰু চোৰাংচোৱাৰ দক্ষতাই ভাৰত চৰকাৰক অতি কঠিন পৰিস্থিতিৰ পৰা মৰ্যাদাৰে ওলাই অহাত সহায় কৰিছিল।
 
অপাৰেচন সেন্দুৰক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ সময়ত এনএছএ অজিত ডোভাল
 
চোৰাংচোৱা ব্যুৰোত যোগদান কৰাৰ পিছত অজিত ডোভালে মিজোৰামত আৰু পিছলৈ ছিকিমত কাম কৰিছিল। মিজোৰামত তেওঁ চীন-সমৰ্থিত বিচ্ছিন্নতাবাদী গোট মিজো নেচনেল ফ্ৰন্ট (MNF)ক দুৰ্বল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মিজোৰামৰ সহযোগী চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী হিচাপে তেওঁ চতুৰতাৰে এম এন এফৰ সাতজন শীৰ্ষ কমাণ্ডাৰৰ সৈতে কাম কৰিছিল। এই কমাণ্ডাৰসকল আছিল মিজো নেচনেল ফ্ৰন্টৰ মুৰব্বী লালডেংগাৰ ঘনিষ্ঠ। নিজৰ চোৰাংচোৱাৰ দক্ষতা ব্যৱহাৰ কৰি ডোভালে সাতজন কমাণ্ডাৰৰ ভিতৰত ছয়জনক মিজো নেচনেল ফ্ৰন্ট এৰি মূলসুঁতিত যোগদান কৰিবলৈ পতিয়ন নিয়াইছিল।
 
ইয়াৰ ফলত মিজো নেচনেল ফ্ৰন্টৰ মেৰুদণ্ড ভাঙি যায়। সংগঠনটো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিল আৰু হিংসা ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাহিৰে তেওঁলোকৰ হাতত আন কোনো বিকল্প নাছিল। আনকি ডোভালক সমালোচনা কৰা লোকসকলেও মানি লয় যে এইটো তেওঁৰ এটা ডাঙৰ সফলতা আছিল। পিছলৈ ছিকিমত ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিষ্ঠাপক আৰ.এন কাওৰ সৈতে ডোভালে কাম কৰে। স্মাৰ্ট আৰু অগতানুগতিক পদ্ধতি ব্যৱহাৰ কৰি ডোভালে পুনৰ শত্ৰুৰ পৰিকল্পনা আৰু অভিযানত ডাঙৰ আঘাত হানে।
 
বিশেষকৈ অপাৰেচন ব্লেক থাণ্ডাৰৰ সময়ত পঞ্জাৱত অজিত ডোভালৰ আৰম্ভণিৰ সফলতাই তেওঁক ভাৰতৰ নিৰাপত্তা ব্যৱস্থাত এক সুপৰিচিত নাম কৰি তুলিছিল। সেই অভিযানত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক কীৰ্তি চক্ৰৰে সন্মানিত কৰিছিল। এই অভিজ্ঞতাবোৰে তেওঁৰ সংঘাত চম্ভালাৰ অনন্য পদ্ধতিটো গঢ় দিছিল। তেওঁৰ এই পদ্ধতিটো ক্ৰিকেটৰ সৰল শব্দৰে বুজাব পাৰি: “চোৰাংচোৱাৰ দ্বাৰা বল কৰা আৰু আৰক্ষী বা সেনাৰদ্বাৰা আয়ত্ত্ব কৰা।” অৰ্থাৎ তেওঁ প্ৰথমে শক্তিশালী চোৰাংচোৱা ব্যৱস্থা ব্যৱহাৰ কৰাত মনোনিৱেশ কৰে, আৰু তাৰ পিছত কাৰ্য্যব্যৱস্থাৰ বাবে আইন প্ৰয়োগকাৰী বা সামৰিক বাহিনীৰ পৰা সহায় লয়।
 
ৱাশ্বিংটনত ৰাষ্ট্ৰদূত তৰণজিৎ সিং সন্ধু আৰু আমেৰিকাৰ যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ জেনেৰেল মাৰ্ক মিলীৰ সৈতে এন এছ এ অজিত ডোভাল
 
সময়ৰ লগে লগে এই পদ্ধতি তেওঁৰ বিখ্যাত “ৰক্ষনাত্মক প্ৰত্যাক্ৰমন” (Defensive offence)ৰ ধাৰণা হৈ পৰিল। ই ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নীতিৰ ভিত্তি। ২০১৪ চনত অজিত ডোভালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হোৱাৰ পিছৰে পৰা ভাৰতে বিভিন্ন সময়ত সন্ত্ৰাসবাদী ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ ধৰণ আৰু ৰণনীতি বহু পৰিৱৰ্তন ঘটিছে। ডোভালৰ চিন্তাৰ মূল আধাৰ হ’লঃ “বিপদৰ বাবে অপেক্ষা নকৰিব। প্ৰথমে কাম কৰক। ভাবুকি সোনকালে বন্ধ কৰক। ভাৰতৰ বাহিৰত হ'লেও সকলো ভাবুকি আৰু প্ৰত্যাহাবনৰ মোকাবিলা কৰা হ'ব।” ইয়াৰ পৰা দেখা যায় যে ভাৰত এতিয়া আৰু নিষ্ক্ৰিয় নহয় আৰু প্ৰয়োজনৰ সময়ত শক্তিশালীভাৱে ভাৰতে কাম কৰিব।
 
ইয়াৰ ফলত ভাৰতৰ কৌশলগত সংযম প্ৰদৰ্শনৰ পুৰণি পদ্ধতিৰ পৰা এক বৃহৎ পৰিৱৰ্তন ঘটিল। ইয়াৰ পূৰ্বে ভাৰতে অলপ কষ্ট ভোগ কৰিবলগীয়া হ’লেও নিজকে শান্তিপূৰ্ণ আৰু সুস্থিৰ দেশ হিচাপে দেখুৱাবলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ পৰা আঁতৰি আছিল। কিন্তু ডোভাল মতবাদৰ অধীনত ভাৰতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। সেয়া হৈছেঃ যদি কোনো দেশে ভাৰতৰ ক্ষতি কৰে, তেন্তে তেওঁলোকে অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক, কূটনৈতিক হেঁচাৰ সন্মুখীন হ'ব লাগিব। বিশেষকৈ পাথানকোট আক্ৰমণৰ পিছত পাকিস্তানৰ প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰৰ এই পৰিৱৰ্তন আমি স্পষ্টকৈ দেখিবলৈ পাওঁ। সেই সময়ৰ পৰাই অজিত ডোভালক পাকিস্তানৰ লগত নিজৰ ধৰণেৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল।
 
ডোভাল মতবাদৰ এটা মূল ধাৰণা হৈছেঃ প্ৰথমে মূল ভাবুকিটো স্পষ্টভাৱে চিনাক্ত কৰা। তাৰ পিছত ইয়াক পৰাস্ত কৰিবলৈ এটা শক্তিশালী আৰু স্মাৰ্ট ৰণনীতি প্ৰস্তুত কৰা। আমি এই কথা অপাৰেচন সেন্দুৰত দেখিবলৈ পাইছো, য’ত ডোভালে পৰিকল্পনা আৰু নিখুঁত কাৰ্যৰূপায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
এনএছএ অজিত ডোভাল
 
ডোভালে সদায় বল প্ৰয়োগ নকৰে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তেওঁ উত্তম পদ্ধতি বাছি লয়। উদাহৰণস্বৰূপে চীনৰ সৈতে ২০১৭ আৰু ২০২০ দুয়োটা বৰ্ষতে তেওঁ আলোচনা আৰু কূটনীতিৰ সহায় লৈ উত্তেজনা হ্ৰাস কৰিছিল। উত্তৰ-পূবৰ এটা বিদ্ৰোহী গোট এন এছ চি এন-আই এমৰ ক্ষেত্ৰত তেওঁ সময়ৰ লগে লগে তেওঁলোকৰ শক্তি দুৰ্বল কৰাত মনোনিৱেশ কৰিছিল। এই উদাহৰণবোৰে দেখুৱাইছে যে ৰাষ্ট্ৰীয় নিৰাপত্তা চম্ভালিবলৈ তেওঁ কিমান নমনীয় আৰু স্মাৰ্ট।
 
সফল অভিযানৰ উপৰিও ডোভালে শক্তিশালী প্ৰতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰতো কাম কৰিছে। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় (এন এছ চি এছ) গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা ব’ৰ্ড (এন এছ এ বি) শক্তিশালী কৰিছে। এই ক্ষেত্ৰত তেওঁৰ কাম ইমানেই আকৰ্ষণীয় যে ইয়াক শক্তিশালী আৰু দক্ষ সংগঠন গঢ়ি তোলাৰ উদাহৰণ হিচাপে মেনেজমেণ্টৰ স্কুলত অধ্যয়ন কৰিব পাৰি। আজি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ কাৰ্যালয় দক্ষিণ ব্লকৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় চৰ্দাৰ পেটেল ভৱনলৈ স্থানান্তৰিত হৈছে। অজিত ডোভালৰ আন এক অন্যতম দীৰ্ঘম্যাদী কৃতিত্ব হৈছে ভাৰত-আমেৰিকাৰ সম্পৰ্ক উন্নত কৰা, বিশেষকৈ ভাৰত-আমেৰিকাৰ জটিল আৰু নতুন প্ৰযুক্তিৰ পদক্ষেপৰ জৰিয়তে তেওঁ ইয়াক সম্ভৱ কৰিছে।
 
ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে এনএছএ ডোভাল
 
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৈ থাকোঁতে অজিত ডোভালৰ কাম-কাজৰ ধৰণত কিছুমান মহান গুণ পৰ্যবেক্ষণ কৰিছিলোঁ। প্ৰথমতে, তেওঁৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা সদায় ৰাজনীতিৰ ওপৰত। দেশ ৰক্ষাৰ বাবে তেওঁ সকলো ৰাজনৈতিক মতামত একাষৰীয়া কৰি ৰাখে। জীৱনৰ বেছিভাগ সময় চোৰাংচোৱাৰ কামত কটালেও তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) মূল্যবোধক শক্তিশালীভাৱে অনুসৰণ কৰে। তেওঁ মোক বহুবাৰ কৈছে যে তেওঁ সদায় আই পি এছত “ইণ্ডিয়ান” অংশটোৰ ওপৰত গুৰুত্ব দিয়ে।
 
মই ব্যক্তিগতভাৱে তেওঁৰ চোকা নেতৃত্ব আৰু পৰিকল্পনা দক্ষতা দেখিছিলো যেতিয়া মই পিছলৈ নিষিদ্ধ হোৱা এটা মৌলবাদী সংগঠনৰ সন্দৰ্ভত তেওঁৰ সহায় বিচাৰিছিলো। অসম আৰক্ষী আৰু নিয়া(NIA)ই প্রমাণ সংগ্রহ কৰি গোচৰটো প্রস্তুত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বিপৰীতে এন এছ এ ডোভালে ইতিমধ্যে গোটটোৰ প্ৰতিক্ৰিয়া কেনেদৰে চম্ভালিব সেই পৰিকল্পনাও কৰিছিল৷ তেওঁ আমাক চোৰাংচোৱাৰ কামত প্ৰকৃত মাষ্টাৰক্লাছ দিছিল। গোটটোৱে পুনৰ সমৰ্থন লাভ কৰাত বাধা দিবলৈ ডোভালে তেওঁলোকৰ নেতাসকলৰ ভাবমূৰ্তি দুৰ্বল কৰাৰ স্মাৰ্ট উপায় বিচাৰি উলিয়াইছিল। তেওঁ ব্যৱহাৰ কৰা পদ্ধতিবোৰ ইমানেই উন্নত আছিল যে মই এজন জ্যেষ্ঠ আৰক্ষী বিষয়া হিচাপেও তেনেধৰণৰ পৰিকল্পনাৰ কথা চিন্তা কৰাটো সপোনৰো অগোচৰ আছিল।
 
সংগঠনটো নিষিদ্ধ হোৱাৰ ফলত আজিলৈকে এটাও প্ৰতিবাদ হোৱা নাই। এটা বিপদজনক সংগঠনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বৈধ পদক্ষেপ বুলি ইয়াক জনতাই গ্ৰহণ কৰি লৈছে। ইয়াৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ)ৰ দক্ষতা আৰু পৰিকল্পনাৰ উচ্চ পৰ্যায়ৰ কথা প্ৰতিফলিত হয়। অৱশ্যে তেওঁৰ ৰণনীতি তৈয়াৰৰ দক্ষতাই ভাৰতক বিশ্বৰ সন্মুখত যিধৰণে দাঙি ধৰিছে, সেয়াই আজি আমাৰ দেশখনক অন্যান্য ৰাষ্ট্ৰই এক মহান ৰাষ্ট্ৰ হিচাপে মানি ল'বলৈ বাধ্য কৰাইছে।
 
তেওঁৰ স্থায়ী অৱদান সদায় 'ডোভাল মতবাদ' (Doval Doctrine) হিচাপে পৰিচিত হৈ থাকিব। কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে অজিত ডোভাল কেৱল এজন শক্তিশালী কৌশলবিদে নহয়, তেওঁ ভাৰতৰ বাবে এজন মহান প্ৰতিষ্ঠান নিৰ্মাতাও (institution builder)।

(লেখক অসমৰ মুখ্য তথ্য আয়ুক্ত আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান)