কিন্তু আজি প্ৰায় পাঁচ বছৰীয়া অক্লান্ত পৰিশ্ৰম আৰু নিষ্ঠাৰ অন্তত এই গাঁওসমূহৰ ভূ-প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হৈছে। এসময়ত আতংকৰ বীজ সিঁচি থকা ভূমিখনে এতিয়া উন্নয়ন আৰু আশাৰ শস্য উৎপন্ন কৰিছে।
এসময়ত মানুহক ঘৰত বন্দী কৰি ৰখা সেইখন খেলপথাৰেই এতিয়া ক্ৰীড়া আৰু সামাজিক কাম-কাজৰ স্থান হৈ পৰিছে। শিল নিক্ষেপকাৰীসকলৰ হাতত শিলৰ পৰিৱৰ্তে এতিয়া বেট আৰু বল দেখা গৈছে। আৰু এই গাঁৱৰ ৰাজপথত এতিয়া আৰু শুনা নাযায় জোৱানৰ ভৰিৰ খোজৰ শব্দ।
এই পৰিৱৰ্তন অৱশ্যে এদিনতে হোৱা নাছিল; অসম্ভৱক সম্ভৱ কৰি তোলা এজন মানুহৰ আবেগ আৰু সাহসৰ কাহিনী এই পৰিৱৰ্তনৰ সৈতে জড়িত হৈ আছে। এম বি এ স্নাতক মুদাছাৰ আহমেদ ডাৰ (৩০)ক পুলৱামাৰ এই পাঁচখন "ক'লা গাঁও"ৰ ভাবমূৰ্তি সলনি কৰাৰ কৃতিত্ব দিয়া হয়। স্থানীয় বাসিন্দাসকলে কয় যে প্ৰায় দুহাজাৰ জনসংখ্যাৰ লালাহৰ-কাকাপুৰা, ডেৰ-দুইৰ পৰা তিনি হাজাৰ জনসংখ্যাৰ কৰিমাবাদ, গুলজাৰপুৰা-আৱন্তীপুৰা, পাঁচ হাজাৰ জনসংখ্যাৰ দৰবাগামৰ দৰে গাঁওবোৰ এসময়ত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আছিল।
প্ৰথম দিনবোৰৰ কথা মনত পেলাই মুদাছাৰ ডাৰে কয় যে যেতিয়া তেওঁ এই কামবোৰ আৰম্ভ কৰিছিল তেতিয়া মানুহে তেওঁক "ভাৰতীয় এজেণ্ট" আৰু "তথ্যদাতা" বুলি কৈছিল। এই শব্দবোৰৰ অৰ্থ আছিল যে তেওঁ ভাৰত-বিৰোধীসকলৰ শত্ৰু, আৰু তেওঁৰ শাস্তি মৃত্যুদণ্ড।
আৰম্ভণি পৰ্যায়ত মুদাছাৰে সন্মুখীন হোৱা প্ৰতিবাদ
মুদাছাৰে বুজাইছে যে ২০২০ চনত যেতিয়া তেওঁ লালহৰপুৰাত ক্ৰিকেট খেলৰ আয়োজন কৰিছিল, তেতিয়া তেওঁ গম পাইছিল যে ওচৰৰ গাঁৱৰ এজন সন্ত্ৰাসবাদীয়ে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এই সময়ছোৱাত তেওঁ অসংখ্য ভাবুকি লাভ কৰিছিল। কিন্তু তেওঁৰ এই প্ৰচেষ্টাই পৰিস্থিতি ইমানেই সলনি কৰি পেলাইছে যে মুদাছাৰ আহমেদ ডাৰ ক্ৰমান্বয়ে পাঁচখন "ক'লা গাঁও"ৰ বাসিন্দাসকলৰ ত্ৰাণকৰ্তা হৈ পৰে। বৃদ্ধই হওক বা ল'ৰা-ছোৱালীয়েই হওক, এতিয়া সকলোৱে তেওঁক "মুদাছাৰ ভাইয়া" বুলি কয়।
সমস্যা যিয়েই নহওক কিয়, তেওঁলোকে প্ৰথমে মুদাছাৰৰ সৈতে যোগাযোগ কৰে। মুদাছাৰৰ এই প্ৰচেষ্টাৰ বাবেই এতিয়া গাঁওবাসীয়ে নিজৰ সমস্যা লৈ চৰকাৰী কাৰ্যালয় আৰু আৰক্ষী থানাৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে। বিগত কেইবাবছৰ ধৰি তাত শিলগুটি নিক্ষেপৰ ঘটনা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
এই "ক'লা গাঁও"সমূহৰ ৰূপান্তৰৰ ইয়াতকৈ দৃষ্টান্তমূলক উদাহৰণ কি হ'ব পাৰে, য'ত হাজাৰ হাজাৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনাত গোট খাই নিহত সন্ত্ৰাসবাদীক মহিমামণ্ডিত কৰিবলৈ পাকিস্তানী পতাকা উৰুৱাইছিল, সেই স্থানত এতিয়া গাঁওৱাসীয়ে গৌৰৱেৰে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছে।
এই পথাৰখনৰ ওচৰতে এটা "শ্বহীদ কবৰস্থান" আছে, য'ত নিহত সন্ত্ৰাসবাদীক সমাধিস্থ কৰা হৈছিল। নব্বৈৰ দশকত নিহত এজন বিশিষ্ট সন্ত্ৰাসবাদীৰ কবৰ এতিয়াও থিয় হৈ আছে, কিন্তু তাত ধূপ কাঠি জ্বলাবলৈ কোনো নাই। এই কথাই প্ৰমাণ কৰিছে যে ভয়ৰ ঠাইত এতিয়া সন্মান আৰু দেশপ্ৰেমক গাঁওৱাসীয়ে আঁকোৱালি লৈছে।
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুদাছাৰে কয় যে, “এই গাঁওসমূহৰ লোকসকল প্ৰশাসনৰ সৈতে সম্পূৰ্ণৰূপে সংস্পৰ্শলৈ অহাৰ লগে লগে ইয়াত উন্নয়নৰ কাম এতিয়া দ্ৰুতগতিত আগবাঢ়িছে। ইয়াত এখন চিকিৎসালয়ো নিৰ্মাণ কৰা হৈছে। তদুপৰি গাঁওবাসীৰ অনুৰোধত ক্ৰীড়া পৰিষদৰ সহায়ত চৰকাৰে লালাহৰপুৰাত ক্ৰিকেট খেলপথাৰ গঢ়ি তুলিছে। এই খেলপথাৰত যেতিয়া ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল, তেতিয়া পুলিচ আৰু প্ৰশাসনৰ বিষয়াসকলক পুষ্পবৃষ্টি কৰা হয়। এইসকল লোকেই কিন্তু কিছু বছৰ আগলৈ আৰক্ষী আৰু সেনালৈ শিলগুটি নিক্ষেপ কৰিছিল।”
মুদাছাৰে কয় যে স্থানীয় জিলা দণ্ডাধীশে পাঁচখন "ক'লা গাঁও"ৰ বাসিন্দাসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। পুলৱামাৰ এই গাঁওসমূহৰ ৰূপান্তৰ কেৱল এটা অঞ্চলৰ ৰূপান্তৰ নহয়, সমগ্ৰ কাশ্মীৰত পৰিৱৰ্তনৰ আশা।
এই কাহিনীটোৱে দেখুৱাইছে যেতিয়া মানুহে ঘৃণা ত্যাগ কৰি বিকাশ আৰু ভাতৃত্ববোধক আকোৱালি ল'লে অভূতপূৰ্ব পৰিৱৰ্তন ঘটে। মুদাছাৰ আহমদ ডাৰ আৰু তেওঁৰ সতীৰ্থসকলে প্ৰমাণ কৰিলে যে সন্ত্ৰাসবাদক বন্দুকৰে পৰাস্ত কৰিব নোৱাৰি, বৰঞ্চ মানৱতা, সাহস, বিশ্বাসেৰেহে পৰাস্ত কৰিব পাৰি।