এপলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হোৱা ভাৰতীয় বংশোদ্ভৱ প্ৰযুক্তিবিদ ছাবিহ খান
আৱাজ দ্য ভইচ অসম ব্যুৰ'
বিশ্বৰ তথ্য-প্ৰযুক্তি জগতৰ আগশাৰীৰ প্ৰতিষ্ঠান এপল ইনকৰ্পোৰেটে (Apple Inc) ভাৰতত জন্মগ্ৰহণ কৰা ছাবিহ খানক ইয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া (Chief Operating Officer) হিচাপে নিযুক্তি দিছে। নেতৃত্বৰ এক ডাঙৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰি এপল কোম্পানীয়ে কৈছে যে চিইঅ' টিম কুকৰ অধীনত পৰিকল্পিত উত্তৰাধিকাৰী কৌশলৰ অংশ হিচাপে ছাবিহ খানে এই মাহৰ শেষৰ ফালে দীৰ্ঘদিনীয়া কাৰ্যবাহী জেফ উইলিয়ামছৰ স্থান ল'ব।
বৰ্তমান অপাৰেশ্যন বিভাগৰ জ্যেষ্ঠ উপাধ্যক্ষ হৈ থকা ছাবিহ খান ১৯৯৫ চনৰ পৰা এপলৰ সৈতে আছে আৰু কোম্পানীৰ বিশ্বব্যাপী যোগান শৃংখলা পৰিৱৰ্তন কৰাৰ বাবে তেওঁক বহুলভাৱে স্বীকৃতি দিয়া হয়। ২০১৯ চনৰ পৰা তেওঁ বিশ্বজুৰি নিৰ্মাণ, যোগানদাতা দায়িত্ব আৰু পৰিৱেশীয় বহনক্ষমতা প্ৰচেষ্টা তত্ত্বাৱধান কৰি এপলৰ অপাৰেচন দলক নেতৃত্ব দিছে। চিঅ'অ' হিচাপে ছাবিহ খান টীম কুকৰ পিছতে টেক ফাৰ্মৰ দ্বিতীয় স্থানপ্ৰাপ্ত বিষয়া হ'ব।
উল্লেখ্য যে, ৫৮ বছৰীয়া কাৰ্যবাহীজনৰ জন্ম হৈছিল ১৯৬৬ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত। স্কুলীয়া দিনত তেওঁ ছিংগাপুৰলৈ গুচি গৈছিল। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী আৰু ৰেন্সেলাৰ পলিটেকনিক ইনষ্টিটিউটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
এপলৰ উদ্ভাৱনীমূলক প্ৰডাক্টসমূহ বজাৰত মুকলি কৰাত ছাবিহ খানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এপলৰ পূৰ্বে, তেওঁ জিই প্লাষ্টিক (GE Plastics)ত এপ্লিকেশ্যন ডেভেলপমেণ্ট ইঞ্জিনিয়াৰ আৰু কী একাউণ্ট টেকনিকেল লিডাৰ (key account technical leader) হিচাপে কাম কৰিছিল।
খানৰ পদোন্নতি এপলৰ নেতৃত্বৰ বিকাশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। তেওঁৰ গভীৰ কাৰ্য্যকৰী দক্ষতা আৰু কোম্পানীৰ ভিতৰত দীৰ্ঘকালীন কাৰ্যকালে তেওঁক উইলিয়ামছৰ স্বাভাৱিক উত্তৰাধিকাৰী হিচাপে পৰিগণিত কৰিছে, যি প্ৰায় তিনি দশক সেৱা কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰিব।
২০১৫ চনত চিফ অপাৰেটিং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰা জেফ উইলিয়ামছে এপ'লৰ বিশ্বব্যাপী কাৰ্যকলাপৰ সম্প্ৰসাৰণ কৰাৰ লগতে এপল ৱাটচ (Apple Watch)ৰ বিকাশৰ নেতৃত্ব দিছিল আৰু স্বাস্থ্য প্ৰযুক্তিৰ ওপৰত কোম্পানীৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ভেটি স্থাপন কৰিছিল।
কেলিফৰ্নিয়াৰ কাপাৰ্টিনোত মুখ্য কাৰ্যালয় থকা এপল হৈছে গোলকীয় প্ৰযুক্তি জগতৰ এক শক্তিশালী প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে আইফোন, আইপেড, মেক, এপল ঘড়ী আৰু এয়াৰপডছকে ধৰি কেইবাটাও যুগান্তকাৰী সামগ্ৰীৰ বাবে জনাজাত। কোম্পানীটোৱে আই অ' এছ, মেক অ' এছ, ৱাটচ অ'এছ আৰু এপ ষ্ট'ৰ, আইক্লাউড, এপল মিউজিক আৰু এপল টিভি+ৰ দৰে সেৱাও আগবঢ়ায়। ইয়াৰ বজাৰ মূলধন প্ৰায় ৩.২৮ ট্ৰিলিয়ন ডলাৰ।
১৯৭৬ চনত ষ্টিভ জবছ, ষ্টিভ ৱজনিয়াক আৰু ৰোনাল্ড ৱেইনে প্ৰতিষ্ঠা কৰা এপল বিশ্বৰ আটাইতকৈ মূল্যৱান আৰু প্ৰভাৱশালী কোম্পানীসমূহৰ ভিতৰত এটা অন্যতম।