উল্লেখ্য যে, এমি মনোনীত শ্ব’ ‘কট ইন প্ৰভিডেন্স’ (Emmy-nominated show ‘Caught in Providence’)ত অভিনয় কৰা কেপ্ৰিঅ’ পেনক্ৰিয়াচৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। ৮৮ বছৰীয়া ন্যায়াধীশ ফ্ৰেংক কেপ্ৰিঅ’ই ইনষ্টাগ্ৰামত ৩২ লাখ ফ’ল’ৱাৰক নিজৰ স্বাস্থ্যৰ বিষয়ে নিয়মীয়াকৈ আপডেট দি আহিছিল।
২০ আগষ্টত তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰসকলৰ সৈতে এটা দুখজনক বিবৃতি শ্বেয়াৰ কৰা হৈছে যে “পেনক্ৰিয়াটিক কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া আৰু সাহসী যুঁজৰ অন্তত ৮৮ বছৰ বয়সত ন্যায়াধীশ ফ্ৰেংক কেপ্ৰিঅ’ই শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে।”
Rest in peace, the wonderful and kind Judge Frank Caprio (1936–2025). pic.twitter.com/AlzQtAqb0K
— Colm Flynn (@colmflynnire) August 20, 2025
বিবৃতিটোত লিখা আছিল, “মানুহৰ মংগলৰ বাবে তেওঁ সদায় দয়া, মমতা আৰু নম্ৰতা প্ৰদৰ্শন কৰিছিল। ন্যায়াধীশ কেপ্ৰিঅ’ই আদালতৰ ভিতৰে-বাহিৰে নিজৰ কামৰ জৰিয়তে লাখ লাখ লোকৰ জীৱন চুই গৈছিল। তেওঁৰ আন্তৰিকতা, হাস্যৰস আৰু দয়াই সকলোৰে জীৱনক প্ৰভাৱিত কৰি ৰাখিছিল। কেৱল এজন সন্মানীয় বিচাৰক হিচাপেই নহয়, এজন নিষ্ঠাবান স্বামী, পিতৃ, ককা আৰু বন্ধু হিচাপে তেওঁক সদায় স্মৰণ কৰা হ’ব।"
আমেৰিকাৰ অন্যতম দয়ালু ন্যায়াধীশ হিচাপে পৰিচিত কেপ্ৰিঅ’ই ৰোড আইলেণ্ডৰ প্ৰভিডেন্স পৌৰ আদালতত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৬ চনৰ ২৪ নৱেম্বৰত ৰোড আইলেণ্ডৰ প্ৰভিডেন্সত জন্মগ্ৰহণ কৰা ফ্ৰেংক কেপ্ৰিঅ’ আছিল ইটালী-আমেৰিকান প্ৰব্ৰজনকাৰীৰ পুত্ৰ।
১৯৮৫ চনৰ পৰা ২০২৩ চনত অৱসৰ লোৱালৈকে তেওঁ প্ৰভিডেন্স পৌৰ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দয়া আৰু মৰমৰ বাবে বিশেষভাৱে পৰিচিত ফ্ৰেংক কেপ্ৰিঅ’ই অভিযুক্তসকলক প্ৰায়ে দ্বিতীয়বাৰৰ বাবে সুযোগ দিছিল আৰু সকলোকে সহানুভূতিৰে ব্যৱহাৰ কৰিছিল, যাৰ ফলত তেওঁ "পৃথিৱীৰ আটাইতকৈ মৰমিয়াল বিচাৰক" বুলি উপনাম লাভ কৰিছিল।Oh man…RIP Judge Frank Caprio 🙏
— Wu Tang is for the Children (@WUTangKids) August 20, 2025
"Be kind to people"
pic.twitter.com/6lrggFi0mP