গুলাম কাদিৰ
আমি যেতিয়াই পশ্চিম এছিয়াত ক্ষমতাৰ কথা কওঁ, ইছলামিক বিপ্লৱ বা ইৰাণৰ ধৰ্মীয় ৰাজনীতিৰ কথা কওঁ, তেতিয়া প্ৰথমে আমাৰ মনলৈ আহে আয়াতুল্লাহ আলী খামেনেইৰ নাম। কিন্তু বৰ্তমানৰ এই জন 'সৰ্বোচ্চ নেতা' গৰাকীৰ কাহিনী জনাৰ পূৰ্বে আমি কেইখোজমান পিছুৱাই যাব লাগিব। সেই সময়লৈকে পিছুৱাই যাব লাগিব, য'ৰ পৰা এই সকলোবোৰ আৰম্ভ হৈছিল। সেইয়া হৈছে ভাৰতৰ এখন সৰু গাঁও 'কিন্তুৰ'ৰ পৰা।
উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ এইখন এখন অতি অচিনাকি গাঁও। আজিও সকলোকে ভাবিবলৈ বাধ্য কৰোৱাই যে, কেতিয়াবা কোনোবাই ভাবিছিল নে যে, এই সৰু গাঁওখনৰ ভূমিতে জন্মগ্ৰহণ কৰা এজন আধ্যাত্মিক সন্তই কেতিয়াবা ইৰাণৰ ৰাজনীতিৰ ভেটি স্থাপন কৰিব?
আয়াতুল্লাহ ৰুহোল্লাহ মুছাৱী খোমেনেই
এয়া হৈছে ১৯ শতিকাৰ আৰম্ভণিতে 'কিন্তুৰ' গাৱঁত জন্মগ্ৰহণ কৰা চৈয়দ আহমেদ মুছাৱীৰ কাহিনী। এই সময়ছোৱাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজৰ দখল শক্তিশালী কৰি তুলিছিল আৰু ধৰ্মীয় পণ্ডিতসকলে নিজৰ বিশ্বাসৰ সন্ধানত দূৰ-দিগন্তলৈ যাত্ৰা কৰিছিল।
আহমেদ মুছাৱী আছিল এগৰাকী ছিয়া ধৰ্মগুৰু। তেওঁৰ পৰম্পৰাগত শিক্ষা আৰু আধ্যাত্মিক প্ৰৱণতাই তেওঁক ইৰাকৰ পবিত্ৰ ছিয়া চহৰ নাজাফলৈ লৈ গৈছিল। ১৮৩০ চনত তেওঁ হজৰত আলীৰ দৰগাহত জীয়াৰত কৰাৰ বাবে উপস্থিত হৈছিল আৰু ইয়াৰ পিছত তেওঁ কেতিয়াও ভাৰতলৈ উভতি নাহিল।
ইৰাকৰ পৰা তেওঁ ইৰাণৰ খোমেইন চহৰলৈ গুচি গৈছিল আৰু তাতেই তেওঁ পৰিয়ালৰ সৈতে বসতি স্থাপন কৰি জীৱন অতিবাহিত কৰিছিল। কিন্তু ভাৰত কেতিয়াও তেওঁৰ পৰিচয়ৰ পৰা বিচ্ছিন্ন হৈ যোৱা নাছিল। কিয়নো তেওঁ নিজৰ নামৰ সৈতে ‘হিন্দী’ শব্দটো যোগ কৰি লৈছিল আৰু গোটেই জীৱন কটাইছিল।
ইৰাণৰ ৰজা শ্বাহনশ্বাহ ৰেজা পাহলৱী আৰু তেওঁৰ পত্নী ৰাণী ফাৰাহ
আজিও ইৰাণৰ নথি-পত্ৰত তেওঁৰ নাম "চৈয়দ আহমেদ মুছাৱী হিন্দী" বুলি লিপিবদ্ধ হৈ আছে। যিটো ভাৰতীয় ঐতিহ্যৰ এক জীয়া নিদৰ্শন। ১৮৬৯ চনত ইৰাকৰ কাৰ্বালা চহৰত তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ আধ্যাত্মিক চিন্তাধাৰা, তেওঁৰ নীতি আৰু তেওঁৰদ্বাৰা আৰম্ভ কৰা পৰম্পৰা এতিয়াও ইৰাণৰ ঈশ্বৰতান্ত্ৰিক ব্যৱস্থাৰ শিপাৰ মাজত দেখিবলৈ পোৱা যায়।
চৈয়দ আহমেদ মুছাৱীৰ নাতি আছিল ৰুহোল্লাহ খোমেইনী। সেই একেজনেই হৈছে আয়াতুল্লাহ খোমেইনী, যিয়ে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰিছিল আৰু ইৰাণৰ ইতিহাসৰ গতি সলনি কৰিছিল। আয়াতুল্লাহ খোমেইনীৰ জন্ম হৈছিল ১৯০২ চনত ইৰাণৰ খোমেইন চহৰত।
শৈশৱৰ পৰাই তেওঁ ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পিছলৈ ইৰাণৰ ক'ম চহৰত বসতি স্থাপন কৰিছিল, যিখন ছিয়া ইছলামিক শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ আছিল। ইৰাণত যেতিয়া শ্বাহনশ্বাহ ৰেজা পাহলৱীৰ ক্ষমতা বৃদ্ধি পাইছিল আৰু পশ্চিমীয়া দেশ বিশেষকৈ আমেৰিকাৰ সৈতে তেওঁৰ সম্পৰ্ক গভীৰ হবলৈ ধৰিছিল, তেতিয়া খোমেইনীয়ে সেই শক্তিৰ বিৰুদ্ধে মাত মাতিছিল।
১৯৪৩ চনত তেহৰাণ সন্মিলনৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ সৈতে শ্বাহৰ
তেওঁ ক্ষমতা আৰু পশ্চিমীয়া প্ৰভাৱৰ অত্যাচাৰী মনোভাৱৰ এক সমালোচক হৈ পৰিছিল। ফলত তেওঁ নিজৰ দেশৰ পৰা নিৰ্বাসিত হবলগীয়া হৈছিল। আৰু পিছত তেওঁ তুৰস্ক, ইৰাক আৰু শেষত ফ্ৰান্সত দিন কটাবলগীয়া হৈছিল। কিন্তু তেওঁৰ ধাৰণা আৰু তেওঁৰ বিপ্লৱী ধৰ্মধ্বনি ইৰাণত প্ৰতিধ্বনিত হৈ আছিল।
অৱশেষত ১৯৭৯ চনত খোমেইনীৰ নেতৃত্বত ইৰাণৰ জনসাধাৰণে শ্বাহৰ ক্ষমতা উফৰাই দিছিল আৰু নতুন ইছলামিক গণৰাজ্যৰ অস্তিত্ব আৰম্ভ কৰিছিল। য’ত ক্ষমতাৰ কেন্দ্ৰত এগৰাকী ধৰ্মীয় নেতাক "সৰ্বোচ্চ নেতা" হিচাপে গঢ়ি তোলা হৈছিল। এয়াই আছিল সেই বিপ্লৱ, যিয়ে আধুনিক বিশ্বক ধৰ্মীয় ৰাষ্ট্ৰৰ উদাহৰণ দাঙি ধৰিছিল, য’ত সংবিধান, আইন আৰু জনজীৱন, সকলো ইছলামিক নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল।
১৯৮৯ চনত খোমেইনীৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰ দখল কৰিবলৈ আন এগৰাকী গুৰুত্বপূৰ্ণ ভূমিকাৰ উন্মেষ ঘটিছিল। তেওঁ হৈছে আলী খামেনেই। ১৯৩৯ চনত ইৰাণৰ মাছহাদ চহৰত আলী খামেনেই জন্মগ্ৰহণ কৰিছিল। জাভাদ খামেনেইৰ আঠটা সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয়গৰাকী সন্তান। খামেনেই সৰুৰে পৰা ছিয়া ধৰ্মতত্ত্ব, পাৰ্চী সাহিত্য আৰু ইছলামিক ৰাজনীতি অধ্যয়ন কৰিছিল। তেওঁ খোমেইনীক নিজৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰিছিল। কিয়নো তেওঁ ইছলামিক বিপ্লৱৰ সময়ত খোমেইনীৰ সৈতে থিয় দিছিল। একে আনুগত্য আৰু প্ৰভাৱৰ বাবেই খোমেইনীৰ মৃত্যুৰ পিছত তেওঁক ইৰাণৰ দ্বিতীয় ‘সৰ্বোচ্চ নেতা’ হিচাপে নিযুক্তি দিয়া হৈছিল।

১৯৭৮ চনত ইৰাণত বিপ্লৱৰ সমৰ্থকসকলে তেহৰাণ বিশ্ববিদ্যালয়ত শ্বাহৰ এটা মূৰ্তি আঁতৰোৱাৰ এক দৃশ্য
আজি খামেনেই ৮৫ বছৰ অতিক্ৰম কৰি চাৰি দশকৰো অধিক সময় ইৰাণৰ সৰ্বোচ্চ ক্ষমতা দখল কৰি আছে। তেওঁৰ ক্ষমতা কেৱল ৰাজনৈতিক নহয়, ধৰ্মীয়, কৌশলগত আৰু কৌশলগত পৰ্যায়তো বিস্তৃত হৈ আছে। উপসাগৰীয় দেশসমূহৰ চুন্নী শক্তিৰ সন্মুখত তেওঁ ছিয়া নেতৃত্বৰ এক উজ্জ্বল প্ৰতীক। আমেৰিকা আৰু ইজৰাইলৰ দৰে পশ্চিমীয়া বিৰোধীৰ বিৰুদ্ধে ইৰাণৰ জাতীয়তাবাদৰ এখন জীয়া ছবি। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, খামেনেই ইৰাণক এক আঞ্চলিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। য’ৰ পৰা তেওঁ কেৱল লেবাননত হিজবুল্লাহ, য়েমেনত হাউথী বিদ্ৰোহী, ছিৰিয়াত বাছাৰ আল আছাদৰ চৰকাৰ আৰু ইৰাকত ছিয়া মিলিচীয়াক সমৰ্থন কৰাই নহয়। বৰং বিশ্বব্যাপী ইছলামিক গৱেষণাত তেওঁ কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।
শেহতীয়া বছৰবোৰত যেতিয়া ইজৰাইল আৰু ইৰাণৰ মুখামুখি হৈছিল, তেতিয়া খামেনেইৰ ভাষণে আৰব বিশ্ব, মুছলমান যুৱক-যুৱতী আৰু কৌশলগত বিশ্লেষকৰ মাজত এক প্ৰতিধ্বনিৰ সৃষ্টি কৰিছিল। এই সম্পূর্ণ কাহিনীটোত ভাৰতৰ সৈতে থকা এক নিৰৱ আৰু গৌৰৱময় সম্পৰ্কৰ সদায় জৰিত হৈ আছে। আয়াতুল্লাহ খোমেইনীৰ ককাৰ নামৰ সৈতে থকা ‘হিন্দী’ পৰিচয়, 'কিন্তুৰ' গাঁৱৰ ভূমি, আৰু বাৰাবাংকিৰ ঐতিহ্য এতিয়াও এক জীৱন্ত দস্তবেজস্বৰূপ। যিয়ে ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হোৱা আধ্যাত্মিক যাত্ৰাই কেনেকৈ এখন সমগ্ৰ দেশৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব পাৰে সেই কথা প্ৰতিফলিত কৰে।
আজি যেতিয়া আমি ইৰাণ-ইজৰাইল যুদ্ধৰ দৰে সংকট দেখিবলৈ পাওঁ আৰু যেতিয়া খামেনেইৰ কাৰ্য্যই ৰাষ্ট্ৰসংঘৰ পৰা কাবুল আৰু গাজালৈকে প্ৰভাৱ পেলায়, তেতিয়া এইটো বুজাটো প্ৰয়োজনীয় যে, এই কাহিনীও ভাৰতৰ ভূমিৰ পৰাই আৰম্ভ হৈছিল। এখন সৰু গাঁৱৰ পৰা, যিয়ে এতিয়া ইতিহাসৰ বিশ্বব্যাপী ধাৰাত নিজৰ নাম লিপিবদ্ধ কৰিছে।