ইমান ছাকিনা
ইছলাম শব্দটোৰ অৰ্থ হৈছে শান্তি। ইছলাম ধৰ্মৰ চূড়ান্ত লক্ষ্যই হৈছে শান্তি। ইছলামত যুদ্ধৰ বিষয়ে উল্লেখ নথকা নহয়, কিন্তু কঠোৰ নিয়ম আৰু নৈতিক নিৰ্দেশনাৰ অধীনত যুদ্ধৰ অনুমতি দিয়া হৈছে। ইছলামত যুদ্ধ সম্পৰ্কীয় শিক্ষা কোৰআন আৰু হজৰত মহম্মদৰ বাণী আৰু কাৰ্য্যৰ পৰা আহিছে।
কোৰআন আৰু হাদীছত যুদ্ধ কেতিয়া ন্যায্য আৰু যুদ্ধ কেনেকৈ চলাব লাগে সেই বিষয়ে ব্যাখ্যা কৰা হৈছে। যুদ্ধত মানি চলিবলগীয়া নিৰ্দিষ্ট নিয়মসমূহ স্পষ্ট ভাষাৰে বুজাই দিয়া হৈছে।
ইছলাম হিংসা নহয় শান্তিৰ ধৰ্ম। ইছলামে ভূমি জয় কৰিবলৈ বল প্ৰয়োগৰ শিক্ষা নিদিয়ে। লগতে আনক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাবলৈ বল প্ৰয়োগ কৰাটোও সমৰ্থন নকৰে।
ইছলামে ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনকি শত্ৰুৰ প্ৰতিও ন্যায় হোৱাটোত গুৰুত্ব আৰোপ কৰে। ইছলাম ধৰ্মত শিকোৱা হৈছে যে যিহেতু ঈশ্বৰে মানুহক কোনো ক্ষেত্ৰতে জোৰ-জবৰদস্তি নকৰে, গতিকে আমিও কৰিব নালাগে।
প্ৰতিনিধিত্বমূলক ছবি
যিকোনো কামৰ বাবে বল প্ৰয়োগ কৰাটো বাদেই দিয়ক। ইছলামে আনৰ ধৰ্মীয় বিশ্বাসৰ সন্মান দিয়াটোত যথেষ্ট গুৰুত্ব আৰোপ কৰে। এগৰাকী মানুহ কেতিয়াও প্ৰকৃত মুছলমান হ'ব নোৱাৰে যিয়ে আনৰ ধৰ্মীয় বিশ্বাসক সন্মান নিদিয়ে। কোনো ধৰ্মীয় সীমা নাৰাখি ইজনে আনজনক সহায় কৰা, ওচৰ-চুবুৰীয়াৰ যিকোনো অনুষ্ঠানত ভাগ লোৱা, খবৰ লোৱা আদিতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। ইছলামত বিশেষকৈ ভাতৃত্ববোধৰ ওপৰত অতি বেছি গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে। আনকি নবী হজৰত মহম্মদে (ছ:) গছবোৰৰ অধিকাৰো ৰক্ষা কৰিছিল, ইছলামত জীৱন আৰু প্ৰকৃতি ৰক্ষা কৰাটো কিমান গুৰুত্বপূৰ্ণ সেইবিষয়েও নিদৰ্শন দেখুৱাই থৈ গৈছিল।
আনকি যুদ্ধ পৰিচালনা কৰোঁতেও বিভিন্ন নিয়ম আছে যিয়ে যুদ্ধৰ সীমা নিৰ্ধাৰণ কৰে। যাতে কোনো কাৰণতে মানৱতাবাদৰ উলঙ্ঘন নহয় আৰু সংযম নিশ্চিত কৰে। যুদ্ধৰ নিয়মৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ক্ষতি কমকৈ কৰা। সাধাৰণ নাগৰিকক সুৰক্ষা দিয়া আৰু যুদ্ধৰ সময়তো ন্যায় বজাই ৰখা।
হজৰত মহম্মদে (ছ:) যুদ্ধৰ সময়ত অযুঁজাৰু লোকসকলক যেনে, মহিলা, শিশু, সন্ন্যাসী আৰু বৃদ্ধ লোকক হত্যা কৰাটো স্পষ্টভাৱে নিষিদ্ধ কৰিছিল। শস্য, গছ, উপাসনাস্থলী ধ্বংস কৰাতো সম্পূৰ্ণৰূপে নিষেধ কৰিছিল।
ইছলামত যুদ্ধবন্দীসকলৰ লগত মানৱীয় ব্যৱহাৰ কৰা উচিত। কোৰআনে তেওঁলোকৰ প্ৰতি দয়া ৰাখিবলৈ নিৰ্দেশ কৰিছে। আনকি তেওঁলোকক দান-বৰঙণি হিচাপে বা মুক্তিপণৰ জৰিয়তে মুকলি কৰাৰো পৰামৰ্শ দিয়ে।
প্ৰতিনিধিত্বমূলক ছবি
“হয়তো তেওঁলোকক মানৱীয়তাৰ খাতিৰত মুক্ত কৰক, নহলে তেওঁলোকক যুদ্ধৰ শেষ হোৱালৈ মুক্তিপণ দিয়ক।” (কোৰআন ৪৭:৪)
ইছলামে ধৰ্মীয় স্বাধীনতাক গুৰুত্ব দিয়ে আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অনুমতি নিদিয়ে, আনকি সংঘাতৰ সময়তো। “ধৰ্মত কোনো বাধ্যবাধকতা নাই।” (কোৰআন ২:২৫৬) শত্ৰু পক্ষই শান্তি বিচাৰিলে শত্ৰুতা বন্ধ কৰক। যদি বিৰোধী পক্ষই শান্তিৰ বাবে আলোচনা কৰিব বিচাৰে, তেন্তে মুছলমানসকলে ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য। “আৰু যদি শত্ৰুৱে শান্তি বিচাৰে, তেন্তে মুছলমানসকলেও শান্তি বিচাৰক আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰক।” (কোৰআন ৮:৬১)
ইছলামে আত্মৰক্ষাৰ বাবে যুদ্ধৰ অনুমতি দিয়ে, যিদৰে কোৰআনত (২:১৯০) উল্লেখ কৰা হৈছে যে যুদ্ধ হ'লেও সীমা অতিক্ৰম কৰিব নালাগে। কেৱল প্ৰথমতে আক্ৰমণ আৰম্ভ কৰাসকলৰ বিৰুদ্ধে যুঁজ দিয়া হয়।
কোৰানত স্পষ্টকৈ উল্লেখ আছে যে, যুদ্ধ কেৱল তেতিয়াহে ন্যায্য হয়, যেতিয়া মুছলমানসকলক প্ৰথমতে আক্ৰমণ কৰা হয়। নিজকে ৰক্ষা কৰাৰ ক্ষেত্ৰত যুদ্ধৰ অনুমতি দিয়া হৈছে। যুদ্ধৰ অনুমতি দিলেও ই যাতে আগ্ৰাসন নহয়, তাৰবাবেও নিষিদ্ধ কৰা হৈছে।
ইছলামে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে যুদ্ধৰ অনুমতি দিয়ে। অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়ে। যাৰ লক্ষ্য হৈছে মানুহক নিজৰ বিশ্বাসক মুক্তভাৱে পালন কৰিবলৈ দিয়া।
ইছলামত বলপূৰ্বক ভাবে ধৰ্ম জাপি দিয়াটো নিষেধ আছে। বৰঞ্চ ধৰ্মীয় নিৰ্যাতন ৰোধ কৰা আৰু ন্যায় ৰক্ষা কৰাটো আদেশ কৰা হৈছে। ইছলামে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়াৰ পোষকতা কৰে। যদি কোনো নিৰীহ ধৰ্মীয় গোট বা ব্যক্তিক অত্যাচাৰ কৰা হৈছে, তেন্তে তাৰ বিৰুদ্ধে মুছলমানসকলক থিয় দিবলৈ উৎসাহিত কৰা হৈছে। "তোমালোকৰ এনে কি অসুবিধা আছে যে, তোমালোকে সমগ্ৰ মানৱ জাতিৰ নিপীড়িত লোকসকলৰ বাবে যুজঁ নিদিবা ?" (কোৰআন ৪.৭৫)
ইছলামিক শিক্ষাই যুদ্ধৰ অনুমতি দিয়ে কেৱল ন্যায় আৰু শান্তিৰ ৰক্ষাৰ বাবে। যাতে সমাজত ধনাত্মক ভাৰসাম্য ৰক্ষা হৈ থাকে। ইছলামত যুদ্ধক একেবাৰে শেষ উপায় হিচাপে দেখা যায়। যুদ্ধ নৈতিক নীতিৰ দ্বাৰা পৰিচালিত হয়, যিয়ে দয়া, সংযম আৰু ন্যায়ক অগ্ৰাধিকাৰ দিয়ে। শেষত মানৱীয় মৰ্যাদা বজাই ৰখাত গুৰুত্ব আৰোপ কৰে।
যুদ্ধৰ ওপৰত ইছলামৰ মূল শিক্ষা বুজিলে ভুল ধাৰণা দূৰ কৰাত সহায়ক হ’ব। আজিৰ সময়ত যুদ্ধ আৰু ইছলামিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজনীয়।