আৱাজ দ্য ভইচ অসম ব্যুৰ'
অসম আৰু অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ মঙলবাৰে পঞ্চভূতত বিলীন গৈ গ'ল। ইয়াৰ লগে লগে অন্ত পৰিল এটা স্বৰ্ণিল যুগৰ। সোণাপুৰৰ সেউজে আৱৰা ভূমিত জুবিনে চিৰদিনৰ বাবে বিশ্ৰাম লৈছে। প্ৰকৃতিক মনে-প্ৰাণে ভাল পোৱা শিল্পীগৰাকী এতিয়া প্ৰকৃতিৰ বুকুত গভীৰ প্ৰশান্তিৰে শুই আছে। জুবিনবিহীন অসমক আজি এক বৃহৎ শূন্যতাই খেদি ফুৰিছে।
এনে সময়তে অসমবাসীৰ মাজত চৰ্চিত হোৱা এটা অন্যতম বিষয় হৈছে--জুবিন গাৰ্গক মুখাগ্নি কৰাত ভগ্নী পালমী বৰঠাকুৰ আৰু প্ৰতিভাৱান গীতিকাৰ তথা জুবিনৰ শুভাকাংক্ষী ৰাহুল গৌতম শৰ্মাক সহযোগ কৰা যুৱক অৰুণ গাৰ্গ প্ৰকৃততে কোন? প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে অৰুণ গাৰ্গৰ সম্পৰ্ক কি?
এই প্ৰতিবেদনত আমি অৰুণ গাৰ্গৰ বিষয়ে জানিব চেষ্টা কৰিম। তেওঁৰ এই কাহিনীৰ সৈতে হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ মহানুভৱতা আৰু সৰলতাৰ এখন নেদেখা ছবিও প্ৰতিফলিত হয়। এই কাহিনী যিমানেই হৃদয়স্পৰ্শী সিমানেই প্ৰেৰণাদায়কো।
জুবিনৰ মুখাগ্নিৰ সময়ত অৰুণ চাচনী (একেবাৰে সোঁফালৰজন)
উল্লেখ্য যে, শিৱসাগৰৰ দৌলবাগানৰ চাহ জনজাতি সম্প্ৰদায়ৰ অৰুণ চাচনী (Arun Sachani)য়ে সৰুৰে পৰাই জুবিনক আদৰ্শ হিচাপে গণ্য কৰিছিল। সৌভাগ্যক্ৰমে এদিন তেওঁ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিনৰ ঘৰৰ সহকৰ্মী হৈ পৰিছিল। জুবিনৰ পৰিয়ালৰ সৈতে অৰুণৰ এক আন্তৰিক বন্ধন গঢ়ি উঠিছিল, যি বন্ধুত্বতকৈ বহু উৰ্ধত। জুবিন আৰু তেওঁৰ পত্নী গৰিমাৰ লগত অৰুণৰ ঘনিষ্ঠতা বাঢ়ি অহাত এদিন জুবিনে তেওঁৰ স্বভাৱসুলভ উদাৰতা আৰু আন্তৰিকতাৰ পৰিচয় দি আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰা অৰুণৰ নাম 'অৰুণ চাচনী'ৰ পৰা 'অৰুণ গাৰ্গ'লৈ সলনি কৰি দিয়ে।
এদিন ঘৰৰ কামকৰা ল'ৰা হিচাপে জুবিনৰ ঘৰত প্ৰৱেশ কৰা অৰুণক জুবিনৰ পৰিয়ালে মুখাগ্নিৰ বাবে বাচনি কৰাৰ পিছতে জুবিন গাৰ্গৰ আন এক মহানুভৱতা চৰ্চালৈ আহে। জুবিনৰ শেষকৃত্য অনুষ্ঠানত অৰুণৰ উপস্থিতিয়ে জুবিনৰ মহানতা, সৰলতা আৰু উদাৰতাক প্ৰতিফলিত কৰে। জুবিন যে খাঁটি খোৱা, দুখীয়া-নিছলা সকলোৰে কথা চিন্তা কৰা এগৰাকী প্ৰকৃত শিল্পী আছিল, সেয়া ইয়াৰ পৰাই প্ৰমাণ হয়।
বাছত কাম কৰা অৰুণ চাচনীক এদিন জুবিনে গুৱাহাটীলৈ আনি জুবিনৰ পৰিয়ালৰ সদস্য কৰি লৈছিল৷ অৰুণক কাহিলিপাৰাত একেলগে ৰাখিছিল জুবিন-পৰিয়ালে৷ জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই 'গাৰ্গ' উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল৷ তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা আছিল৷
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহানতা আৰু উদাৰতা ইয়াতে অন্ত নপৰে। জুবিন আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নিজৰ সন্তান নাছিল যদিও তেওঁলোকে ১৫টাকৈ অভাৱগ্ৰস্ত সন্তানক নিজৰ কৰি লৈছিল আৰু তেওঁলোকৰ জীৱন সলনি কৰিছে। ইয়াৰ ভিতৰত অন্যতম কাজলী (Kajali)য়ে তেওঁৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল।
কাজলী হৈছে জুবিনৰ পিতৃত্বৰ সপোনক নতুন অৰ্থ প্ৰদান কৰা এজনী মৰমলগা ছোৱালী। এদিন কৰ্মস্থলীৰ পৰা উভতি আহোঁতে জুবিনে ৰাস্তাত কাজলীক লক্ষ্য কৰিছিল। সেই সময়ত কাজলীয়ে মানুহৰ ঘৰত সহায়িকা হিচাপে কাম কৰি আছিল আৰু বিভিন্নজনৰ পৰা অহৰহ নিৰ্যাতনৰ সন্মুখীন হৈ আছিল।
জুবিনে কাজলীক কেৱল উদ্ধাৰ কৰাই নহয়, তাইৰ বাবে আইনী যুঁজ দিয়ে আৰু এই যুঁজত জয়ী হৈ কাজলীক নিজৰ কন্যা হিচাপে গ্ৰহণ কৰি লয়। জুবিনে কাজলীৰ পঢ়া-শুনাৰ লগতে প্ৰতিটো প্ৰয়োজনৰ দায়িত্ব লৈছিল। তেওঁৰ পত্নী গৰিমাই এই ক্ষেত্ৰত জুবিনক প্ৰতিটো খোজতে সহায় কৰিছিল। তেওঁ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনৰ শক্তি হৈ পৰিছিল আৰু ১৫টা তুলি লোৱা সন্তানৰ মাতৃ হিচাপে দায়িত্ব পালন কৰিছিল।
উল্লেখ্য যে, জুবিন আৰু গৰিমাই একেলগে মানৱতা আৰু প্ৰেমক সদায় সকলোতকৈ ওপৰত স্থান দিছিল। সময়ে সময়ে তেওঁলোকে বানপীড়িত লোকক সহায় কৰিছিল, ক’ভিডৰ সময়ত তেওঁলোকৰ ঘৰখনক কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰ কৰিছিল, আৰু এই পৰিত্যক্ত শিশুসকলক এটা পৰিয়াল দিছিল।
জুবিন গাৰ্গ নামৰ উজ্জল সত্ত্বাটোৰ মৃত্যু হ'লেও তেওঁৰ সংগীত আৰু মহানুভৱতা কেতিয়াও শেষ হৈ যোৱা নাই। তেওঁৰ সংগীত আৰু মহানুভৱতাই চিৰদিনৰ বাবে আমাৰ হৃদয় আলোকিত কৰি ৰাখিব।